Logo
image

’২৪ নহয়, ’২৬ৰ বাবেহে সাজু কংগ্ৰেছঃ এইবাৰ অসমত প্ৰিয়ংকাৰ যাত্ৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জানুৱাৰীঃ এইবাৰ অসমত বিশাল যাত্ৰা কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ শদিয়াৰ পৰা ধুবুৰীলৈ বিশাল যাত্ৰা কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ শদিয়াৰ পৰা গোলাঘাট, তেজপুৰ, ধেমাজি, জোনাই হৈ ডিব্ৰুগড়লৈ প্ৰিয়ংকা গান্ধীৰ যাত্ৰাত কিমান মানুহ হয় মুখ্যমন্ত্ৰীক দেখুৱাই দিম৷– এই ভাষ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আৰু কয়– মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ যাত্ৰাত মানুহ নহয় বুলি কয়৷ মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ মানুহ দেখুৱাবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ উলিয়াম যাত্ৰা৷ তেওঁ আৰু কয়–  মুখ্যমন্ত্ৰীজনৰ আচল স্বৰূপ ৰাহুল গান্ধীয়ে পোষ্টমৰ্টেম ৰিপ’ৰ্ট দিয়াৰ দৰে উদঙাই দিছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি-বাৰী, বাগান, নিউজ চেনেল আদি সকলোবোৰ ৰাহুল গান্ধীৰ মুখস্থ৷ এইবোৰ কথাত মুখ্যমন্ত্ৰী ইমান হতাশ হৈছে৷ উল্লেখ্য, ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ ৰাহুল গান্ধীৰ নেতৃত্বত উলিওৱা হৈছিল ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’৷ প্ৰায় এসপ্তাহত ৰাজ্যৰ ১৭খন জিলা ভ্ৰমণ কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা সামৰি যোৱাৰ পাছত অসমত প্ৰিয়ংকা গান্ধীৰ যাত্ৰাৰ ঘোষণাই তাৎপৰ্য বহন কৰিছে৷

২০২৪ নহয়, ২০২৬ৰ বাবেহে সাজু কংগ্ৰেছ

২০২৪ নহয়, ২০২৬ চনৰ বাবেহে সাজু কংগ্ৰেছ৷ ’২৬ৰ বিধানসভা  নিৰ্বাচনতহে গুৰুত্ব দিছে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীৰ বক্তব্যৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই আৰু কয় – ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে ৰাজ্যৰ ১৪টা ৰাজনৈতিক দলে প্ৰায় ডেৰ ঘণ্টা ধৰি আলোচনা কৰিছিল৷ প্ৰতিটো দলৰ নেতৃত্বৰ সৈতে কথা পতাৰ পাছত ৰাহুল গান্ধীয়ে মোক এটা নিৰ্দেশ দিছিল ‘ইণ্ডি’ এলায়েন্সৰ পূৰ্বে যি বিৰোধী ঐক্যমঞ্চ সন্মিলিত হৈছে ২০২৪ত বিশেষ গুৰুত্ব দিব নালাগে৷ সৰ্বাধিক গুৰুত্ব দিব লাগে ২০২৬ত৷ ৰাহুল গান্ধীয়ে আমাক ব্লক আৰু জিলা পৰ্যায়ত সমন্বয়ৰ বাবে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিছে৷ আন ১৪টা দলেও ৰাহুল গান্ধীৰ প্ৰস্তাৱত আদৰণি জনাইছে৷ ৰাহুল গান্ধীৰ নিৰ্দেশ অনুসৰি দুই এদিনতে আমি প্ৰতিখন জিলাক ব্লক পৰ্যায়ত সমন্বয় সৃষ্টিৰ বাবে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ জাননী জাৰি কৰিম৷ এই সন্দৰ্ভত এইকেইদিনৰ ভিতৰতে অখিল গগৈ, লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা আৰু জন ইংতি কাথাৰৰ সৈতে তেওঁলোকৰ নেতৃত্বাধীন আঞ্চলিক দল সন্দৰ্ভত কথা পাতিম৷ বাকী ৰাষ্ট্ৰীয় দলসমূহৰ সৈতে মই কথা পাতিব নোৱাৰোঁ৷ ৰাষ্ট্ৰীয় নেতৃত্বই আলোচনা কৰিব৷ মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱালৰ সৈতে যদি সঠিক সিদ্ধান্ত নহয় ৰিপুণ বৰাৰ সৈতে মই আলোচনা কৰিলেও বিশেষ লাভ নহয়৷

কংগ্ৰেছৰ তালিকাই তোলপাৰ লগাইছে বিৰোধী ঐক্যত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ১৫ দলীয় বিৰোধী ঐক্য মঞ্চৰ আসন বুজাবুজিক লৈ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ বিশেষকৈ বিৰোধী শিবিৰত তালিকাক লৈ ব্যাপক চৰ্চা হৈছে৷ বহু চৰ্চিত উক্ত তালিকা অনুসৰি গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হ’ব আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰী৷ নগাঁৱত প্ৰাৰ্থী হ’ব কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ৷ বৰপেটাত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ৷ যোৰহাটৰ প্ৰাৰ্থী হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া৷ ডিব্ৰুগড়ত প্ৰাৰ্থী হ’ব অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ তেজপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ’ব অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা বা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ৷ দৰং-ওদালগুৰিত বিৰোধীৰ সাম্ভাব্য প্ৰাৰ্থী মাধৱ ৰাজবংশী, লখিমপুৰত প্ৰাৰ্থী হ’ব কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা অথবা ৰাণী নৰহ৷ কলিয়াবৰত সাম্ভাব্য প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী৷ কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰবীণ বড়ো, কাৰ্বি আংলঙত কংগ্ৰেছৰ জয়ৰাম ইংলেং৷ ধুবুৰীৰ সাম্ভাব্য প্ৰাৰ্থী কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন৷ কৰিমগঞ্জত প্ৰাৰ্থী হ’ব কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী অথবা জুবেৰ আলম৷ শিলচৰ সমষ্টিটোও অসম তৃণমূল কংগ্ৰেছক এৰি দিব পাৰে বিৰোধী ঐক্যমঞ্চই৷ লক্ষণীয় যে বিৰোধী ঐক্য মঞ্চৰ যিখন তালিকাক লৈ বিৰোধী ঐক্য মঞ্চৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা হৈছে সেই তালিকাত নাই বৰপেটাৰ বৰ্তমানৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ নাম৷ খালেকে সাংসদ পদৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল যদিও তেওঁ আবেদনত কোনো সমষ্টি ধৰি দিয়া নাছিল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই তালিকা প্ৰসংগত কয়–যিখন তালিকাক লৈ বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈ আছে তাৰে কেইজনমানে প্ৰাৰ্থিত্ব নিশ্চয় পাব৷ কিন্তু প্ৰাৰ্থিত্বৰ বাবে আবেদন নকৰা লোকৰ  নামো চৰ্চা হৈ আছে৷ বিশেষকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰাৰ্থিত্ব বিচাৰি আবেদনেই কৰা নাই৷