Logo
image

জন্মদিনৰ পূৰ্বে হঠাতে মুখ্যমন্ত্ৰী দিল্লীলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰীঃ পহিলা ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ আৰু এটা বসন্ত গৰকিব৷ ১ ফেব্ৰুৱাৰীৰ জন্মদিন উপলক্ষে ৩১ জানুৱাৰী, বুধবাৰৰ নিশাই দিছপুৰৰ মিনিষ্টাৰছ কলনীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত চলিব গ্ৰেণ্ড বাৰ্থডে’ পাৰ্টি৷ হাতত গামোছা, ফুলৰ থোৰালৈ অসংখ্য গুণমুগ্ধই নিশাই মুখ্যমন্ত্ৰীৰ আবাসত ভিৰ কৰিবহি৷ বৃহৎ বৃহৎ কেক কাটি উদ্‌যাপন কৰা হ’ব মুখ্যমন্ত্ৰীৰ জন্মদিন৷ এক কথাত কবলৈ গ’লে বুধবাৰৰ নিশা দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আবাসত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ব৷ ৩১ জানুৱাৰীৰ ১২ বজাৰ পিছতে পুৱতি নিশালৈ অনৰ্গল চলিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শুভ জন্মদিনৰ ব্ৰাৰ্থডে’ পাৰ্টি৷ পহিলা জানুৱাৰীৰ দিনৰ ভাগলৈ নিয়ম মাফিক চৰকাৰী বিষয়-কৰ্মচাৰীসকলেহে মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বাকী থাকিব৷ ইফালে জন্মদিনৰ পূৰ্বে মঙলবাৰে বিয়লি হঠাতে দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ বাজেট অধিৱেশনতে ‘কা’ বলবৎৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই দিল্লীভ্ৰমণ তথা কেন্দ্ৰীয় নেতৃত্বৰে সাক্ষাৎ লক্ষণীয় বুলি বিবেচিত হৈছে৷ জানিব পৰা মতে,  বিয়লি ৬.৩০ বজাত আহি পোৱা মুখ্যমন্ত্ৰীজনে সন্ধিয়া ৬.৩০ বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে এখন বৈঠকত মিলিত হয়৷ নিৰ্বাচনী প্ৰস্তুতিৰ উপৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীকলৈও মুখ্যমন্ত্ৰীজনে নাড্ডাৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ বুধবাৰৰ পুৱাৰ ভাগতেই তেওঁ গুৱাহাটীলৈ উভতি যোৱাৰ কথা৷