Logo
image

টিভিৰ ৰিয়েলিটিৰ শ্ব’ত নোৰা ফাটেহীৰ অশ্লীল নৃত্য, তোলপাৰ নেট দুনীয়া

মৰক্কো-কানাডিয়ান সুন্দৰী তথা বলীউডৰ গ্লেমাৰ কুইন নোৰা ফাতেহীৰ নৃত্যক লৈ তোলপাৰ লাগিছে নেট দুনীয়া৷ নোৰাৰ নৃত্যই  শ্লীলতাৰ সীমা চেৰাই যোৱা বুলি নেটিজেনে অভিযোগ তুলিছে৷ শেহতীয়াকৈ ‘ৱাই ই এছ বি’ টিভিৰ ডিজনী প্লাছ হট ষ্টাৰৰ ডান্স প্লাছ প্ৰো’ৰ মঞ্চত হাজিৰ হৈছিল আইটেম গাৰ্ল নোৰা ফাটেহী৷ ছিলভাৰ ৰঙৰ শ্বৰ্ট টাইট পোছাক পৰিধান কৰি অনুষ্ঠানত হাজিৰ হৈছিল নোৰা৷ অনুষ্ঠানত নোৰাই ‘ডান্স মেৰী ৰাণী’ গানৰ তালে তালে নাচিবলৈ ধৰে৷ তেওঁক সংগ দিয়ে নৃত্যশিল্পী সুশান্ত আৰু তুষাৰে৷ এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু বিতৰ্কটো সৃষ্টি হ’ল নাচৰ মাজতে নোৰাই শৰীৰত বটলেৰে পানী ঢলাক কেন্দ্ৰ কৰি৷ নোৰাৰ নৃত্যৰ ভংগিমা দেখি সকলো চমকি উঠে৷ নোৰাৰ নৃত্য দেখি প্ৰতিযোগী বিচাৰক সকলো বিব্ৰত হৈ পৰে৷ নোৰাৰ অশ্লীল নৃত্যই টিভিৰ মঞ্চখন বদনামী কৰা বুলি চৰ্চিত হৈছে৷