চৰকাৰ ভাঙি দিয়াৰ হুংকাৰ অখিলৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্ৰুৱাৰীঃ এইবাৰ তিনি গগৈ, চাৰি গগৈ, পাঁচ গগৈ নহয়– এইবাৰ অসমৰ মানুহে এটাই বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ পৰা অসমৰ ৰাইজক মুক্তি লাগে৷ এই চয়তানী মানুহজনৰ পৰা অসমৰ মানুহক মুক্তি লাগে৷’– এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ এনেদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ভাঙি দিয়াৰ হুংকাৰ দি অখিল গগৈয়ে কয়– ‘পুৰুষক মহিলা কৰি দিব পৰা, মহিলাক পুৰুষ কৰি দিব পৰা, বেলি পশ্চিমফালে উদয় হয় বুলি ক’ব পৰা মানুহজনৰ পৰা মুক্তি লাগে৷ পৃথিৱীৰ চয়তানী মানুহজনৰ পৰা অসমৰ মানুহক ৰক্ষা কৰিব লাগে৷ সেইকাৰণে আপোনালোকে চাব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিয়েই একলগ হ’ব তেওঁকেই অসমৰ মানুহে হিয়া উজাৰি আশীৰ্বাদ দিব৷’ ইফালে, গৌৰৱ গগৈৰ সৈতে অখিল গগৈ সদায়েই আছে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়– ‘গৌৰৱ গগৈ আমাৰ ওচৰলৈ আহিলেও নাহিলেও আগতেও আছোঁ, ভৱিষ্যতেও থাকিম৷ আমাৰ লগত এলায়েন্স নহ’লেও গৌৰৱ গগৈৰ লগত আছোঁ৷ কাৰণ আমি জানো যে গৌৰৱ গগৈয়ে কেতিয়াও পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিবলৈ নাযায়৷
চোৰাংচোৱাগিৰি যদি কেতিয়াবা কৰে তেতিয়াহ’লে হিমন্ত বিশ্ব শৰ্মাইহে বেলেগক কৰিব পাৰে৷ আমাৰ আহোমৰ তেজত সেইবিলাক নাই, আমি যুঁজাৰু মানুহ৷ মোগলক ১৭বাৰ আমি হৰুৱাই দিয়া মানুহ৷ হিমন্ত বিশ্ব শৰ্মাইতো হৰুওৱা নাই, আমিহে হৰুৱাইছোঁ৷ গতিকে গৌৰৱ গগৈৰ কথা, এইবিলাক কথা কৈ থাকি লাভ নাই৷ গৌৰৱ গগৈৰ লগত আমি আছিলোঁ, আছোঁ, থাকিম৷ ফাঁকি কথাৰে পাকিস্তান পাকিস্তান কৈ বিৰোধী দল বিলাকক দমন কৰিব খুজিব, সেইবিলাক কথাৰে বিপথে পৰিচালিত কৰিব, সেইটো মই হ’বলৈ নিদিওঁ৷’ আনহাতে, তিনি গগৈৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত উষ্মা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে কয়– ‘আমাৰ গগৈকেইজনৰ নাম কিয় নলয়৷ তৰংগ গগৈ, চক্ৰ গগৈ– তেওঁলোক সৰু পৰিয়ালৰ পৰা অহা কাৰণে আমাৰ গগৈৰ নাম সাংবাদিকসকলে নলয়৷ তৰংগ গগৈৰ বাপেকৰ নাম কি, নাজানে কাৰণে তৰংগ গগৈ আপোনাৰ কাৰণে গগৈ নহয়৷ চক্ৰ গগৈৰ বাপেকৰ নাম কি– নাজানে কাৰণে আমাৰ গগৈকেইজনৰ ভেল্যু নাই৷ আপোনালোকে যে তিনি গগৈৰ কথা কৈ থাকে, আমাৰফালে থকা গগৈকেইজনৰ কথা কিয় নকয়৷ তাৰ মানে বাপেক ডাঙৰ হ’ব লাগিব, তেতিয়াহে আপোনালোকে নাম ল’ব৷ কোনো দলৰ নেতৃত্বত নাই, কাৰ ক’ত, দলৰ নেতৃত্বত আছে৷ নেতৃত্বত নাথাকোঁতেও আপোনালোকে তিনি গগৈৰ নাম লয়৷’






