Logo
image

ৰোগমুক্ত হ’বলৈ পুৱাই এগিলাচ ইলাচী পানী খাওক

ইলাচীৰ আছে বহু ঔষধি গুণ৷ পুৱাই এগিলাচ ইলাচী পানী খোৱাৰ অভ্যাস কৰিলে শৰীৰ কেইবাটাও ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে৷ 
◾ ইলাচী পানী তিয়াই থৈ সেই পানী পুৱাই খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ওজন হ্ৰাস পোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হৈ উঠে৷ একেদৰে কোনো খাদ্যত ইলাচী মিহলাই দিলে শৰীৰে পুষ্টিগুণ লাভ কৰে৷ 
◾  পুৱাই এগিলাচ ইলাচী পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ যাৰ  উচ্ছ ৰক্তচাপৰ সমস্যা আছে সেইসকলে ইলাচী তিয়াই থোৱা পানী খালে  যথেষ্ট সুফল পাব৷
◾  ইলাচী পানী খালে ৰক্ত সঞ্চালন নিয়ন্ত্ৰণত সহায়ক হয়৷ 
◾  শৰীৰৰ পৰা দূষিত পদাৰ্থ এই পানীয়ে দূৰ কৰে৷ 
◾  ইলাচী পানী খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ছাল সুন্দৰ হৈ থাকে৷  বয়সৰ চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
◾  ইলাচী পানী খালে দাঁতৰ বিভিন্ন ধৰণৰ অসুখৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
◾  যিকোনো ধৰণৰ সংক্ৰমণ বাধা দিয়াত ইলাচীয়ে সহায় কৰে৷

ইলাচী পানী কিদৰে প্ৰস্তুত কৰিব?
ৰাতি শুবলৈ যোৱাৰ আগে আগে এগিলাচ পানীত ৭/৮টা মান ইলাচী তিয়াই থ’ব৷ পুৱাই উঠি এই পানী চেকি লৈ খালী পেটতে খালে যথেষ্ট সুফল লাভ কৰিব৷ ইয়াৰ উপৰি ইলাচী পানী যিকোনো খাদ্যত দিলে  খাদ্য সুস্বাদু হোৱাৰ উপৰি পুষ্টিগুণো লাভ কৰিব পাৰি৷