Logo
image

গৃহ দপ্তৰৰ পৰা ৰিলিজ নোলোৱাকৈয়ে অসম এৰিলে আনন্দ মিশ্ৰই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জানুৱাৰীঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ কেশৱ ধামত মন্ত্ৰণা লৈ অসম এৰিলে চেলিব্ৰিটী এছপি আনন্দ মিশ্ৰই৷ শনিবাৰে পুৱাই বিমানযোগে গৃহৰাজ্য বিহাৰত উপস্থিত হয় এছপি আনন্দ মিশ্ৰই৷ ৰাজনীতিত যোগ দিয়াৰ লক্ষ্যৰে গৃহ ৰাজ্যলৈ ঢাপলি মেলাৰ পাছতেই এতিয়া যেন বিতৰ্কত সোমাই পৰিছে আইপিএছ বিষয়াজন৷ ২০১১ বেট্‌ছৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়াজনে চাকৰিৰ পৰা পদত্যাগ বিচাৰি অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিলেও কেন্দ্ৰীয় চৰকাৰে বৰ্তমানেও আনন্দ মিশ্ৰৰ পদত্যাগত আনুষ্ঠানিক অনুমোদন দিয়া নাই৷ অৱশ্যে পদত্যাগৰ আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাকৈ বিষয়াজনে শনিবাৰে ততাতৈয়াকৈ অসম ত্যাগ কৰা বিষয়টোৱে গৃহ বিভাগতো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ শেহতীয়াকৈ গৃহ বিভাগে আনন্দ মিশ্ৰক লখিমপুৰৰ এছপি পদৰ পৰা অব্যাহতি দি ডিজিপি কাৰ্যালয়ত সংলগ্ন কৰি বদলি কৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে আনন্দ মিশ্ৰৰ পদত্যাগত ছীল-মোহৰ মৰাৰ পূৰ্বেই বিষয়াজনে কৰ্মভূমি ত্যাগ কৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ শনিবাৰে পুৱা ৯.১৫ বজাত ইণ্ডিগো বিমানেৰে গুৱাহাটীৰ পৰা বিহাৰলৈ ৰাওনা হোৱা আনন্দ মিশ্ৰই টুইটযোগে পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ ফটোও শ্বেয়াৰ কৰিছে৷ কিন্তু আইপিএছ বিষয়াজনৰ পদত্যাগ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাকৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে যাবলৈ দিয়াক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ গৃহ বিভাগৰ এটা শীৰ্ষ সূত্ৰই নিশ্চিত কৰা অনুসৰি বৰ্তমানলৈ আনন্দ মিশ্ৰৰ পদত্যাগৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা নাই৷ আইপিএছ বিষয়াজনক পদত্যাগৰ ফাইল দিছপুৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও মন্ত্ৰণালয়ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পদত্যাগৰ ফাইলত অনুমতি দিলেহে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে সুকীয়া নিৰ্দেশনা জাৰি কৰি  আনন্দ মিশ্ৰক চাকৰিৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহিত দিয়াটো নিয়ম৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰালৈ অপেক্ষা নকৰা আনন্দ মিশ্ৰৰ জৰুৰী বিহাৰ গমনৰ আঁৰত ৰাজনীতি থকা বুলিও চৰ্চা লাভ কৰিছে৷ কিয়নো বিহাৰৰ ৰাজনীতি এতিয়া ওলট-পালট হৈ পৰিছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়া মৰ্চা তথা লালু প্ৰসাদ যাদৱৰ সংগ ত্যাগ কৰি বিজেপিত চামিল হোৱাৰ বাবে সাজু হৈছে৷ ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আনন্দ মিশ্ৰই শুকুৰবাৰে গুৱাহাটী কেশৱ ধামত উপস্থিত হৈ আৰএছএছৰ শীৰ্ষ নেতাৰ মন্ত্ৰণা লৈ শনিবাৰে পুৱাই লৰালৰিকৈ বিহাৰলৈ ৰাওনা হয়৷ উল্লেখ্য, আনন্দ মিশ্ৰই বিজেপি দলত যোগদান কৰি বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিৰ পৰা সমাগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰিকল্পনা কৰিছে৷ এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ লগতে গৃহ সমষ্টিটোৰ যুৱ প্ৰজন্ম আৰু মহিলাৰ মাজত সজাগতামূলক প্ৰচাৰো অব্যাহত ৰাখিছে মিশ্ৰই৷ অৱশ্যে আনন্দ মিশ্ৰৰ এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকট লাভ কৰাটো বৰ্তমানেও ১০০ শতাংশ নিশ্চিত হোৱা নাই যদিও ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দি ৰাষ্ট্ৰীয় নেতৃত্বৰ আস্থাভাজন হোৱাৰ চেষ্টা চলোৱাৰ পৰিকল্পনা কৰা বুলিহে ঘনিষ্ঠ মহলে জানিবলৈ দিছে৷ সেই সূত্ৰেই পদত্যাগৰ আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাকৈয়ে শনিবাৰে ততাতৈয়াকৈ বিহাৰলৈ ৰাওনা হয় আনন্দ মিশ্ৰই৷ উল্লেখ্য, আনন্দ মিশ্ৰই বিহাৰৰ বাক্সাৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰিছে যদিও সেই সমষ্টিটোৰ পৰা ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতা অশ্বিনী কুমাৰ চুবে জয়ী হৈ বৰ্তমান খাদ্য আৰু পৰিৱেশ তথা বন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ বিহাৰৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী নেতা হিচাপে পৰিচিত অশ্বিনী কুমাৰ চুবেৰ সমষ্টিটোৰ পৰা আনন্দ মিশ্ৰই টিকট বিচৰাত আইপিএছ বিষয়াজনৰ টিকট স্বাভাৱিকভাৱেই অনিশ্চিত হৈ পৰিছে৷ ইফালে বিহাৰলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত আনন্দ মিশ্ৰই কয় – ‘মই সামাজিক কৰ্মী হিচাপে থাকিম৷ ভাল মানুহ হৈ থাকিম৷ এজন মানুহ যিয়ে দেশক ভাল পায় তেনেকুৱা মানুহ হৈ থাকিম৷ খাকী নিপিন্ধিলেও, যি কাপোৰ নিপিন্ধো কিয় তাত দাগ নাথাকিব৷  অসমৰ পৰা মই বহুত কথা শিকিলো৷ অসমে মোক  বহুত ভাল মানুহ বনালে৷ অসম মোৰ সদায় গুৰু নিচিনা৷ মোৰ দ্বিতীয় ঘৰ হৈ থাকিব অসম৷ মই বিহাৰলৈ সামাজিক আৰু উন্নয়নৰ কাম কৰিবলৈ ওলাইছো৷ অৱশ্যে  সেই কাম কৰাৰ প্লেটফ’ৰ্ম যদি ৰাজনীতি হয়, তেন্তে হ’ব লাগে৷ ৰাইজে যদি বিচাৰে মই ৰাজনীতিত যোগদান কৰিব লাগে তেন্তে মই সাজু আছো৷’