Logo
image

১০৫ সন্তানৰ মাতৃ হোৱাৰ বাসনা ক্ৰিষ্টিনাৰ

১১ সন্তানৰ মাতৃ ২৩ বছৰীয়া কোটিপতি

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ শিশুপ্ৰেম কোন পৰ্যায়লৈ গ’লে কেউ ক্ৰিষ্টিনাক টক্কৰ দিব পাৰিব৷ ক্ৰিষ্টিনাক নিচিনিলে বা তেওঁৰ বিষয়ে নাজানিলে এই প্ৰশ্নৰ উত্তৰ দিয়াটো সম্ভৱ নহয়৷ ক্ৰিষ্টিনাই ইমানেই শিশু ভাল পায় যে তেওঁ ইতিমধ্যে ১১টা সন্তানৰ মাতৃ হৈছে৷ এই সংখ্যা বৃদ্ধি কৰি ১০৫টা সন্তান জন্ম দিব বিচাৰিছে ক্ৰিষ্টিনাই৷ ক্ৰিষ্টিনা আৰু তেওঁৰ স্বামীৰ জৰ্জিয়াত আছে  এখন বৃহৎ হোটেল৷ কোটিপতি দম্পতীৰ টকাৰ কোনো অভাৱ নাই৷ তেওঁলোক দুয়োজনেই শিশুক বৰ ভাল পায়৷ দুয়োজনেই বিচাৰে গোটেই জীৱন তেওঁলোকৰ সংসাৰত শিশুৱে খেলা কৰি থাকক৷ এই ইচ্ছাৰ বাবেই ইতিমধ্যে তেওঁলোকৰ ঘৰত কোনোবা গ’লেই দেখিব যে, ঘৰৰ চৌপাশে কেৱল শিশুক কলৰৱ, শিশুৰ খেল৷ তেওঁৰ সম্পূৰ্ণ নাম ক্ৰিষ্টিনা উজটাৰ্ক৷ তেওঁৰ স্বামী হ’ল গালিপ উজটাৰ্ক৷ তেওঁলোক জৰ্জিয়াত থাকে৷ জৰ্জিয়াত গৰ্ভ ভাৰা কৰাটো বে-আইনী নহয়৷ ১১টা সন্তানৰ ভিতৰত ১০টাৰে জন্ম হৈছে ভাৰা কৰা গৰ্ভত৷ অৰ্থাৎ অন্য কোনো মহিলাৰ গৰ্ভত জন্ম হৈছে তেওঁলোকৰ সন্তান৷ ইয়াৰ ভিতৰত কেৱল এটা সন্তানেই নিজৰ গৰ্ভত জন্ম দিছে ক্ৰিষ্টিনাই৷ ছয় বছৰ আগতে জন্ম দিয়া কন্যা সন্তানটোৰ নাম ভিকা৷ ভিকাৰ বাহিৰে তেওঁলোকৰ আটাইকেইটা সন্তানেই অন্যৰ গৰ্ভত জন্ম হোৱা৷ গৰ্ভ ভাৰা কৰাটো যথেষ্ট ব্যয়সাপেক্ষ যদিও ২৩ বছৰীয়া কোটিপতি ক্ৰিষ্টিনা আৰু তেওঁৰ স্বামীৰ শিশু-প্ৰেমৰ বাবে সেই খৰচ এটা সৰু বিষয়হে৷ ক্ৰিষ্টিনাৰ মতে উক্ত ১০টা সন্তানৰ বাবে ৮,০০০ ইউৰোকৈ মুঠ ৮০ হাজাৰ ইউৰো খৰচ কৰা হৈছে৷ আজিকালিৰ দিনত ভাৰতীয় মুদ্ৰা অনুসৰি ৮০ হাজাৰ ইউৰো মূল্য ৭০ লাখ টকাৰো অধিক৷