Logo
image

পেটিএম কেলেংকাৰিৰ তদন্তত নামিল ইডি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ ফেব্ৰুৱাৰীঃ দেশৰ বিত্তীয় নিয়ম উলংঘা কৰাৰ অপৰাধত ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ২৯ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ বেংকিং সেৱা বন্ধ কৰি দিয়া পেটিএমৰ কেলেংকাৰি তদন্ত কৰিব ইডিয়ে৷ পেটিএমৰ জৰিয়তে শ শ কোটি টকা অজ্ঞাত স্থানলৈ ‘ট্ৰেন্সফাৰ’ কৰি থকা হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিলাসী প্ৰকল্প ‘ষ্টাৰ্টআপ’ৰ অন্তৰ্গত এই বিত্তীয় কোম্পানীৰ কেলেংকাৰিৰ তদন্ত এতিয়া স্বয়ং ইডিয়ে হাতত লৈছে৷ যোৱা ফেব্ৰুৱাৰী পৰ্যন্ত চীনৰ বিশ্বখ্যাত সংস্থা আলিবাবাৰো অংশীদ্বাৰিত্ব থকা পেটিএমৰ জৰিয়তে সংঘটিত ধন হস্তান্তৰৰ কেলেংকাৰিয়ে এইবাৰ দেশৰ আন এটা বিত্তীয় কেলেংকাৰি উন্মোচন কৰিব বুলি আশংকা কৰা হৈছে৷ পেটিএমৰ জৰিয়তে বৃহৎ পৰিমাণৰ ক’লাধন দেশৰ বাহিৰলৈকো ওলাই যোৱাৰ ধাৰণা কৰা হৈছে৷ চীনৰ আলিবাবাৰ এই কোম্পানীত কিছুদিনৰ আগলৈকে অংশীদাৰিত্ব থকাৰ বাবেই এনে আশংকাৰ উদ্ভৱ হৈছে৷ ইডিৰ তদন্তত কেলেংকাৰিৰ সৱিশেষ প্ৰকাশ পোৱাৰ ক্ষেত্ৰতো সন্দেহৰ সৃষ্টি হৈছে৷ কাৰণ প্ৰধানমন্ত্ৰীৰ ষ্টাৰ্টআপ আঁচনিৰ অন্তৰ্গত এটা কোম্পানীৰ বিত্তীয় কেলেংকাৰিয়ে নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰক অস্বস্তিত পেলাব পাৰে৷ কিন্তু কেন্দ্ৰীয় বিত্তীয় তদন্তকাৰী সংস্থা ইডিয়ে তদন্ত হাতত লোৱাৰ লগে লগে পেটিএমৰ কেলেংকাৰিয়ে নিচেই সৰুসুৰা নহয়, সেই বিষয়ে অনেকেই ধাৰণা কৰি লৈছে৷
পেটিএমে ক্ৰমাগতভাৱে বিত্তীয় নিয়ম উলংঘা কৰাৰ বাবেই ভাৰতীয় ৰিজাৰ্ভ বেংকে কোম্পানীটোৰ বেংকিং ব্যৱস্থা ২৯ ফেব্ৰুৱাৰীৰ পৰা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ সেই অনুসৰি পেটিএমে কোনো গ্ৰাহকৰ একাউণ্ট খুলিব আৰু পৰিচালনা কৰিব নোৱাৰিব, ৱালেটত কোনো টকা জমা কৰিব নোৱাৰিব আৰু ‘ক্ৰেডিট’টো কোনো ধনৰ লেনদেন কৰিব নোৱাৰিব৷ পেটিএমে ইমানেই অবাধ হাৰত দেশৰ বিত্তীয় নিয়ম উলংঘা কৰিছিল যে, এজন গ্ৰাহকৰ এখন পাণ কাৰ্ডৰ জৰিয়তে হাজাৰৰ অধিক একাউণ্ট খুলি চলাই আছিল৷ পেটিএমৰ হাজাৰ হাজাৰ একাউণ্টত গ্ৰাহকৰ কে ৱাই চি আৰু আনকি সাধাৰণ তথ্যও নাই৷ ইয়াৰ ফলত আৰ্থিক দুৰ্নীতিৰ সম্ভাৱনা অধিক প্ৰৱল হৈছে৷ এনে ভুৱা একাউণ্টৰ জৰিয়তেই বাহিৰলৈ কোটি কোটি টকা স্থানান্তৰ হোৱা বুলি ধাৰণা কৰা হৈছে৷