Logo
image

উক্তি-বক্ৰোক্তি

প্ৰথম ভাৰত জোড়ো যাত্ৰা সমগ্ৰ দেশৰ অধিকাংশ অঞ্চলৰ মাজেৰে যাওঁতে সুকলমে সম্পন্ন হৈছিল৷ আনকি জম্মু-কাশ্মীৰতো কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা নাছিল৷ কিন্তু পশ্চিমবংগত কিছুমান দুবৃৰ্ত্তই ভাৰত জোড়ো ন্যায় যাত্ৰাত অশান্তি ঘটোৱাৰ পৰিকল্পনা কৰিছে৷ সেয়ে মই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অনুৰোধ জনাওঁ, তেওঁ যাতে নিজ ৰাজ্যত এই যাত্ৰা সুকলমে সম্পন্ন হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ 
– কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে

মুখ্যমন্ত্ৰীৰ হতাশা ৰাহুল গান্ধীয়ে পুংখানুপুংখভাৱে পোষ্টমৰ্টেম ৰিপ’ৰ্টৰ দৰে ৰাইজৰ আগত দাঙি ধৰিলে৷ তেওঁৰ পৰিয়ালৰ কাৰ নামত কি কি সম্পত্তি আছে তাকো মুকলি কৰি দিলে৷ এতিয়া খেল আৰম্ভ হৈ গৈছে৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

কিছুদিন পাছতে বিজেপি চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব৷ মই পোৱা খবৰ মতে তাৰ পাছতে আমাৰ দল ভঙাৰ পৰিকল্পনা কৰি ২১জন বিধায়কৰ সৈতে আলোচনা চলাই আছে৷ তাৰে জ্জজনকৈ বিধায়কক ২৫ কোটিকৈ টকা দিয়াৰ বাবে বিজেপিয়ে গোপনে প্ৰস্তাৱ আগবঢ়াইছে৷ 
– দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল

ৰাজনৈতিক ব্যক্তিৰ লগতে সামাজিক কাৰ্যকলাপত জড়িত লোক, ডাক্তৰ, ইঞ্জিনিয়াৰ আদি ধৰণৰ ব্যক্তিক বিজেপিত যোগদান কৰাবলৈ আমি প্ৰচেষ্টা লৈছোঁ, যাতে দলটোৱে দলৰ মঞ্চৰ পৰাই অসমৰ বিকাশত সৰ্বদিশতে অৰিহণা যোগাব পাৰে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 

লিঅ’নাৰ্ডো ডিকাপ্ৰিয়ই মোক প্ৰথমেই অভিনন্দন জ্ঞাপন কৰিলে৷ কিন্তু আমি একেলগে অভিনয় কৰা ছবিখনৰ নায়ক ডিকাপ্ৰিয়ক অস্কাৰৰ বাবে মনোনীত নকৰাত মই আচৰিতো হৈছোঁ আৰু আঘাতো পাইছোঁ৷ কাৰণ তেওঁৰ ভূমিকা ‘কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন’ ছবিত অতি উল্লেখযোগ্য আছিল৷
–হলীউডৰ অভিনেত্ৰী লিলি গ্লেডষ্টন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্নধৰণৰ ব্যক্তিয়ে বিজেপিত যোগদান কৰিছে আৰু যোগদানৰ বাবে অনেকেই আগ্ৰহ প্ৰকাশ কৰিছে৷ ইয়াৰ ফলত বিজেপিত যোগদান কাৰ্যসূচী অব্যাহত আছে৷ 
–বিত্তমন্ত্ৰী অজন্তা নেওগ

‘ইণ্ডিয়া’ জোঁট নিশ্চিতভাৱে ভাঙোনৰ মুখত৷ পঞ্জাবত ইতিমধ্যে ‘ইণ্ডিয়া’ ভাগি গৈছে৷ পশ্চিমবংগ আৰু বিহাৰতো ভাগিছে৷ নীতীশ কুমাৰক এই জোঁটত প্ৰথমৰে পৰা কংগ্ৰেছে অসন্মান কৰিছে৷ পদে পদে তেওঁক অপমান কৰিছে৷ মই যিমানদূৰ জানো, নীতীশ কুমাৰ এই জোঁটত নাথাকিব৷ 
– জে ডি (ইউ)ৰ মুখপাত্ৰ কে চি ত্যাগী

ৰাহুল গান্ধীৰ কাৰ্যকলাপ দেখি অসমক ভালপোৱা, ভাৰতক ভালপোৱা মানুহ কংগ্ৰেছত নাথাকে৷ তেওঁ মুখ্যমন্ত্ৰীক অশালীনভাৱে সমালোচনা কৰিছে৷ তেওঁৰ আচাৰ-আচৰণ দেখি অসমৰ মানুহ হতভম্ব হৈছে৷
– মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

জ্ঞানব্যাপী মছজিদৰ ৱজুখানাত উদ্ধাৰ হোৱা শিৱ লিংগ দেখি আৰু জনাৰ্দন, ৰুদ্ৰ তথা উমেশ্বৰৰ মূৰ্তি দেখাৰ পাছত সেইটো এটা মছজিদ আছিল বুলি ধাৰণা কৰা ভুল৷ এই ঐতিহাসিক সমল পুৰাতত্ত্ব বিভাগে উদ্ধাৰ কৰাৰ পাছত জ্ঞানব্যাপী মছজিদ যে এটা হিন্দু মন্দিৰৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছিল সেই সন্দেহ এতিয়া নিৰসন হ’ল৷ 
– ভি এইচ পিৰ কাৰ্যকৰী সভাপতি অশোক কুমাৰ