Logo
image

চাহৰ সৈতে চিগাৰেট হোপাৰ অভ্যাস বিপজ্জনক!

আমাৰ অসম বিশেষঃ চাহ খাবলৈ সাধাৰণতে কোনেও অবহেলা নকৰে৷ প্ৰায় সকলোৱে চাহৰ প্ৰতি অনুৰাগী৷ বহুতেই গোটেই দিনটোত প্ৰায় ৮/১০ কাপমান  চাহ খায়৷ কিন্তু বেছি চাহ খোৱাটোও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ চাহৰ সমান্তৰালকৈ  আন¸ এটি অভ্যাসে আপোনাৰ কাল হ’ব পাৰে৷  চাহৰ সৈতে চিগাৰেট খোৱাৰ পৰিণতি হ’ব পাৰে মাৰাত্মাক৷ সেয়েহে বিলম্ব নকৰি এই অভ্যাসৰ পৰিৱৰ্তন কৰা উচিত৷ চাহৰ সৈতে চিগাৰেট হোপাটো আপোনাৰ মাৰাত্মক অসুস্থতাৰ কাৰক হ’ব পাৰে৷ বিজ্ঞানীসকলে বিশ্বাস কৰে যে চাহসহ ধুম্ৰপানৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ বৰং কেন্সাৰৰ সম্ভাৱনা ৩০ শতাংশ বৃদ্ধি পায়৷ চাহত বহু পৰিমাণে ‘টক্সিন’ থাকে৷ এইবোৰ হৈছে শৰীৰৰ  বাবে বিপদজ্জ্বনক৷ ইয়ে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে যেতিয়া চাহ খায় তেতিয়া চিগাৰেট সেৱন নকৰিব৷ ইপিনে, এটা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে গ্ৰীণ টী খোৱা আৰু ধুম্ৰপান কৰা মানুহৰ উদ্বিগ্নতাৰ মাত্ৰা হ্ৰাস পায়৷ কাৰণ দুয়োবিধ একেলগে পান কৰিলে  ৰিচিপ্টাৰত নিউৰ’ট্ৰান্সমিটাৰে হস্তক্ষেপ কৰে৷  ইয়াতে উপলব্ধ ‘এল থিয়েনিন’ নামৰ এবিধ এমিন’এছিডে উদ্বিগ্নতা হ্ৰাস কৰাত সহায় কৰে৷ এল থিয়েনিনে স্মৃতিশক্তি, মনোযোগ, আৰু ঘনত্ব সম্প্ৰসাৰণ বৃদ্ধি কৰি তোলাত সহায় কৰে৷ গ্ৰীণ টীয়ে হজম বৃদ্ধি কৰে আৰু চৰ্বি দ্ৰবীভূত কৰে৷ যাৰ ফলত শৰীৰৰ ওজন হ্ৰাস পায়৷