Logo
image

ভাৰতৰ পৰাজয় উদ্‌যাপন কৰি ইউএপিএত গ্ৰেপ্তাৰ ৭ কাশ্মীৰী ছাত্ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ নৱেম্বৰঃ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত আয়োজক দেশ ভাৰতৰ পৰাজয়ত যেতিয়া সমগ্ৰ দেশ ম্ৰিয়মান, তেতিয়া টীম ইণ্ডিয়াৰ পৰাজয়ত আনন্দোল্লাস প্ৰকাশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে জম্মু-কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সাতজন ছাত্ৰক৷ ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা কেন্দ্ৰীয়শাসিত প্ৰদেশখনৰ এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ সাতজনক উলা-মুলা আইনৰ অধীনত নহয়, গ্ৰেপ্তাৰ কৰা হৈছে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন অৰ্থাৎ কঠোৰ ইউএপিএ-ৰ অধীনত৷ সাধাৰণতে ইউএপিএ আইনৰ অধীনত সন্ত্ৰাসবাদী কাৰ্যকলাপ বা সশস্ত্ৰ কাৰ্যকলাপত জড়িত অভিযুক্তকহে গ্ৰেপ্তাৰ কৰা হয়৷ তদুপৰি গ্ৰেপ্তাৰ কৰা ছাত্ৰ কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কঠোৰ আইনো আৰোপ কৰা হৈছে৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি জম্মু-কাশ্মীৰ বিশ্ববিদ্যালয়ৰ অধীনৰ শ্বেৰ-ই-কাশ্মীৰ বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত অধ্যয়নৰত এই সাতজন কাশ্মীৰী ছাত্ৰই অষ্টে˜লিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটো পৰাজিত হোৱাৰ পাছত আনন্দ প্ৰকাশ কৰিছিল৷ আৰক্ষীয়ে সাত কাশ্মীৰী ছাত্ৰক এই অপৰাধত গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ দৰে আইন আৰোপ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জম্মু-কাশ্মীৰৰ দুই শক্তিশালী ৰাজনৈতিক দল নেচনেল কনফাৰেন্স আৰু পিডিপিয়ে কৈছে যে, ভাৰতীয় দলৰ পৰাজয়ত আনন্দ উদ্‌যাপন কৰা সাতজন বিশ্ববিদ্যালয়ৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰাটো দেশৰ অৰাজকতাৰ স্পষ্ট লক্ষণ৷ তদুপৰি তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ দৰে আইন আৰোপ কৰাটোত হয় কেন্দ্ৰীয় চৰকাৰৰ মদগৰ্বিতা প্ৰকাশ পাইছে, নহয় এই কঠোৰ আইনখনক সাধাৰণ অপৰাধত ব্যৱহাৰ কৰি আইনখনক কেন্দ্ৰীয় চৰকাৰে আইনখনকে লঘূ কৰিছে৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি আৰু ওমৰ আব্দুল্লাই কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ তেওঁলোকৰ দাবী, ভাৰতত যে এতিয়া গণতন্ত্ৰ নাই আৰু একনায়কত্ববাদ চলি আছে, সেয়া এই গ্ৰেপ্তাৰে উন্মোচন কৰি দিছে৷ কিয়নো গণতান্ত্ৰিক দেশৰ নাগৰিকে এখন খেলত যিকোনো দলক সমৰ্থন বা বিৰোধিতা কৰিব পাৰে৷ পিছে ভাৰত গণতান্ত্ৰিক দেশ হ’লেও এতিয়াৰ চৰকাৰৰ শাসনত দেশৰ নাগৰিকৰ নিজা মত প্ৰকাশৰ স্বাধীনতা নাই৷ সেয়া প্ৰমাণ কৰিয়েই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এনেদৰে সাতজন কাশ্মীৰী ছাত্ৰক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰোপ কৰা আইন ব্যৱহাৰ কৰিছে বুলি মেহবুবা মুফটি আৰু ওমৰ আব্দুল্লাই মন্তব্য কৰিছে৷