Logo
image

জালুকবাৰীত বিতৰ্কিত ব্যৱসায়ীয়ে নিৰ্মাণ কৰিব মোদীৰ ২৫০ ফুটৰ মূৰ্তি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ ৰাজ্যৰ এজন বিতৰ্কিত ব্যৱসায়ী তথা  গুৱাহাটীৰ বেলতলাস্থিত হোটেল টকিঅ’ টাৱাৰ ফেমিলীৰ স্বত্বাধিকাৰী নবীন চন্দ্ৰ বৰাই জালুকবাৰী বাছ আস্থানৰ গাতে লাগি থকা তেওঁৰ ব্যক্তিগত মালিকাধীন ছয় কঠা মাটিত থকা নৰেন্দ্ৰ মোদী কম্পলেক্সৰ এটা অট্টালিকাৰ ওপৰত নিৰ্মাণ কৰিবলৈ ওলাইছে নৰেন্দ্ৰ মোদীৰ ২৫০ ফুট উচ্ছতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ অনুমতি বিচাৰি বিগত কেইবা বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি প্ৰেৰণ কৰি আহিছিল নবীন চন্দ্ৰ বৰাই৷ শেষৰখন চিঠি প্ৰেৰণ কৰিছিল বিগত বৰ্ষৰ মে’ মাহত৷ কিন্তু চিঠি উত্তৰ নাহিল৷ তথাপিও  বৰাই জালুকবাৰীত প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে পদক্ষেপ হাতত লৈছে৷ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিব গুজৰাটৰ নৰ্মদা নদীৰ পাৰত দেশৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বিখ্যাত লাৰছেন এণ্ড টাৰ্বো (এল এণ্ড টি) নামৰ কোম্পানীটোৱে৷  চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিৰ আৰ্হিত প্ৰায় ২০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্তিটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে দুই বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ব্যৱসায়ী বৰাই৷ আনহাতে সোমবাৰে দিনৰ ভাগত বহু বিশিষ্ট লোকৰ উপস্থিতিত প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ব্যৱসায়ীজনে তিনিদিনীয়াকৈ ভূমি পূজন পৰ্ব আৰম্ভ কৰিছে৷ মাংগলিক কাৰ্যৰ মাজেৰে ভূমি পূজন পৰ্ব আৰম্ভ কৰে নবীন চন্দ্ৰ বৰাই৷ ভূমি পূজন পৰ্বত পুৰোহিত হিচাপে সহযোগিতা আগবঢ়ায় ক্ৰমে- মঙলদৈৰ কুলেন্দ্ৰ দেৱশৰ্মা, টিহুৰ মৃণাল দেৱশৰ্মা, গুৱাহাটীৰ ৰূপনগৰৰ বেদ বিদ্যালয়ৰ অভিজিত গাংগুলী, পৱিত্ৰ শৰ্মা আৰু কানাহ অধিকাৰী, বাগসা জিলাৰ ভোলাগিৰী সেৱা আশ্ৰমৰ সন্ন্যাসী হৃনন্দগিৰী মহাৰাজে৷