Logo
image

চৰকাৰী শিক্ষা

অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ মান বিগত বিছ-পঁচিছ বছৰমানৰ পৰা ক্ষিপ্ৰতাৰে অৱনমিত হৈছে৷ ২০১২ চনত অসমৰ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৮৪ শতাংশ৷ ২০২২ চনত এই সংখ্যা হ’লগৈ ৬৮ শতাংশ৷ ২০২২ চনৰ পহিলা ব’হাগৰ দিনা শিক্ষকসকলক উদ্দেশ্যি দিয়া ভাষণত অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কৈছিল যে এই নিম্নগামী ধাৰা যদি অব্যাহত থাকে অনাগত দহ বছৰৰ ভিতৰত অসমৰ প্ৰায় সকলো চৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ যাব৷ আনহাতে, ৰঘুমলাৰ দৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চাৰিওফালে ছানি ধৰিছে৷ আজিৰ পৰা কিছু বছৰৰ আগলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ বিলাসীতা আৰু আভিজাত্যৰ প্ৰতীক আছিল৷ উচ্ছ মধ্যবিত্ত আৰু ধনিক শ্ৰেণীৰ বাদে সাধাৰণ মানুহৰ বাবে এইসমূহ বিদ্যালয়ত নিজৰ সন্তানক পঢ়োৱাটো কেৱল সপোন আছিল৷ কিন্তু আজি সেই পৰিস্থিতি নাই৷ ব্যক্তিগত বিদ্যালয়সমূহ লাহে লাহে বিলাসীতাৰ পৰা প্ৰয়োজনীয়তালৈ পৰিৱৰ্তিত হ’ল৷ দিনৰ ঘটনেৰে ৰাতিৰ ভাতসাঁজৰ যোগাৰ কৰা অভিভাৱকজনেও কিবা কৰি নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাব বিচাৰে৷ দিন যোৱাৰ লগে লগে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু তাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে৷ অসম চৰকাৰে ২০১৭ চনৰ পৰা বিগত ছয় বছৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈ শৈক্ষিক মান নিৰূপণ কৰিবলৈ গুণোৎসৱ আয়োজন কৰি আহিছে৷ কিন্তু বাস্তৱিকতে এই গুণোৎসৱে শিক্ষাৰ মান উন্নত কৰিব পাৰিছেনে? শিক্ষাদানৰ প্ৰতি শিক্ষকসকলক অধিক দায়বদ্ধ কৰি তোলাৰ উদ্দেশ্যে বছৰি বছৰি গুণোৎসৱ পাতি অহাৰ পাছতো শিক্ষাৰ মান উন্নত হোৱাৰ পৰিৱৰ্তে অধোগামী হোৱাহে দেখিবলৈ পোৱা গৈছে৷ বিগত কেইটামান বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ চালেই সেই কথা স্পষ্ট হৈ পৰিব৷ অসমত শিক্ষাৰ নামত অধিক ব্যয় আৰু শিক্ষকৰ সংখ্যা বেছি হোৱাৰ পাছতো আজি মেট্ৰিকত ৰাজ্যৰ বহু জিলাতে উত্তীৰ্ণৰ হাৰ ৫০ শতাংশতকৈও কম৷ ১৬জন শিক্ষক থকাৰ পাছতো মেট্ৰিকত এজনো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাব নোৱৰা চৰকাৰী বিদ্যালয় আছে এইখন অসমতে৷ অথচ এনে বিদ্যালয়ে গুণোৎসৱত ‘এ’ বা ‘এ+’ গ্ৰেড পায়৷ এসময়ত শীৰ্ষস্থান দখলেৰে দপ্‌দপাই থকা ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আজিৰ সময়ত শোচনীয়৷ আনহাতে, কোনো বিদ্যালয়ত আকৌ ৭জন শিক্ষাৰ্থীৰ বিপৰীতে ৮জন শিক্ষক থকাৰ পাছতো এজনেও উত্তীৰ্ণ হ’ব নোৱাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ ২০১৯ চনত জয়ব্ৰত সিন্‌হা নামৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা এজনে তথ্য জনাৰ আইন অনুসৰি যুগুত কৰা তথ্যত প্ৰকাশ যে অসমৰ চৰকাৰী বিদ্যালয়ত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামত বছৰি প্ৰায় ৮০,০০০ টকাতকৈ বেছি ব্যয় কৰা হয়, যিটো ব্যক্তিগত বিদ্যালয়ৰ তুলনাত বহুত বেছি৷ তাৰ পাছতো চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ এনে পয়া লগা অৱস্থাটোৰ কাৰণ কি? ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত চৰকাৰী বিদ্যালয়ৰ পাৰ্থক্যবোৰ কি কি যাৰ বাবে আজিৰ প্ৰজন্মটো ব্যক্তিগত খণ্ডৰ প্ৰতি বেছি আকৰ্ষিত হৈছে? এই সমস্যাবোৰৰ সমাধানৰ উপায় কি? গুণোৎসৱ পাতি বিদ্যালয়সমূহৰ কিবা লাভ হৈছে নে গুণোৎসৱৰ নামত বিদ্যালয়সমূহৰ দুৰ্বলতা খুঁচৰি পৰ্যায়ক্ৰমে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া কিবা পৰিকল্পনা আছে? আমোলাকেন্দ্ৰিক প্ৰশাসনিক ব্যৱস্থা এটাৰ জৰিয়তে ব্যৱস্থাপনাৰ দিশটো চলাই থকা চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ যদি উন্নতি হ’ব লাগে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি অনুশাসন, চৰকাৰী নীতি, কাৰ্যপন্থা, শৈক্ষিক বাতাৱৰণ আদি সকলোৰে ব্যাপক সংশোধন হ’ব লাগিব৷ এনেবোৰ কথাৰ পৰিপ্ৰেক্ষিততেই আজি কিছু বছৰৰ আগতে এলাহাবাদ উচ্ছ ন্যায়ালয়ে এটা সময়োপযোগী ৰায় দিছিল৷ মহামান্য আদালতে দিয়া নিৰ্দেশ অনুসৰি উচ্ছপদস্থ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়া বা সকলো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাব লাগিব৷ ৰায়টো নাগৰিকৰ ব্যক্তিগত অধিকাৰৰ পৰিপন্থী হ’লেও কিন্তু চৰকাৰী আমোলা-বিষয়াই যেতিয়া নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাবলৈ ল’ব, তেতিয়া নিজৰ সন্তানটোৰ ভৱিষ্যতৰ স্বাৰ্থতেই চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব৷ এইক্ষেত্ৰত কেন্দ্ৰীয় বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থা এক আদৰ্শ৷ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানবোৰত প্ৰযোজ্য সকলো নিয়ম, ব্যৱস্থা, অনুশাসন যদি একে কৰিব পৰা যায়, তেনেহ’লে দুই ধৰণৰ শিক্ষা প্ৰতিষ্ঠানতে গুণগত শিক্ষাৰ প্ৰভাৱ উপলব্ধি কৰিব পৰা যাব৷ চৰকাৰী নীতি আৰু অনুন্নত আন্তঃগাঁথনিৰ ভুল আছেই; কিন্তু চৰকাৰী বিদ্যালয়ৰ নিম্নগামী মানৰ বাবে কেৱল এইকেইটা কাৰককে দোষাৰোপ কৰাৰ প্ৰৱণতা থকা শিক্ষকসকলে এবাৰ আত্মবিশে¡ষণ কৰাৰো প্ৰয়োজন আছে৷ কেৱল চৰকাৰী নীতিক ভুল বুলি কোৱা শিক্ষকে নিজৰ নীতি আৰু দায়িত্ব কিমান সূচাৰুৰূপে পালন কৰিছে তাৰো পৰ্যালোচনা কৰা দৰকাৰ৷ সময় থাকোঁতেই বিষয়বোৰৰ সঠিক পৰ্যালোচনা কৰি বাস্তৱসন্মত আৰু ক্ষিপ্ৰ নীতি নল’লে নিশ্চিতভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটোৱে ক্ষিপ্ৰতাৰে মৃত্যুৰ দিশে গতি কৰিব৷