Logo
image

ৰামৰ দিনত ৰাৱণৰ কথা নাপাতোঁঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ  ভগৱান শ্ৰীৰামৰ জন্মনগৰী অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা শ্ৰীৰাম মন্দিৰ উদ্বোধন আৰু শ্ৰীৰামৰ প্ৰতিমূৰ্তিত প্ৰাণপ্ৰতিষ্ঠা কৰাৰ পাছত কাৰ্যতঃ সোমবাৰৰ দিনটো দেশখন ৰামময় হৈ পৰা পৰিলক্ষিত হয়৷ ইফালে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানটো সকলো টেলিভিচন চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে অনুষ্ঠানটো উপভোগ কৰাৰ সুবিধাৰ বাবে বিয়লি ২.৩০ বজালৈ বন্ধ ঘোষণা কৰে৷ আনহাতে, অসমতো বিভিন্ন প্ৰান্তত বৃহৎ স্ক্ৰীণত অনুষ্ঠানটো সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷ গুৱাহাটীৰ ফটাশিল আমবাৰীত থকা হৰিজন কলনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১.৩০ বজাত উপস্থিত হৈ বিয়লি ২.৩০ বজালৈ প্ৰায় তিনিঘণ্টা ধৰি হৰিজন আৰু চাফাই কৰ্মীসকলৰ সৈতে ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ কাৰ্যসূচীটো বৃহৎ স্ক্ৰীণত উপভোগ কৰে৷ মুখ্যমন্ত্ৰীজনক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল, সাংসদদ্বয় কুইন ওজা আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি কেইবাজনো নেতাই৷ ইফালে, অনুষ্ঠানটো উপভোগ কৰাৰ অন্তত উপস্থিত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– আজি প্ৰায় ৫০০ বছৰীয়া দাসত্বৰ পৰা আমি মুক্ত হ’লোঁ৷ এতিয়া ভাৰত বিশ্বগুৰু হোৱাৰ পথত আগবাঢ়িছে৷ দেশ আজি ৰামময় হৈ পৰিছে৷ আনকি সাংবাদিকে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বিঘিনি সন্দৰ্ভত কিবা প্ৰশ্ন কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয়– ৰামৰ দিনত ৰাৱণৰ কথা নাপাতো৷ আজিৰ দিনটো যাওঁক, কাইলৈ বা পৰহিলৈ ৰাৱণৰ কথা পাতিম৷ আজি ৰাৱণৰ মহত্ব নাই৷ যদি ৰাৱণৰ ওপৰত চৰ্চা হ’ব লাগে তাক পাছে পৰেও কৰিব পাৰিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ ইফালে, মন্ত্ৰী অশোক সিংঘালেও ১৯৯০ চনত ৰাম মন্দিৰ উদ্ধাৰৰ বাবে কৰসেৱক যাত্ৰাত ভাগ লোৱা কথাৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়৷