Logo
image

৫৫ বছৰত ভৰি দিলে হিমন্তবিশ্বই

‘আমাৰ অসম’ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰ ফেব্ৰুৱাৰী, বুধবাৰে শুভ জন্মদিন৷ ১৯৬৯ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৫৫ বছৰত ভৰি দিলে৷ ১০ মে’ ২০২১ৰ পৰা ৰাজ্যৰ ১৫সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বুধবাৰে মাজনিশাই দিছপুৰৰ মিনিষ্টাৰছ কলনীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে৷ নিশা ১২ পৰাই কেবিনেট মন্ত্ৰীসকলৰ লগতে দলীয় নেতা-কৰ্মী তথা অগণন গুণমুগ্ধই দিছপুৰৰ মিনষ্টাৰছ কলনীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ গামোছা, ফুলৰ থোৰা আদিৰে মুখ্যমন্ত্ৰীক জন্মদিনৰ হিয়াভৰা ওলগ জনায়৷ জন্মদিনৰ প্ৰাক্‌ক্ষণত মঙলবাৰে মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ জনতা ভৱনৰ লোক সেৱা ভৱনত নিশালৈকে ইটোৰ পাছত সিটো চৰকাৰী কাৰ্যসূচী সমাপনত ব্যস্ত থাকে৷ কৰ্ম সম্পদান কৰি বহু পলমকৈই তেওঁ চৰকাৰী বাসভৱনত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে পত্নী ৰিণিকি ভূঞা শৰ্মাৰ লগতে পুত্ৰ-কন্যা তথা পৰিয়ালবৰ্গকো চৰকাৰী আৱাসত দেখা গ’ল বিশেষ উৎসাহী ৰূপত৷