পঞ্চদশ বার্ষিক সদৌ অসম ফেৰেংগাদাও একাংক নাট প্রতিযোগিতাৰ সফল সামৰণি
ডিজিটেল ডেস্কঃ ৩১ জানুৱাৰী ১ আৰু ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা পঞ্চদশ বার্ষিক সদৌ অসম ফেৰেংগাদাও একাংক নাট প্রতিযোগিতাৰ সফলভাৱে সামৰণি গৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্রন্থ "ফেৰেংগাঁদাও” প্রকাশ কৰা হয়। স্মৃতিগ্রন্থ খন উন্মোচন কৰে বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হোমেশ্বৰ কাকতিয়ে। ৩১ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত কৰা পঞ্চদশ বার্ষিক সদৌ অসম ফেৰেংগাদাও একাংক নাট প্রতিযোগিতাৰ মঞ্চ মুকলি কৰে অসম নাট্য সন্মিলনৰ প্ৰাক্তন প্রধান সচিব শ্রীযুত গিৰিধৰ ৰায়ে। ১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ২য় দিনাৰ প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে বিশিষ্ট বোলছবি, মঞ্চ আৰু ধাৰাবাহিক অভিনেতা শ্রীযুত হিৰণ্য ডেকাৱে। প্রতিযোগিতাৰ ফলাফলসমূহ এনেধৰণৰ- শ্রেষ্ঠ নাট্যদল ডেউকা সাংস্কৃতিক কেন্দ্র ছয়গাঁও নাট মাহিকা, ২য় শ্রেষ্ঠ নাট্যদল সূর্যমুখী নাট্যদল, তিনিচুকীয়া নাট চকী আৰু ফেঁজেৰা নাট্যগোষ্ঠীৰ মেলানি নাটখনে ৩য় শ্রেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে। শ্রেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰে ৰূপজ্যোতি মহন্তই, নাট এঙাৰ নাট্যদল বনলতা ক্রিয়েচন ছিপাঝাৰ।
২য় শ্রেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰে দিগন্ত কাকতি নাট উইল, নাট্যদল ন-প্রবাহ, গুৱাহাটী। শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে মধুমিতা পাটোৱাৰী, নাট চকী। শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে দিগন্ত কাকতি, নাট চকু আৰু ২য় শ্রেষ্ঠ অভিনেতাৰ বৰ্টা লাভ কৰে ৰঞ্জন তালুকদাৰে, নাট্যদল প্রজন্ম। শ্রেষ্ঠা অভিনেত্রীৰ বঁটা লাভ কৰে টুটুমনি কলিতাই, নাট মাহিকা। ২য় শ্রেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে আদিষ্ণা ৰাজবংশীয়ে, নাট মৰহা গোলাপৰ কলি। শ্রেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰে দৰ্শন ভট্টাচাৰ্য্যই, নাট উইল। শ্রেষ্ঠা সহ অভিনেত্রী বঁটা লাভ কৰে মিনাক্ষী কলিতাই, নাট মেলানি। শ্রেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰে দিগন্ত ভৰালীয়ে, নাট ছাই নাট্য গোষ্ঠী প্রজন্ম। শ্রেষ্ঠ শিশু শিল্পী বঁটা লাভ কৰে ধৃতি কাকতিয়ে, নাট চকু। শ্রেষ্ঠ পোহৰ সজ্জাৰ বঁটা লাভ কৰে নাট্যদল ৰহ্মৰাগে, নাট মৰহা গোলাপৰ কলি।
শ্রেষ্ঠ সাজ-সজ্জাৰ বঁটা লাভ কৰে নাট্যদল ডেউকা সাংস্কৃতিক কেন্দ্র নাট মাহিকা। শ্রেষ্ঠ আৱহ সংগীতৰ বঁটা লাভ কৰে নাট্যদল ডেউকা সাংস্কৃতিক কেন্দ্র নাট মাহিকা। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে বনলতা দেৱী নাট্যদল বনলতা ক্রিয়েচন, ছিপাঝাৰ। শ্রেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰে নাট্যদল ডেউকা সাংস্কৃতিক কেন্দ্র, ছয়গাঁও। ২ ফেব্রুৱাৰী তাৰিখে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী আৰু মুকলি সভাত এই অঞ্চলৰ প্রায় ২০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱাৰ লগতে প্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ফেৰেংগাদাওৰ উদ্যোগত বিশিষ্ট সংগীত শিল্পী শ্রীযুত ৰসানন্দ গগৈ ৰচিত আৰু পৰিচালিত বাণীবদ্ধ কৰা গীত এটি ৰাইজৰ বাবে মুকলি কৰা হয়। তাৰ পাছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে "সংগীত সাগৰ" উপাধি ঘোষণা কৰা হয়। ফেৰেংগাদাওৰ উদ্যোগত ১২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা শিশু নাট কর্মশালাত মুঠ ২০ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে। প্রশিক্ষক হিচাপে থাকে শ্রীযুত নিতিশ কুমাৰ দাস। শিশু নাট কর্মশালাত অংশগ্রহণ কৰা প্রশিক্ষার্থীসকলৰ দ্বাৰা এখন নাট সুন্দৰ ভাৱে মঞ্চস্থ কৰা হয়। নিতিশ কুমাৰ দাসৰ ৰচনা/পৰিচালনাৰে "মুগপাল" শীর্ষক শিশুনাটখনে দর্শক ৰাইজৰ প্রশংসা পাবলৈ সক্ষম হয়।






