Logo
image

‘মা কামাখ্যা ক’ৰিডৰে পৰ্যটন উজ্জীৱিত কৰিব’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্ৰুৱাৰীঃ ‘মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ শিলান্যাসে অসমলৈ পৰ্যটকৰ সোত বৃদ্ধি কৰিব৷ এই প্ৰকল্প সম্পন্ন হৈ উঠিলে অযোধ্যাৰ দৰেই কামাখ্যা হ’ব ট্যুৰিষ্ট হাব৷’ –এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ দেওবাৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কামাখ্যা কৰিড’ৰৰ আধাৰশিলাৰ লগতে প্ৰায় ১১ হাজাৰ কোটি টকাৰে প্ৰকল্পৰ শিলান্যাস বা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় কাশীত কৰিড’ৰ নিৰ্মাণৰ পাছতে বছৰত প্ৰায় চাৰে আঠ কোটি পৰ্যটক কাশীলৈ আহিছে৷ একেদৰে যোৱা বছৰত ৫ কোটি ভক্তই মধ্যপ্ৰদেশৰ মহাকাল মন্দিৰ দৰ্শন কৰিছে৷ ১৯ লাখ লোকে কেদাৰনাথ ধাম দৰ্শন কৰিছে৷ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতে ১২ দিনত প্ৰায় ২৪ লাখ ভক্তই ৰাম মন্দিৰ দৰ্শন কৰিছে৷ মা কামাখ্যা দিব্যলোক পৰিযোজনা সম্পূৰ্ণ হোৱাৰ পাছত অসমতো একেই দৃশ্য আমি দেখিবলৈ পাম৷ তীৰ্থযাত্ৰী আহিলে গৰীৱজনৰ উপাৰ্জনৰ পথ ওলায়৷ পৰ্যটনৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূবৰ ভৰপুৰ সম্ভাৱনা আছে৷ তীৰ্থ, মন্দিৰ দৰ্শন কৰিবলৈ অহাটো কেৱল আস্থাৰ কথা নহয়৷ হাজাৰ বছৰীয়া আমাৰ সভ্যতাৰ যাত্ৰাৰ প্ৰতিও এয়া এক অটল বিশ্বাস৷ এসময়ত সভ্যতাৰে সমৃদ্ধ বিশ্বৰ কোনো কোনো দেশ আজি খণ্ডিত হৈছে৷ স্বাধীনতাৰ পাছত যি দলৰ চৰকাৰে দীৰ্ঘসময় শাসনভাৰ চলালে তেওঁলোকে আস্থাৰ পৱিত্ৰ স্থানবিলাকৰ মহত্ব বুজি নাপালে৷ ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ সংস্কৃতি অতীতৰ সৈতে বুজাবুজি কৰিলে৷ কোনো দেশেই এনেদৰে নিজৰ অতীত, শিপাক দলিয়াই দি বিকশিত হ’ব নোৱাৰে৷ যোৱা দহ বছৰত আমাৰ চৰকাৰে বিকাশৰ লগতে বিৰাচত নীতিক প্ৰাধান্য দি কাম-কাজ আগবঢ়াই নিছে৷ কামাখ্যা ধাম দিব্যলোক পৰিযোজনা এনে চিন্তাৰে এক উৎকৃষ্ট প্ৰতিফলন৷