Logo
image

তামৰ পাত্ৰত পানী খালে এইবোৰ উপকাৰ পোৱা যায়

প্ৰাচীন কালত তামৰ পাত্ৰত পানী সংৰক্ষণ কৰি ৰখা হৈছিল৷ খোৱাপানী যাতে প্ৰদূষণমুক্ত হৈ থাকে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছিল৷ আজি-কালি খোৱাপানী বিশুদ্ধ কৰিবলৈ ফিল্টাৰ বা পিউৰিফায়াৰ আদি ব্যৱহাৰ কৰা হয়৷ তামৰ পাত্ৰত পানী সংৰক্ষণ কৰাৰ বিষয়ে আজি-কালি কোনেও নাভাবে৷ আয়ুৰ্বেদ শাস্ত্ৰৰ বিশ্বাস– তামৰ পাত্ৰত খোৱাপানী ৰাখিলে ই জীৱাণুমুক্ত হয় আৰু পানীত থকা বেক্টেৰিয়াসমূহ সম্পূৰ্ণৰূপে ধবংস হৈ যায়৷ ফলত প্ৰাকৃতিকভাৱেই এই পানী বিশুদ্ধ হৈ পৰে৷ তদুপৰি গোটেই নিশা বা কমেও চাৰিঘণ্টা সময় তামৰ পাত্ৰতপানী ৰাখিলে সেই পানীত তামৰ প্ৰভাৱ পৰে৷ তাম মানৱ দেহৰ বাবে অতি গুৰুত্বপূৰ্ণ মিনাৰেল৷ তামৰ পাত্ৰত পানী ৰাখিলে বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপকাৰিতা–
(১) তামত থকা উপাদানসমূহে দেহৰ ক্ষতিকাৰক বেক্টেৰিয়াসমূহ নষ্ট কৰে আৰু পাকস্থলীৰ প্ৰদাহ কমায়৷ ইয়াৰ ফলত আলছাৰ বা বদহজমৰ দৰে সমস্যা নোহোৱা হয়৷
(২) দ্ৰুত ওজন কমাবলৈ হ’লে নিয়মিতভাৱে তামৰ পাত্ৰত সংৰক্ষণ কৰা পানী খোৱাৰ অভ্যাস কৰক৷ তামৰ পাত্ৰত থকা পানীয়ে দেহৰ অতিৰিক্ত মেদ নোহোৱা কৰে৷
(৩) শৰীৰৰ যিকোনো আঘাত সোনকালে শুকোৱাত সহায় কৰে তামৰ পাত্ৰত ৰখা পানী খোৱাৰ অভ্যাসে৷ অকল দেহৰ বাহিৰৰ অংশই নহয়, আভ্যন্তৰীণ ক্ষত (বিশেষকৈ পাকস্থলীৰ) স্থান সোনকালে নোহোৱা হয় তামৰ পাত্ৰত থকা পানী খালে৷ তদুপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু নতুন কোষ গঠনত সহায় কৰে৷
(৪) বয়সৰ লগে লগে ছালত বয়স ৰেখাই দেখা দিবলৈ আৰম্ভ কৰে৷ তাম এণ্টিঅক্সিডেণ্ট সমৃদ্ধ হোৱাত ইয়াত ৰখা খোৱাপানীয়ে কোষ গঠনত সহায় কৰে৷ ফলত ছালৰ পৰা বয়সৰ ছাপ নোহোৱা হয়৷
(৫) সম্প্ৰতি বিশ্বত হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ তাম এবিধ এনেকুৱা ধাতু, ই বিভিন্ন ৰোগৰ লগতে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায়৷ আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে তামৰ পাত্ৰত ৰখা পানী খালে ৰক্তচাপ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ হয় তথা তেজত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা কমি আহে৷
(৬) আয়ুৰ্বেদ শাস্ত্ৰৰ বিশ্বাস–  থায়ৰয়েডৰ সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে তামৰ পাত্ৰত ৰখা পানী খোৱাৰ অভ্যাস কৰিব লাগে৷