Logo
image

পুত্ৰক চৰকাৰী স্কুলত পঢ়ুৱাই দৃষ্টান্ত দাঙি ধৰিছে আইএএছ ছাত্তাৱানে

লখিমপুৰৰ পৰা কুমুদ শইকীয়া ,আমাৰ অসমঃ উপদেশতকৈ আৰ্হি ভাল– এই কথাৰ যথাৰ্থতা প্ৰতিপন্ন কৰিছে এজন আইএএছ বিষয়াই৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অসম-মেঘালয় কেডাৰৰ এই বিষয়াজনৰ নাম সুমিত ছাত্তাৱান৷ সম্প্ৰতি লখিমপুৰৰ জিলা আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ছাত্তাৱানক শেহতীয়াভাৱে বদলি কৰা হৈছে কামৰূপ মহানগৰৰ জিলা আয়ুক্ত হিচাপে৷ দুই-এদিনতে নতুন দায়িত্বত যোগ দিব ছাত্তাৱানে৷ বিষয়াৰ বদলি,  পদোন্নতি বা ৰদ-বদল স্বাভাৱিকতে সাধাৰণ ঘটনা যদিও লখিমপুৰৰ পৰা মহানগৰ জিলালৈ বদলি কৰাৰ সমান্তৰালভাৱে শেহতীয়াভাৱে পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সুমিত ছাত্তাৱান৷ কিয়নো বহিঃৰাজ্যৰ এই আইএএছ বিষয়াজনে তেওঁৰ কণমানি সন্তানক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়ুৱাইছে৷ যি সময়ত অসমৰ বুজনসংখ্যক ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ উপৰি সাহিত্য-সংস্কৃতি-ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সিংহভাগেই তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছে, সেই সময়তে বেলেগ এখন ৰাজ্যৰ পৰা আহি অসমত চাকৰি কৰা সুমিত ছাত্তাৱানে তেওঁৰ সন্তানক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নাম লিখাই দিয়া ঘটনাই স্বাভাৱিকতে বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ অসমৰ জাতীয়তাবাদী-ৰাষ্ট্ৰীয়তাবাদী, সোঁপন্থী-বাওঁপন্থী-উদাৰপন্থী শিবিৰৰ সিংহভাগেই অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়ত ল’ৰা-ছোৱালী পঢ়ুওৱাৰ কথা কয় যদিও ইয়াৰে বুজনসংখ্যকেই নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱায়৷ অসমৰ চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যি সময়ত বুজনসংখ্যক অসমীয়া বিষয়াই কাৰ্যতঃ লজ্জা অনুভৱ কৰে, সেই সময়তে সুমিত ছাত্তাৱানে কেৱল চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰা কাৰ্যৰ পোষকতা কৰাই নহয়, নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নাম লিখাই দি এই কথা প্ৰমাণ কৰি দিলে যে অন্ততঃ এইটো ক্ষেত্ৰত বহিঃৰাজ্যৰ এই আইএএছ বিষয়াজনৰ কথা আৰু কামৰ মাজত সামঞ্জস্য আছে৷ পুত্ৰক অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়ুৱাই স্বাভাৱিকতে এক অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিছে মেট্ৰ’ জিলাৰ নতুন আয়ুক্ত সুমিত ছাত্তাৱানে৷

গুৱাহাটীমুখী ইচৰিত, সমনীয়াৰ মনত বেজাৰ

দেউতাকৰ লগত লখিমপুৰ এৰি গুৱাহাটীলৈ যাবলৈ ওলাইছে মাষ্টাৰ ইচৰিত ছাত্তাৱান৷ সেইবাবেই ইচৰিতৰ অন্তৰংগ বন্ধু আৰ্হি, আভিকা, চন্ধিকা, বেদান্ত, আয়ুসহঁতৰ মনত বেজাৰ৷ সিহঁতে আৰু কোনোদিন ইচৰিতৰ লগত একেলগে খেলিবলৈ নাপায়৷ ইচৰিত লখিমপুৰৰ সদ্যবিদায়ী জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ ৪২মহীয়া পুত্ৰ৷ সুমিত ছাত্তাৱানক চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰাৰ বাবে উত্তৰ লখিমপুৰ নগৰৰ ৬নং ৱাৰ্ডত থকা পি ডব্লিউ ডি কলনিৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোত কাৰ্যতঃ বিষাদৰ ছাঁ পৰিছে৷ এইজন জিলা আয়ুক্তই নিজৰ একমাত্ৰ পুত্ৰক লখিমপুৰৰ এখন অসমীয়া মাধ্যমৰ প্ৰাক্‌ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল৷ সেইবাবেই পি ডব্লিউ ডি কলনিৰ অংগনৱাড়ী কেন্দ্ৰটোৰ বহুজনৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল ইচৰিতৰ৷ বহিঃৰাজ্যৰ আইএএছ বিষয়া সুমিত ছাত্তাৱানে পুত্ৰ ইচৰিতক উত্তৰ লখিমপুৰ নগৰৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোত আঢ়ৈ বছৰ বয়সতে নাম লিখাই দিছিল, অসমীয়া মাধ্যমত জীৱনৰ আদিপাঠ শিকাৰ ব্যৱস্থা কৰিছিল পুত্ৰৰ৷ নিজৰ গাঁঠিৰ ধন ভাঙি অংগনৱাড়ী কেন্দ্ৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাই দিছিল ছাত্তাৱানে৷ ২০২২ চনৰ মাৰ্চ মাহত কেন্দ্ৰটোত নামভৰ্তি কৰাৰ পাছত বৰ্তমানলৈকে এই কেন্দ্ৰটোতে শিক্ষাগ্ৰহণ কৰি আছে ইচৰিতে৷ অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী বিনীতা ফুকন দাসৰ উপৰি ৰুম্পি দে’ নামৰ সহায়িকাগৰাকীয়ে ইচৰিতৰ লগতে কেন্দ্ৰটোৰ ৪২টি কণ কণ শিশুক শিক্ষাদান কৰি আছে৷ ইচৰিতৰ পিতৃয়ে অংগনৱাড়ী কেন্দ্ৰটো সুন্দৰকৈ সজাই তোলাই নহয়, নিজৰ পুত্ৰক প্ৰায়েই কেন্দ্ৰটোলৈ অনা-নিয়া কৰে৷ ছুটীৰ সময়ত প্ৰায়েই ইচৰিতক কেন্দ্ৰটোৰ পৰা ঘৰলৈ আনে মাতৃ ধ্ৰুৱতা শৰ্মাই৷ বিনীতা ফুকন দাসক প্ৰায়েই ইচৰিতৰ ঘৰলৈ নিমন্ত্ৰণ জনায় ধ্ৰnৱতা শৰ্মাই৷ বিনীতা ফুকনৰ কন্যা আৰ্হি ইচৰিতৰ সমনীয়া৷ আটাইকেইজনে জিলা আয়ুক্তৰ চৰকাৰী আৱাসত প্ৰায়েই খেলা-ধূলা কৰে৷ সোমবাৰে বিয়লি লখিমপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে বিদায়ী জিলা আয়ুক্ত সুমিত ছাত্তাৱানক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ দুই-এদিনতে পিতৃ-মাতৃৰ সৈতে লখিমপুৰ এৰি গুৱাহাটীলৈ যাব কণমানি ইচৰিত৷