ভাৰতীয় মূলৰ বিজ্ঞানী স্বাতী মোহনৰ কৃতিত্ব
মঙলত নাছাৰ পাৰ্ছিভেৰেন্স ৰ’ভাৰৰ সফল অৱতৰণ প্ৰংসগ
আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ সৌৰ জগতৰ ৰঙা গ্ৰহ মঙলত জীৱৰ সন্ধান বিচাৰি আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই প্ৰেৰণ কৰা ‘‘পাৰ্ছিভেৰেন্স ৰ’ভাৰ’’-এ মঙলত সফলতাৰে অৱতৰণ কৰি ইতিহাস ৰচে৷ মঙলত অৱতৰণ কৰাৰ পাছতে পাৰ্ছিভেৰেন্স ৰ’ভাৰে মঙলৰ পৃষ্ঠৰ প্ৰথমখন ছবি প্ৰেৰণ কৰে৷ ফলত ইয়াকে লৈ এতিয়া সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ নাছাৰ এই ঐতিহাসিক অভিযানত ভাৰতীয় মূলৰ নাছাৰ বিজ্ঞানী ড॰ স্বাতী মোহনৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল৷ ভাৰতীয় সময়মতে শুকুৰবাৰে পুৱতি নিশা ২.২৫ বজাত নাছাৰ পাৰ্ছিভেৰেন্স ৰ’ভাৰে মঙলৰ জেজেৰো ক্ৰেটাৰত সফলতাৰে অৱতৰণ কৰে৷ লগে লগে ইতিহাস ৰচে নাছাই৷ নাছাই প্ৰেৰণ কৰা এই সৰ্ববৃহৎ ৰ’ভাৰে মঙলত সফলতাৰে অৱতৰণ কৰাৰ বাতৰিৰ লগতে এতিয়া এই অভিযানৰ সফলতাৰ আঁৰত থকা ভাৰতীয় মূলৰ স্বাতী মোহনৰ নামো চৰ্চিত হৈছে৷ ভাৰতত জন্ম হোৱা স্বাতী মোহনে পাৰ্ছিভেৰেন্স ৰ’ভাৰৰ নিৰ্দেশনা, নেভিগেশ্বন আৰু নিয়ন্ত্ৰণৰ কাৰ্যসূচীৰ দায়িত্বত আছিল৷ গতিকে স্বাতী মোহনৰ দায়িত্ব আছিল সবাতোকৈ কঠিন৷ স্বাতী মোহনৰ দলটোৱে এই অভিযানক সফল কৰাত বিশেষ অৰিহণা যোগায়৷ ৰ’ভাৰ পাৰ্ছিভেৰেন্সে মঙলৰ পৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পাছতে আনন্দ-উত্তেজনাত জঁপিয়াই উঠে স্বাতী৷ নাছাৰ বিজ্ঞানী স্বাতীয়ে আমেৰিকালৈ যোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১ বছৰ৷ পিতৃ-মাতৃৰ সৈতে আমেৰিকাৰ ৱাশ্বিংটনলৈ যোৱা স্বাতীয়ে ৯ বছৰৰ পৰাই মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল৷ ১৬ বছৰ বয়সত তেওঁ মহাকাশ বিজ্ঞানী হোৱাৰ সিদ্ধান্ত লয়৷ আৰু এতিয়া তেওঁ সৰ্বাধিক চৰ্চিত বিজ্ঞানী হৈ পৰিল৷