Logo
image

৫ টকাত এসাঁজ! ভোটৰ সময়ত মমতাৰ যাদু

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ অসমৰ এজন মন্ত্ৰীয়ে এসময়ত আঢ়ৈ টকাত এসাঁজ ভাত খাব পাৰে বুলি কওঁতে দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল৷ সেই একে সময়তে তামিলনাডু চৰকাৰে পাঁচ টকাত এসাঁজকৈ ভাত খুৱাইছিল ৰাজ্যখনত স্থাপন কৰা আম্মা কেণ্টিনত৷ সেই ঘটনাৰ সাত বছৰ অতিক্ৰম কৰাৰ পাছত এতিয়া বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে মমতা বেনাৰ্জী চৰকাৰে কলকাতাত দৰিদ্ৰ লোকক পাঁচ টকাত এসাঁজকৈ ভাত খুৱাবলৈ নতুন প্ৰকল্প সোমবাৰে উদ্বোধন কৰিছে৷ অহা এপ্ৰিল-মে’ত পশ্চিমবংগ, অসমৰ লগতে দেশৰ মুঠ পাঁচখন ৰাজ্যত অগা-পিছাকৈ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনমুখী ৰাজ্যকেইখনত এতিয়া ভোটাৰলৈ শাসকপক্ষই আগবঢ়াইছে ইটোৰ পাছত সিটো টোপ৷ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যদি ভোটাৰৰ বেংক একাউণ্টত টকা ভৰাই দিছে তেন্তে অসমৰ বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত টকা আৰু উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ ছোৱালীক স্কুটী উপহাৰ দিছে৷ অচিৰেই উতনুৱা ডেকাক বুলেটো উপহাৰ দিব বুলি ৰাজ্যৰ এজন শীৰ্ষস্থানীয় মন্ত্ৰীয়ে প্ৰায় প্ৰতিশ্ৰুতিয়েই দিছে৷ এনে সময়তে মমতা বেনাৰ্জীয়েও ‘শক্তি চাই ভক্তি’ কৰি ৰাজ্যৰ ভোটাৰক কিবা এটা দিবলৈ চেষ্টা চলাইছে৷ 

২০১৩ চনৰ ২৬ জুলাইত অসমৰ তেতিয়াৰ কৃষি আৰু সংসদীয় বিষয়ক মন্ত্ৰী নীলমণি সেন ডেকাই হঠাতে আঢ়ৈ টকাত অসমত এসাঁজ ভাত খাব পাৰি বুলি কৈ হুলস্থূলৰ সৃষ্টি কৰিছিল৷ তেতিয়া প্ৰকৃততে নিত্যব্যৱহাৰ্য খাদ্যসামগ্ৰীৰ দাম কংগ্ৰেছ চৰকাৰৰ অধীনত ঊধবৰ্মুখী হৈ আছিল৷ ফলত নীলমণি সেন ডেকাই আঢ়ৈ টকাত এসাঁজ ভাত খাবলৈ পোৱা যায় বুলি কোৱাৰ লগে লগে স্বাভাৱিকতে তীব্ৰ বিতৰ্কৰ উদ্ভৱ হৈছিল৷ প্ৰকৃততে সেই বছৰ অসমত ধানৰ উৎপাদন আৰু শাক-পাচলিৰ উৎপাদন অতি বৃহৎ মাত্ৰাত হোৱাৰ বাবেই নীলমণি সেন ডেকাই বৰ্ধিত মূল্য সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত আঢ়ৈ টকীয়া ভাতৰ কথা কৈছিল৷ পাছত তেওঁ বক্তব্যৰ পৰা আঁতৰি নাহি আত্মপক্ষ সমৰ্থন কৰি কৈছিল যে তেওঁৰ বক্তব্য প্ৰকৃততে বিপিএল পৰিয়ালৰ ক্ষেত্ৰতহে প্ৰযোজ্য৷ তেনে একোটা আঠজনীয়া পৰিয়ালত চাউল, দাইল, চবজি ইত্যাদিৰে ২০ টকাত এসাঁজ খাব পাৰি বুলি নীলমণি সেন ডেকাই পুনৰ দাবী কৰিছিল৷ তেতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে সম্পৰ্ক ক্ষীণ হৈ অহা হিমন্ত বিশ্ব শৰ্মাই নীলমণি সেন ডেকাৰ বক্তব্যক ঠাট্টা-মস্কৰা কৰিছিল আৰু ৰাজ্যিক কংগ্ৰেছে নীলমণিৰ বক্তব্যৰ পৰা নিজকে আঁতৰাই আনিছিল৷ 

কোৱা বাহুল্য মাথোঁ, সেই ২০১৩ চনৰে ১৯ ফেব্ৰুৱাৰীত তামিলনাডুত তেতিয়াৰ জে জয়াললিতাৰ এআইএডিএমকে চৰকাৰে পাঁচ টকাত এসাঁজ ভাত যোগান ধৰা এটা প্ৰকল্প মুকলি কৰি দেশবাসীক বিস্মিত কৰিছিল৷ আম্মা কেণ্টিন নামৰ উক্ত প্ৰকল্পৰ অধীনস্থ কেণ্টিনত এটকাত ইডলি, পাঁচ টকাত চম্বৰ-ভাত, তিনি টকাত দৈ ভাত পোৱা গৈছিল৷ জয়াললিতা নাই, কিন্তু সেই আম্মা কেণ্টিন এতিয়াও চলি আছে৷ বিগত লকডাউনত সেই আম্মা কেণ্টিনেই তামিলনাডুৰ অজস্ৰজনৰ  বাবে আহাৰ গ্ৰহণ কৰি জীয়াই থকাৰ একমাত্ৰ সম্বল হৈ পৰিছিল৷ 

এইবাৰ মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ ৰাজধানী কলকাতাত সোমবাৰে ‘মা’ প্ৰকল্প উদ্বোধন কৰি পাঁচ টকাত দৰিদ্ৰ লোকক ভাত-দাইল, কণী আৰু চবজিৰে এসাঁজ খুৱাবলৈ সাজু হৈছে৷ কলকাতা চহৰৰ মুঠতে ১৪৪ টা ৱাৰ্ডত এই ‘মা’ প্ৰকল্প মঙলবাৰৰ পৰাই আৰম্ভ হ’ব৷ প্ৰতিটো ৱাৰ্ডত দৈনিক ৫০০ জন লোকে ‘মা’-ভাত খাবলৈ পাব৷ দৈনিক সমগ্ৰ চহৰত সকলো ৱাৰ্ডত ৫০ হাজাৰৰ অধিক লোকক মমতা বেনাৰ্জীৰ চৰকাৰে এইদৰে এসাঁজকৈ আহাৰ খুৱাব৷ দুপৰীয়া ১-২ বজালৈ এই ‘মা’ কেণ্টিন খোলা থাকিব৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য অংশটো এই ‘মা’-ভাতৰ ব্যৱস্থা কৰিব মমতা বেনাৰ্জীয়ে৷ প্ৰসংগতঃ উল্লেখযোগ্য প্ৰয়াত মুখ্যমন্ত্ৰী জে জয়াললিতাই অতি পৰিকল্পিতভাৱে আম্মা কেণ্টিন প্ৰকল্প সূচনা কৰিছিল বাবে আজিও সেই আম্মা কেণ্টিন তামিলনাডুত সাৱলীলভাৱে চলি আছে, য’ত ৰাজ্য চৰকাৰে কিছুপৰিমাণে ৰাজসাহায্য প্ৰদান কৰে৷ ইয়াৰ বিপৰীতে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে নিৰ্বাচনী ধামখুমীয়াত পৰি দৌৰা-দৌৰিকৈ ঘোষণা কৰা ‘মা’ কেণ্টিনৰ আয়ুস কিমান দীঘলীয়া হ’ব সেই লৈ ৰাজ্যৰেই অনেক সন্দিহান৷ যিদৰে অসমৰ নীলমণি সেন ডেকাৰ আঢ়ৈ টকীয়া ভাতক লৈ সন্দিহান হৈছিল তেওঁৰেই সতীৰ্থ মন্ত্ৰী আৰু তেতিয়াৰ শাসনাধিষ্ঠিত দলটো৷ নীলমণিয়ে আঢ়ৈ টকাত ভাত খাব পৰাটো প্ৰমাণ কৰিব বুলি দাবী কৰিলেও সেয়া আৰু হৈ নুঠিল৷ কিন্তু জয়াললিতাৰ দৰে মমতা বেনাৰ্জীয়ে অন্ততঃ ৰাজধানীবাসীক পাঁচ টকাত ভাত খুওৱাতো নিশ্চিত কৰিছে৷