Logo
image

টেষ্ট চেম্পিয়নশ্বিপৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ ভাৰতৰ

পাঁচখন টেষ্টৰ শৃংখলাত ভাগ ল’বলৈ বৰ্তমান ভাৰতত আছে ইংলেণ্ড ক্ৰিকেট দল৷ হায়দৰাবাদত ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম টেষ্ট৷ টীম ইণ্ডিয়াক স্বদেশত অনুুষ্ঠিত টেষ্ট শৃংখলাত ইংলেণ্ডে অন্তিমবাৰ পৰাস্ত কৰিছিল ২০১২ চনত৷ সেইবাৰ এলিষ্টেয়াৰ কুক নেতৃত্বধীন ইংলেণ্ড দলটো চাৰিখন টেষ্টৰ শৃংখলাত জয়ী হৈছিল ২-০ ব্যৱধানত৷ সেই শৃংখলাটোৰ পাছত ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে ভাৰতত দুটা টেষ্ট শৃংখলা খেলিছে আৰু দুয়োটাতে পৰাস্ত হৈছে ইংলেণ্ড৷ এইবাৰ ভাৰতীয় দলৰ বিৰুদ্ধে বেন ষ্টকছৰ দলটোৱে এক বিশেষ কৌশল অৱলম্বন কৰিছে যদিও প্ৰথম টেষ্টত ভাৰতীয় স্পিন আক্ৰমণৰ সন্মুখত ইংলিছ বেটাৰ অসহায় হৈ পৰা দেখা গৈছে৷ ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটোতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ সুযোগ পাব ৰোহিত শৰ্মাৰ দলটোৱে৷ ইংলেণ্ডৰ বিৰুদ্ধে যদি আটাইকেইখন টেষ্টতে ভাৰত জয়ী হয়, তেন্তে ৭৯ শতাংশ পইণ্ট হ’ব টীম ইণ্ডিয়াৰ৷ যদি ৪-০ ব্যৱধানত জয়ী হয় তেন্তে দলটোৰ হ’ব ৭২.২ শতাংশ পইণ্ট৷ আনহাতে, বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা অষ্টে˜লিয়াই এই সময়ছোৱাত খেলিব তিনিখন টেষ্ট৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট ইতিমধ্যে আৰম্ভ হৈছে৷ তাৰ পাছত দলটোৱে নিউজীলেণ্ডৰবিৰুদ্ধে খেলিব দুখন টেষ্ট৷ এই তিনিওখন টেষ্টত জয়ী হ’লে অষ্ট্ৰেলিয়াৰ শতাংশ পইণ্ট হ’বগৈ ৬৮.৯৷ অৰ্থাৎ অষ্ট্ৰেলিয়া তিনিওখন টেষ্টত জয়ী ভাৰতে ইংলেণ্ডক ৪-০ অথবা ৫-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব৷ তেতিয়াহে অষ্ট্ৰেলিয়াক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হ’ব পাৰিব ভাৰতীয় দলে৷ শীৰ্ষস্থানৰ প্ৰতিদ্বন্দ্বিতাত যে কেৱল ভাৰত আৰু অষ্ট্ৰেলিয়াহে আছে তেনে নহয়, সুযোগ নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰো আছে৷ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ অন্তিম টেষ্টখন আৰম্ভ হ’ব জ্জ মাৰ্চত৷ এই সময়ছোৱাত নিউজীলেণ্ডে খেলিব চাৰিখন টেষ্ট৷ দুখন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু আন দুখন দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে৷ এই চাৰিওখন টেষ্টত জয়ী হ’লে নিউজীলেণ্ডৰ শতাংশ পইণ্ট হ’ব ৮৩.৩৷ তেনে স্থিতিত ভাৰত আৰু অষ্ট্ৰেলিয়াক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হ’ব নিউজীলেণ্ড৷ তাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা নিজৰ আটাইকেইখন টেষ্টত জয়ী হ’লে দলটোৰ হ’বগৈ ৭৫ শতাংশ পইণ্ট৷ তেনে স্থিতিত ইংলেণ্ডক ৫-০ ব্যৱধানত পৰাস্ত কৰিলেহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান সম্ভৱ হ’ব ভাৰতৰ৷