Logo
image

ৰাহুল গান্ধীক নিষেধ কৰা বাটেৰেই আজি আহিব মোদী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্ৰুৱাৰীঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাহুল গান্ধীক নিষেধ কৰা বাটেৰেই আজি আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ দুদিনীয়া অসম ভ্ৰমণৰ সূচীলৈ শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিমান বন্দৰৰ পৰা মালিগাঁও হৈ গুৱাহাটীৰ মাজেৰে কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালা অভিমুখে আগবাঢ়িব প্ৰধানমন্ত্ৰীৰ কনভয়৷ স্বাভাৱিকতেই ৰাস্তাৰ দুয়োকাষে এই সুদীৰ্ঘ পথছোৱাত অসংখ্য লোকে আদৰিব প্ৰধানমন্ত্ৰীক৷ এক কথাত ক’বলৈ গ’লে গুৱাহাটীৰ বুকু কঁপাই ৰাহুলৰ বাবে নিষিদ্ধ পথেৰেই শনিবাৰে প্ৰধানমন্ত্ৰীক আদৰি সাদৰি আনিব ৰাজ্য চৰকাৰে৷ মহানগৰীৰ মাজেৰে আনি গুৱাহাটীখন কিমান সুন্দৰ হৈ উঠিছে সেয়া দেখুৱাব চৰকাৰ-প্ৰশাসনে৷ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণকাৰ্য চলি থকাত সন্ধিয়াৰ ভাগত নিৰাপত্তাজনিত কাৰণতে প্ৰধানমন্ত্ৰীক গুৱাহাটীৰ মাজেৰে আদৰি অনা হ’ব বুলি মন্তব্য কৰি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়– “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিব৷ বিমানবন্দৰতে তেওঁক দুয়োকাষে অসমৰ পৰম্পৰাগত লোকনৃত্য, গীত-মাতেৰে আদৰা হ’ব৷ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে গাড়ীৰে মালিগাঁও হৈ গুৱাহাটীৰ মাজেৰে কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালালৈ যাত্ৰা কৰিব৷ নিশা প্ৰধানমন্ত্ৰীৰ আন কোনো চৰকাৰী কাৰ্যসূচী নাই যদিও তেওঁ বিজেপিৰ কৰ কমিটীৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব৷ দেওবাৰে দিনৰ ১১.৩০ বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ডেৰ লাখ লোকৰ সমাগমেৰে এক বিশাল সভাত অসমবাসীক সম্বোধন কৰিব৷ এই সভাত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৪৯৮ কোটি টকাৰ ব্যয় সাপেক্ষে ‘পিএমডিভাইন’ আঁচনিৰ অধীনৰ কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ সমুদায় ধন কেন্দ্ৰীয় চৰকাৰে বহন কৰিব যদিও মাটি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ ধন ৰাজ্য চৰকাৰে দিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কপৌ ফুলৰ আৰ্হিত নিৰ্মিয়মান গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল সংযোগী ৬ লেনযুক্ত  নতুন পথেৰো আধাৰশিলা স্থাপন কৰিব৷ ৩৫৮ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই ৬ লেনযুক্ত পথত ৰটাৰী থাকিব আৰু নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে হায়দৰাবাদৰ দৰে ফিলিং পাম৷ ইয়াৰাপৰি প্ৰধানমন্ত্ৰীয়ে অসম মালাৰ দ্বিতীয় সংস্কৰণ হিচাপে ৩৪৪৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৪৩ টা পথ তথা ৩৮ খন দলঙৰো আধাৰশিলা স্থাপন কৰিব৷ ইতিমধ্যে এই পথসমূহৰ নিবিদা সম্পূৰ্ণ হৈছে৷ ইয়াৰ ভিতৰত বৰমাৰ পৰা তামুলপুৰলৈ ৯০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত পথ, বৰমাৰ পৰা বাগ্‌সাৰ নিকাচিলৈ নিৰ্মাণ হ’বলগীয়া পথ, বোকাখাট চাহ বাগিচালৈ নিৰ্মাণ হ’বলগীয়া পথ, কাচাৰৰ বিন্দাকান্দীৰ পৰা স্বামী বিবেকানন্দ মূৰ্তিলৈকে নিৰ্মাণ হ’বলগীয়া পথ, চৰাইদেউৰ পাটসাকোৰ পৰা পিঠাগুৰিলৈ নিৰ্মাণ হ’বলগা পথ, চিৰাঙৰ কালিমন্দিৰ তিনিআলিৰ পৰা পূব আমগুৰিলৈ নিৰ্মাণ হ’বলগীয়া পথ, মঙলদৈৰ পৰা ৰঙিয়ালৈ নিৰ্মাণ হ’বলগীয়া বিকল্প পথ, ধেমাজিৰ বুটিকৰৰ পৰা নিৰ্মাণ হ’বলগীয়া এটা পথ, টিংৰাই তিনিআলিলৈ নিৰ্মাণ হ’বলগা নতুন পথ, চেচা তিনিআলি গৰুবন্ধা ইটাখুলিৰ পৰা নিৰ্মাণ হ’বলগা নতুন পথ, চুঙাজান সৰুপথাৰৰ নতুন পথ, গোলাঘাটৰ পৰা মেৰাপানীলৈ হ’বলগীয়া ডাৱললেন পথ, গোৱালপাৰাৰ বাদুলিমাৰি পথ, তিতাবৰৰ বৰহোলা নআলিৰ ডাৱল লেন পথ, নলবাৰীৰ পৰা কলিতাকুছিলৈ ডাৱললেন পথ, বেজেৰা চাৰিআলিৰ পৰা বালিকুছিলৈ ডাৱললেন পথ, মাঝীৰগাঁও-পলাশবাৰী পথ, বৰঘাট-বৰ্ণিহাট পথ, কুঠৰী-ডিফু পথ, কোকৰাঝাৰ-ৰামফৰ পথ, কহঁৰাৰ পৰা লখিমপুৰৰ আমগুৰিলৈ নতুন পথ, মাজুলীৰ পাটিগাঁৱৰ নতুন মথাউৰি, আহতগুৰিৰ পৰা আমচৈ পথ, নাজিৰা টাউন-দিখৌমুখ পথ, পৰুৱা চাৰিআলি-তেজপুৰ বিশ্ববিদ্যালয় ডাৱললেন পথ, বৈঠালাংছু-খানডুবিৰ পথো অন্তৰ্ভুক্ত হৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে ৩২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জিএমচি এইচৰ নতুন বিল্ডিঙৰ লগতে ৮৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাঁহ-বেতৰ খৰাহীৰ আৰ্হিৰ অত্যাধুনিক নেহৰু ষ্টেডিয়ামৰ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰাতাবাৰীত নিৰ্মাণ হ’বলগীয়া কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগতে মণিৰাম ট্ৰেড চেণ্টাৰৰ ইউনিটি মলৰ আধাৰশিলা স্থাপন কৰিব৷ সম্পূৰ্ণ ভাৰত চৰকাৰৰ অৰ্থসাহায্যত ২৯৭ কোটি টকা ব্যয়সাপেক্ষে এই ইউনিটি মলৰ নিৰ্মাণ হ’ব৷ প্ৰধানমন্ত্ৰীয়ে ৫৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা চামগুৰি-গহপুৰ পথ, ১৪৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা বিশ্বনাথ চাৰিআলি আৰু গহপুৰ পথৰো শুভ উদ্বোধন কৰিব৷ এনেদৰে সৰ্বমুঠ ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন বা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷” উল্লেখ্য যে এই সংবাদ মেলতে মুখ্যমন্ত্ৰীয়ে কয় যে দেওবাৰে দুপৰীয়া ১.৩০ বজাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ঘাইপথেৰে দিনে-পোহৰে উভতি যাব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত কোনো ৰোডশ্ব’ নহয়৷