Logo
image

শীতত আমলখি সিজাই খালে এইবোৰ উপকাৰ পোৱা যায়

আমলখি সকলোৰে পৰিচিত ফল৷ ইয়াত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ অন্যান্য উপকাৰ কৰে৷ আমলখিয়ে পুষ্টিগুণ ৰক্ষা কৰাত সহায় কৰে৷ শীতকালত নিয়মীয়াকৈ আমলখি সিজাই খালে পানীলগা জ্বৰৰ পৰা সকাহ পোৱা যায়৷ তদুপৰি সিজোৱা আমলখিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ তদুপৰি আমলখি সিজাই খালে আন বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল সিজোৱা আমলখিয়ে কৰা উপকাৰিতা–

[১] আমলখি সিজাই খালে ইয়াত থকা পলিফেনল আৰু ফ্লেভ’নয়েডৰ দৰে এণ্টি অক্সিডেণ্ট উপাদানসমূহে দেহত অক্সিডেটিভ ষ্টে˜ছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ তদুপৰি দীৰ্ঘস্থায়ী ৰোগৰ আশংকা হ্ৰাস কৰে আমলখিয়ে৷

[২] হজম শক্তি বঢ়োৱাৰ ক্ষেত্ৰত আমলখিক প্ৰাকৃতিক উপাদান হিচাপে ব্যৱহাৰ কৰা হয়৷ সিজাই লোৱা আমলখিত থকা ফাইবাৰে কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে৷ একেদৰে এচিডিটি বা গেছৰ সমস্যা নাইকিয়া কৰে সিজাই খোৱা আমলখিয়ে৷ 

[৩] শীতকালত বহুতৰে ছাল শুষ্ক হৈ পৰে৷ ফলত ছালৰ উজ্জ্বলতা নোহোৱা হয়৷ আমলখি সিজাই খালে ইয়াত থকা ভিটামিন-চি আৰু এণ্টি অক্সিডেণ্ট উপাদানে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে৷

[৪] যিসকলৰ তেজত শৰ্কৰাৰ মাত্ৰা বেছি, তেওঁলোকে নিতৌ সিজোৱা আমলখি খাওক৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে আমলখিত থকা গ্লুক’জে বিপাকক্ৰিয়াত ইতিবাচক প্ৰভাৱ পেলায়৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷