Logo
image

নিবনুৱাৰ ভৱিষ্যৎ কি?

অসম ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত অসম চৰকাৰে বিগত তিনিটা বছৰত চৰকাৰী বিভাগসমূহত খালী থকা তৃতীয়, চতুৰ্থবৰ্গৰ বিভিন্ন পদত বহু হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিছে৷  ইয়াৰ উপৰি আৰক্ষী বিভাগতো হাজাৰ হাজাৰ লোকে কনিষ্টবল, কমাণ্ডো আদি পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ এখন চৰকাৰে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহত খালী থকা পদসমূহ পূৰণ কৰি প্ৰশাসন, আইন-শৃংখলা দক্ষতাৰে পৰিচালিত কৰাৰ বাবে গ্ৰহণ কৰা উদ্যোগ প্ৰশংসনীয়৷ সমগ্ৰ দেশৰ লগতে অসমতো শিক্ষিত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত কেৱল চৰকাৰী বিভাগসমূহত হোৱা নিযুক্তি এপাচি শাকত এটা জালুক! হ’লেও অসম চৰকাৰে ১ লাখ নিবনুৱাক নিযুক্তিৰ যোগেদি অতি সামান্য পৰিমাণে নিবনুৱাক নিযুক্তি দিছে৷ এতিয়া প্ৰশ্ন হ’ল– ইতিমধ্যে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলৰ কিমান সংখ্যকে নিজে অৰ্জন কৰা যোগ্যতা, মেধা অনুসাৰে বিভিন্ন পদত মকৰল হৈছে? সদ্য অনুষ্ঠিত সদৌ অসম চৰকাৰী গাড়ীচালক আৰু সহায়ক সন্থাৰ অধিৱেশনত এচাম উচ্ছ ডিগ্ৰীধাৰী শিক্ষিত নিবনুৱাৰ নিজৰ অৰ্হতা, যোগ্যতাৰ কোনো প্ৰয়োজন নোহোৱা পদত নিযুক্তি হোৱাটোৱে মানৱ সম্পদ অপচয়ৰ স্বৰূপটোক উন্মোচিত কৰা কাৰ্য আলোচিত হৈছে৷ বিগত বৰ্ষত ৰাজ্যিক নিযুক্তি আয়োগৰ দ্বাৰা বাছনি প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰ,১৯১ গৰাকী চৰকাৰী গাড়ী চালকৰ মাজত ৮০ শতাংশই উচ্ছ ডিগ্ৰীধাৰী! এইসকলৰ মাজত আছে এম এ, এম টেক, এম এছ চি, বি টেক আৰু বিভিন্ন বিষয়ৰ স্নাতকপ্ৰাপ্ত  লোক৷ স্বাস্থ্য বিভাগত নিযুক্তি পোৱা ৭২জন চালকৰ অধিকাংশৰে ক্ষেত্ৰত একেই কথা প্ৰযোজ্য৷ ইতিমধ্যে এনেদৰে গাড়ীচালকৰ পদত মকৰল হোৱা উচ্ছ শিক্ষিত এচামে মানসিক সংঘাত, আত্মসন্মান নোহোৱাৰ আশংকাত চাকৰিত যোগদান কৰাৰ কিছুদিন পাছতে চাকৰি ত্যাগ কৰিছে আৰু এচামে নিজৰ পৰিয়ালৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চাকৰি কৰি থকাৰ সমান্তৰালকৈ আন চাকৰিৰ বাবে চেষ্টা কৰি আছে৷ এই দৃশ্যপট কেৱল গাড়ীচালকৰ চাকৰিৰ ক্ষেত্ৰতেই নহয়; ইতিমধ্যে ৰাজ্যত নিয়োজিত বিভিন্ন চৰকাৰী বিভাগৰ তৃতীয় বৰ্গৰ পদত নিযুক্ত হৈছে বিজ্ঞান, কলা, বাণিজ্য আদি বিভাগৰ ডক্তৰেট ডিগ্ৰীধাৰীৰ পৰা স্নাতকোত্তৰ, বি টেক, এম টেক আদি লোক৷ আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ– সেয়া সকলোৰে জ্ঞাত৷ কিন্তু প্ৰতিযোগিতাৰ নামত ইমান উচ্ছ ডিগ্ৰীধাৰীসকলে তেওঁলোকে পঢ়াশুনা বিষয়, মেধাৰ সৈতে কোনো সম্পৰ্ক নথকা চাকৰিত যোগদানে মানৱ সম্পদ অপচয়ৰ অতি দুখলগা প্ৰতিচ্ছবিখন দাঙি ধৰাৰ লগতে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ ভৱিষ্যৎ কি এই সম্পৰ্কে এক অজানা ভৱিষ্যতৰ ইংগিত দিছে৷ উল্লেখ্য ভাৰতবৰ্ষই বৰ্তমান সময়ত বিশ্বৰ ভিতৰত পঞ্চম বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হোৱাৰ লগতে অচিৰেই তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ  দিশে ধাৱমান হৈছে৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনতো ২০২৪ চনত ভাৰতীয় অৰ্থনৈতিক বিকাশৰ অগ্ৰগতি অতি আশাপ্ৰদ বুলি কোৱা হৈছে৷ কিন্তু এনে বিকাশে শিক্ষিত নিবনুৱা আৰু আন নিবনুৱাসকলক কিমান উপকৃত কৰিব সেয়াহে অতি গুৰুত্বপূৰ্ণ৷ অলপতে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে যোৱা দহ বছৰত দেশত অত্যন্ত উদ্বেগজনকভাৱে বাঢ়ি অহা নিবনুৱা সমস্যাৰ দিশটো গাপ দি ঢাকি ৰখা হৈছে যদিও অদূৰ ভৱিষ্যতে ই দেশৰ আৰ্থ-সামাজিক দিশত ব্যাপক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে৷ দেশত অসংখ্য বিনামূলীয়া আঁচনি, নিবনুৱাক বিভিন্নপ্ৰকাৰে প্ৰদান কৰা ভাট্টা আদিয়ে শাসকীয় দলক কেৱল ৰাজনৈতিকভাৱেহে উপকৃত কৰিছে যদিও সামাজিকভাৱে দেশৰ উত্থানত ই বিশেষ অৰিহণা আগবঢ়াব পৰা নাই বুলি ড॰ ৰাজনে কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ৷ প্ৰণিধানযোগ্য যে প্ৰায় ডেৰশ কোটি নাগৰিক থকা ৰাষ্ট্ৰখন আজিৰ সময়ত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট˜ৰূপে বিশ্বৰ কূটনৈতিক, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰেক্ষাপটত বিশেষ স্থান লাভ কৰাটো দেশৰ নাগৰিকৰ বাবে গৌৰৱৰ বিষয়৷ কিন্তু কম বয়সীয়া লোক বিশ্বৰ ভিতৰতে অধিক থকা ৰাষ্ট্ৰখনত শিক্ষিত যুৱক-যুৱতীয়ে কৰ্মসংস্থান যোগ্যতা অনুসাৰে লাভ নকৰিলে ই বিপদ মাতি অনাটো নিশ্চিত৷ এতিয়া দেশত নিৰ্বাচনৰ বতৰ৷ এই সময়ত এই প্ৰশ্নবোৰ উত্থাপিত হোৱাৰ সময় আহি পৰিছে৷ অসম এখন সৰু ৰাজ্য যদিও এনে এখন ৰাজ্যতে নিবনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা, যোগ্যতা অনুসাৰে চাকৰিত মকৰল নোহোৱাটো উদ্বেগজনক কথা৷ বিৰোধী ৰাজনৈতিক দলসমূহ একপ্ৰকাৰ স্তিমিত হোৱাৰ পাছত শাসকীয় দলৰ বাবে ৰাজনৈতিক যুঁজখনত জিকাটো বৰ টান নহ’ব৷ কিন্তু অসংখ্য শিক্ষিত নিবনুৱা আৰু অন্যান্য নিবনুৱাসকলে ভৱিষ্যতে ৰাজ্যখনত কি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, সেই সম্পৰ্কে বিশ্লেষণ কৰাটো অতি প্ৰয়োজন৷