Logo
image

অখিল গগৈৰ হুংকাৰঃ 'কা' নামানো, প্ৰয়োজন হ'লে প্ৰাণ দিম

ডিজিটেল সংবাদ, শিৱসাগৰৰ ষ্টাফ ৰিপ'ৰ্টাৰঃ শিৱসাগৰ চহৰৰ বাবুপট্টিস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত মঙলবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত বিধায়কজনে বহু কেইটা বিষয় উপস্থাপন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ভাৰত চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এসপ্তাহৰ ভিতৰত 'কা' বলৱৎ হ'ব বুলি কৰা ঘোষণাক উভতি ধৰে বিধায়ক গগৈয়ে। তেওঁ কয় যে 'কা' বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন। উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰ নিজেই এক পক্ষ আৰু উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰে নিজে শপতনামা দাখিল কৰি থৈছে। তেনে স্থলত এগৰাকী মন্ত্ৰীয়ে ন্যায়ালয়ক অৱমাননা কৰি এসপ্তাহত 'কা' বলৱৎ হ'ব বুলি কোৱা কথা বেআইনী। আনহাতে 'কা' বলৱৎ হ'লে অসম, ত্ৰিপুৰা, পশ্চিমবংগ আদি ৰাজ্যত বাংলাদেশী হিন্দু নাগৰিকে কেনে প্ৰভাৱ পেলাব তাক ব্যক্ত কৰি বিধায়ক গগৈয়ে কয় যে পোনপ্ৰথমে অসমত থকা প্ৰায় ২০ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ লগতে বাংলাদেশৰ এক কোটি সত্তৰ লাখ বাংলাদেশী এই তিনিখন ৰাজ্যলৈ প্ৰৱজন কৰাৰ আশংকা থাকিব। তেওঁ 'কা' অসমত বলৱৎ কৰিলে ৰাইজে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰি অসমৰ সকলো জাতি-জনজাতি, ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনক ইয়াৰ বিৰুদ্ধে ঠিয় দিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু দৰকাৰ হলে প্ৰাণ দিম। 

সংবাদ মেলত বিধায়ক গগৈয়ে সদৌ অসম ছাত্র সন্থাক তীব্ৰ সমালোচনা কৰে। দীপাংক নাথৰ বিজেপি গমনক লৈ তেওঁ কটাক্ষ কৰি কয় যে আছু নেতৃবৃন্দৰ বিজেপি দলৰ প্ৰতি এক গভীৰ অনুৰাগ আছে। যাৰ বাবে আছু নেতৃবৃন্দ বিজেপি দললৈ যাবলৈ বিচাৰে। অৱশ্যে এই প্ৰীতি এতিয়াৰ নহ'য় বুলি উল্লেখ কৰি তেওঁ কয় যে অসম আন্দোলনৰ দিনতে আৰ এছ এছ আৰু জনসংঘৰ লগত আছুৰ এক বুজাবুজি আছিল। যাৰ ফলত আন্দোলনতো বহু পৰিমাণে সাম্প্ৰদায়িক হৈ পৰিছিল। নেলীৰ দৰে কলা অধ্যায় সংঘটিত হৈছিল। তেওঁ এনে ভণ্ড জাতীয়তাবাদী নেতৃত্বক ৰাইজে চিনি থোৱা উচিত বুলি মন্তব্য কৰে। সমুজ্জ্বল ভট্টাচাৰ্য দৰে নেতাই এতিয়াও বিজেপিৰ প্ৰতি দৰদ দেখাই আহিছে। যাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত আছুৱে ৰহস্যজনক ভূমিকা লোৱা বুলি তেওঁ উল্লেখ কৰে। 

আগন্তুক লোকসভা নিৰ্বাচন প্ৰসংগত তেওঁ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ উমৈহতীয়া প্ৰাৰ্থী হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে জয়ী হ'ব বুলিও ঘোষণা কৰে। আনহাতে ঐতিহাসিক ৰংঘৰৰ সংবৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা এশ ওঠৰ কোটি টকাৰ প্ৰকল্পক তেওঁ প্ৰশংসা কৰে। উক্ত প্ৰকল্প ৰূপায়ণত বিধায়ক হিচাপে তেওঁৰ নিজৰো অৰিহণা আছিল যদিও অহা ১ ফেব্ৰুৱাৰী তাৰিখে হ'ব লগা ভূমি পূজনত তেওঁক একাষৰীয়া কৰি ৰখাৰ অভিযোগ আনে। তেওঁ কয় যে উক্ত অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰত তেওঁৰ নাম নাই। এই বিষয়ে ৰাইজে বিচাৰ কৰিব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। ৰংঘৰ প্ৰকল্পৰ বিস্তৃত পৰিকল্পনা উল্লেখ কৰি বিধায়কজনে মুখ্যমন্ত্ৰীক ৰংঘৰৰ পৰা তলাতল ঘৰলৈ এটা গ্ৰীণ কৰিডৰ, ৰ'পৱে অথবা এক টানেলৰ পৰিকল্পনা কৰিবলৈ সংবাদ মেলৰ পৰা অনুৰোধ জনয়া। লগতে তেওঁ জয়সাগৰ পুখুৰীৰ লগতে যমুনা সংবৰ্ধনত মুখ্যমন্ত্ৰীৰ সহযোগিতা কামনা কৰে।