Logo
image

বিদ্যুৎ বিড়ম্বনাঃ আন্ধাৰতে ভাষণ দিলে মন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ নগৰবেৰাত বৃহস্পতিবাৰে অনুষ্ঠিত নগৰবেৰা মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈয়েই কিছু সময়ৰ বাবে অথন্তৰৰ সন্মুখীন হ’বলগীয়া হ’ল ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ বৰ্ধিত কাৰ্যনিবাহক সভা আৰম্ভ হোৱাৰ লগে লগে বিদ্যুৎসেৱা ব্যাহত হোৱাত অস্বস্তি অনুভৱ কৰে মন্ত্ৰী জয়ন্ত মল্লৰ  লগতে মঞ্চত উপৱিষ্ট অতিথিসকল৷ উপায়ন্তৰ হৈ মঞ্চত একাংশ দলীয় কৰ্মীয়ে ম’বাইলৰ ফ্লাচ জ্বলাই সভা চলাই নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আকস্মিক বিদ্যুৎ কৰ্তনৰ ফলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আন্ধাৰতে নিজৰ ভাষণ অব্যাহত ৰাখে৷ মন্ত্ৰী জয়ন্তমল্লৰ সভা চলি থকা সময়তে বিদ্যুৎ সেৱা ব্যাহত হোৱাত অথন্তৰ লাগে কৰ্মীসকলৰ মাজত৷ পাছত পুনৰ বিদ্যুৎ সেৱা বাহাল হোৱাত সুকলমে চলাই নিয়ে সভাখন৷ মন্ত্ৰীৰ সভাতেই বিদু্যতৰ এনে অৱস্থা, তেন্তে সাধাৰণ জনতাৰ বিদ্যুৎ সেৱা কিমান সুচাৰুৰূপে চলিছে সেয়া সহজেই অনুমেয় বুলি উপস্থিত সকলৰ মাজত বু-বা চলা পৰিলক্ষিত হয়৷ ইপিনে সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক তুচ্ছ তাচ্ছিল্য কৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ নগৰবেৰাস্থ তৰুণ সংঘত অনুষ্ঠিত নগৰবেৰা মণ্ডল বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকে ৰাহুল গান্ধী সন্দৰ্ভত প্ৰশ্ন সোধাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়– বিজেপিৰ মণ্ডল সভাপতিৰ সভাত যিমানখিনি মানুহ থাকে সিমানখিনি মানুহ থাকে ৰাহুল গান্ধীৰ লগত৷ গতিকে ৰাহুল গান্ধী সন্দৰ্ভত মই নহয়, বিজেপিৰ মণ্ডল সভাপতিয়েহে উত্তৰ দিব৷ সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব৷ তেনেক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে সন্তুষ্ট কৰিবলৈ ৪ ফেব্ৰুৱাৰীৰ জনসভাত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়৷ সভালৈ যোৱা প্ৰতিগৰাকী ব্যক্তিক নিজৰ নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি যাবলৈ বিশেষভাৱে আহ্বান জনায় মন্ত্ৰীজনে৷ ইপিনে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ চৰকাৰী ভূমিত হোৱা অবৈধ বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰাৰ কথাও ব্যক্ত কৰিছে মন্ত্ৰী বৰুৱাই৷ নগৰবেৰাৰ মূল পথসমূহৰ বিধবস্ত ৰূপ প্ৰত্যক্ষ কৰা বুলি কৈ তেওঁ এই অঞ্চলৰ সকলো সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব বুলিও কয় মন্ত্ৰীজনে৷ উল্লেখ্য যে, ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা সফল কৰাৰ প্ৰয়াসেৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বিভিন্ন প্ৰান্তত অনুষ্ঠিত মণ্ডল বিজেপিৰ সভাত অংশগ্ৰহণ কৰে৷