Logo
image

পুত্ৰই আৰক্ষীৰ চাকৰি কৰা বুলি নিশ্চিত আছিল পিতৃঃ ভুৱা চাকৰি-চক্ৰ, প্ৰলোভনৰ চিকাৰ হ’ল নেকি মানস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ ফেব্ৰুৱাৰীঃ গুপ্তচৰৰ অভিযোগত আলফাই বন্দী কৰা মানস বৰগোহাঁই সঁচাকৈ আৰক্ষী বিষয়া আছিল নেকি, তাৰ যেন আজিও ৰহস্য ভেদ হোৱা নাই৷ অসম আৰক্ষীয়ে বাৰে বাৰে আলফাৰ শিবিৰত বন্দী মানস বৰগোহাঁই আৰক্ষীত কৰ্মৰত নহয় বুলি দাবী কৰি অহাৰ বিপৰীতে আলফাই মানস আৰক্ষীৰ বিশেষ শাখাৰ এছআই আছিল বুলিয়েই নিজৰ স্থিতিত অটল আছে৷ এনে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে এইবাৰ মানস বৰগোহাঁইৰ পিতৃৰ আন এক ভাষ্যই বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে৷ স্বাভাৱিকতেই এতিয়া মানস বৰগোহাঁই নামৰ ২৪ বছৰীয়া যুৱকজন কোনো ভুৱা চাকৰি চক্ৰ তথা চৰকাৰী পক্ষৰ পলোভনৰ চিকাৰ হোৱাৰ সন্দেহ কৰা হৈছে৷ কিয়নো পিতৃ দেৱেন বৰগোহাঁইৰ মতে পুত্ৰ মানস আছিল অসম আৰক্ষীয়ে নিযুক্তি দিয়া এজন এছআই৷ ২০২১ চনত এছআই পদত স্পেচিয়েল কোটাত মানসে নিযুক্তি পোৱা বুলি খোদ পিতৃক জানিবলৈ দিছিল৷ মানসে ২০২১ চনত সামাজিক মাধ্যমত আলফালৈ যাম বুলি ভাবুকিভৰা পোষ্ট দিয়াৰ পাছতেই অসম আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াই বুজনি দি সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যুৱকজনক৷ সেইসূত্ৰেই আৰক্ষীয়ে বিশেষ কোটাত মানসক এছআই নিযুক্তি দিয়া বুলি পিতৃক মানসে নিজেই এই কথা জানিবলৈ দিছিল৷ আনকি আৰক্ষীত যোগদান কৰাৰ পাছত খাকী পোছাক ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ৪০ হাজাৰ টকা খুজি লৈছিল বুলিও পিতৃ দেৱেন বৰগোহাঁয়ে জানিবলৈ দিছে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বুধবাৰে মানসৰ দুৰ্ভগীয়া পিতৃ দেৱেন বৰগোহাঁয়ে কয়– ‘মানসে প্ৰথম আলফালৈ যাম বুলি সামাজিক মাধ্যমত এটা পোষ্ট দিছিল৷ ইয়াৰ পাছতেই ডিজিপি ভাস্কৰজ্যোতি মহন্ত, জি পি সিঙকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াই মাতি নি তাক বুজাইছিলে৷ তেওঁলোকে তাক কিবা সংস্থাপন দিম বুলিও কৈছিল৷ তাৰ কিছুদিনৰ পাছতেই এছআই নিযুক্তি দিয়া বুলি মানসে মোক জনাইছিল৷ সেই হিচাপে এছআই ট্ৰেইনিং কৰি থকা বুলিও সি মোক ফোনত কৈছিল৷ ট্ৰেইনিং কৰি থকা অৱস্থাত মোক আৰক্ষী পোছাক ক্ৰয়ৰ বাবে পইচা বিচাৰিছিল৷ মই তাক সৰ্বমুঠ ৪০ হাজাৰমান টকা দিছিলোঁ৷ প্ৰথমবাৰ মই ২৫ হাজাৰ টকা দিছিলোঁ৷ তাৰ পাছত ক্ৰমে ৫ হাজাৰ, ৭ হাজাৰ, ২ হাজাৰ, এহাজাৰ এইদৰে তাক টকা দিছিলোঁ৷ মই তেতিয়া তাক সুধিছিলোঁ– তোমাক কেনেকৈ পুলিচৰ চাকৰি দিলে৷ সি মোক স্পেচিয়েল কোটাৰ পৰা এছআই চাকৰি দিয়া বুলি জনাইছিল৷ এইটোও কৈছিল ক্ৰাইম ব্ৰান্সত পোষ্টিং দিয়া বুলি৷ মোবাইলত কি কি কাম কৰিব পাৰি এই বিষয়তো মোক কৈছিল৷ পৰেশ বৰুৱা ডাঙৰীয়াক হাতজোৰ কৰি কওঁ– সি যদি কিবা ভুল কৰিছে তাক ক্ষমা কৰি দিব৷ তাক মৃত্যুদণ্ড নিদিব৷’ অৱশ্যে আৰক্ষীয়ে মানস বৰগোহাঁইক এছ আই নিযুক্তি দিয়াাৰ কথা অস্বীকাৰ কৰাৰ বিপৰীতে খোদ মানসে পিতৃক আৰক্ষীত চাকৰি কৰা বুলি কোৱা বিষয়টোৱে স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি কৰিছে৷ বিভিন্নজনে সন্দেহ কৰিছে- মানসক কোনোবাই পুলিচৰ চাকৰিৰ প্ৰলোভন দি এই কাৰ্য সংঘটিত কৰিছে নেকি? কিয়নো আলফাই প্ৰেৰণ কৰা ভিডিঅ’ত মানসে তিনিটা মিছন সম্পূৰ্ণ কৰিলেই সাধাৰণ আৰক্ষীৰ দৰে আত্মপ্ৰকাশ কৰিব পাৰিলেহেঁতেন বুলিও প্ৰকাশ কৰিছে৷ গুৱাহাটীৰ যোৰাবাটত এটা মিছন ইতিমধ্যে সফলতাৰে সম্পন্ন কৰাৰ পাছত দ্বিতীয়টো মিছনত আলফা শিবিৰৰ গুপ্তচৰ হিচাপে গৈছিল বুলিও ভিডিঅ’ বাৰ্তাত মানসে প্ৰকাশ কৰা দেখা গৈছে৷ তদুপৰি মানস বৰগোহাঁয়ে এছ বিৰ জ’নেল হেড বুলি দাবী কৰি যিজন গোলাঘাটৰ নিবাসী  মানস চলিহাই বেলতলাৰ ৰয়েল এনক্লেভত আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াৰ অভিযোগ কৰিছে, সেইজন মানস চলিহাৰ ঠগ-প্ৰৱঞ্চনাৰ কু-কীতিবিভিন্নজনে এতিয়া সামাজিক মাধ্যমত তথ্য প্ৰমাণসহ ফাদিল কৰা দেখা গৈছে৷ মানস চলিহাই ২০২১ চনৰ পৰা ২০২৩ চনলৈ অসমৰ বাহিৰত কৰ্মসূত্ৰে কনছালটেণ্ট হিচাপে থকা বুলি দাবী কৰিলেও সামাজিক মাধ্যমত একাংশই অভিযোগ কৰা মতে মানস চলিহাই উক্ত সময়ছোৱাত ‘অৰ্গেনিক মাজুলী’ নামৰ এটা প্ৰতিষ্ঠানৰ হৈ গুৱাহাটীত শাক-পাচলিৰ বেপাৰৰ লগতহে জড়িত আছিল৷ তদুপৰি মানসে এগৰাকী প্ৰৱাসী অসমীয়া মহিলাৰ পৰা ৫০ হাজাৰ টকা ঋণ লৈ প্ৰৱঞ্চনা কৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷ পিতৃৰ মৃত্যু হোৱা বুলিও মানস চলিহাই মিছা কথা কৈ প্ৰঞ্চনাৰ জাল পেলোৱা বুলিও  সামাজিক মাধ্যমত অভিযোগ কৰিছিল প্ৰৱাসী অসমীয়া মহিলাগৰাকীয়ে৷ আনহাতে, মানস চলিহাই নিজৰ নামত পঞ্জীয়নভুক্ত বাহনখনত কি কতৃৰ্ত্বত ‘Govt of Assam’ লিখিছিল তাক ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷ কেৱল ইমানেই নহয়, সামাজিক মাধ্যমত প্ৰবঞ্চক হিচাপে কুখ্যাতি অৰ্জন কৰা মানস চলিহাৰ আছে দুটাকৈ পিষ্টল৷ মানস চলিহাই গাড়ীৰ ভিতৰত দুটাকৈ পিষ্টল লৈ ফেচবুকত ফটো দিয়াও দেখা গৈছে৷ মানস চলিহাই দাবী কৰাৰ দৰে তেওঁ যদি এজন সাধাৰণ যুৱক হয় তেনেহ’লে ক’ৰ পৰা পালে দুটাকৈ পিষ্টল৷ আনকি, মানস চলিহাই আলোচনাপন্থী এজন আলফা নেতাৰ সৈতেও সম্পৰ্ক থকাৰ অভিযোগ উঠিছে৷ তদুপৰি জনৈক মেধি উপাধি এজন ব্যক্তিৰ পৰাও মানস চলিহাই আলু ব্যৱসায়ৰ প্ৰলোভনেৰে ৮.৫০ লাখ টকা সৰকোৱাৰ অভিযোগ উঠিছে৷ উক্ত প্ৰৱঞ্চনাৰ অভিযোগত লোকজনে ২০২১ চনত মানস চলিহাৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ প্ৰৱঞ্চনাৰ এনে অভিযোগৰ পাছতো মানস চলিহাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰহস্যজনক স্থিতিহে গ্ৰহণ কৰি আহিছে৷ এতিয়া সেইজন প্ৰৱঞ্চনৰূপী মানস চলিহাক আলফাৰ কেম্পত বন্দী  মানস বৰগোহাঁয়ে আলফা বিৰোধী মিছনৰ বাবে প্ৰশিক্ষণ দিয়া  অন্যতম মূল ব্যক্তি বুলি বাৰে বাৰে অভিযোগ কৰাত ৰহস্য দুগুণেই বৃদ্ধি পাইছে৷ এনেবোৰ কাৰণতে মানস চলিহাই প্ৰৱঞ্চনাৰে যুৱকজনক বলিৰ পঠা সজোৱা বুলিও বিভিন্নজনে সন্দেহ তথা অভিযোগ কৰাই নহয়, মানস চলিহাক জেৰা কৰাৰ বাবেও আৰক্ষীক  মুকলি আহ৩ান জনাইছে সচেতন মহলে৷ ইফালে, আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মানস চলিহাক আলফাক গতাই দিলে ২৪ ঘণ্টাৰ ভিতৰতে সত্য স্বীকাৰ কৰোৱাব বুলিও হুংকাৰ দিছে৷ তদুপৰি আলফাৰ সংবিধান অনুসৰিয়েই চোৰাংচোৱাগিৰিৰ অপৰাধৰ বাবে বন্দী মানস বৰগোহাঁইৰ শাস্তি হ’ব বুলিও স্পষ্ট কৰি দিছে পৰেশ বৰুৱাই৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই কয়– ‘মানস বৰগোহাঁয়ে সকলো কথা স্বীকাৰ কৰিছে৷ মানস বৰগোহাঁই হৈছে আৰক্ষীৰ চোৰাংচোৱা৷ মানস চলিহাই পূৰ্বৰে পৰা আমাৰ বিৰুদ্ধে কাম কৰি আহিছে৷ আমাৰ বিৰুদ্ধে যুৱক-যুৱতী প্ৰেৰণ কৰে মানস চলিহাই৷ ২০১৯ চনৰ ২৭ ডিচেম্বৰত মানস চলিহাই দিছপুৰ থানাত গতাই দিছিল আমাৰ এজন সদস্যক৷ আশ্ৰয় দিম বুলি  মাতি নি পাছত গতাই দিছিল দিছপুৰ আৰক্ষীক৷ আমাৰ সংবিধান মতে মানস বৰগোহাঁইৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে৷ আৰক্ষীৰ লকআপত থকাৰ দৰে আমাৰ লকআপত আছে মানস৷ সংবিধানৰ বিভিন্ন দফামৰ্মে হ’ব শাস্তি৷ মানস চলিহা আমাৰ হাতত পৰিলে ২৪ ঘণ্টাতে সত্যতা স্বীকাৰ কৰিব৷’