Logo
image

‘কা’ আন্দোলন চলিবঃ মুখ খুলিলে সমুজ্জ্বলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ফেব্ৰুৱাৰীঃ ‘নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ৰ বিৰুদ্ধে ৰাইজৰ সহযোগত আছু আৰু নেছ’ৰ সংগ্ৰাম চলি থাকিব৷ ‘কা’ৰ বিৰুদ্ধে আইনী যুঁজ আৰু গণতান্ত্ৰিক আন্দোলন সমান্তৰালভাৱে চলি আছে, চলি থাকিব৷ তাৰ পৰা আমাক কোনেও এচুলিমানো বিচলিত কৰিব নোৱাৰে৷’ আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে আছুৰ সত্ত্বা, আদৰ্শ আৰু দৰ্শনক কুঠাৰাঘাত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবঢ়ায় আছু আৰু নেছ’ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ বুধবাৰে তেওঁ গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত সংবাদ মাধ্যমৰ আগত কয়– ‘কা’ৰ ক্ষেত্ৰত দিল্লী-দিছপুৰৰ চৰকাৰে আমাৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ আন্দোলনৰ বাবেই কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু অসমৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাক ‘কা’ৰ পৰা ৰেহাই দিয়ে৷ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ এলেকাৰ বাবে যদি ‘কা’ বেয়া, তেন্তে বাকী এলেকাৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ব? আমাৰ এই প্ৰশ্নৰ উত্তৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দিব পৰা নাই৷ এয়া আমাৰ প্ৰতি চূড়ান্ত অন্যায়৷ এই অন্যায় আমি মানি নলওঁ৷ ‘কা’ৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত আছু আৰু নেছ’ৱে তৰা গোচৰৰ শুনানি চলি আছে৷ আছু-নেছ’ৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ বাবেই ‘কা’ৰ ক্ষেত্ৰত অসমৰ বাবে সুকীয়াকৈ শুনানিৰ সময় নিৰ্ধাৰণ কৰাৰ কথা কৈছে উচ্ছতম ন্যায়ালয়ে৷ নাগৰিকত্ব সংশোধনী আইন অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকে মনা নাই, নামানে৷