Logo
image

জিভা পুৰিলে এইবোৰ উপায়েৰে সকাহ পোৱা যায়

গৰম খাদ্য খালে কেতিয়াবা অসাৱধানতাবশতঃ বহুতৰে জিভা পোৰে৷ অত্যধিক গৰম চাহ বা কফিৰ কাপত চুমুক দিলে জিভা পোৰাটো স্বাভাৱিক ঘটনা৷ কিন্তু জিভা পোৰাৰ ফলত হোৱা যন্ত্ৰণা অতি অস্বস্তিদায়ক হয়৷ জিভা পুুৰিলে আন খাদ্য খোৱাতো অসুবিধা  হয়৷ এনে অৱস্থাত কি কৰিব? উল্লেখ কৰা হ’ল জিভা পুৰিলেসকাহ পোৱাৰ কেইটামান উপায়–
- জিভা পোৰাৰ লগে লগে ঠাণ্ডা পানীৰে কুলি কুলি কৰক৷ নাইবা  মুখত কিছুসময় পানী ভৰাই ৰাখক৷ পোৰা অংশত বৰফৰ টুকুৰা লগালেও সকাহ পোৱা যায়৷ 
- বৰফৰ পানীৰে বাৰে বাৰে মুখ ধুওক৷ 
- পোৰা অংশত মৌ লগালেও যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷  মৌত এণ্টি বেক্টেৰিয়েল উপাদান থাকে৷ ফলত মৌৱে  জ্বলাভাৱ বা পোৰা ভাৱ দূৰ কৰাত সহায় কৰে৷ একেদৰে মৌৱে মুখত বেক্টেৰিয়াৰ প্ৰভাৱ প্ৰতিহত কৰে৷ সেয়ে গৰম বস্তু খাওতে জিভা পুৰিলে মৌ লগাব পাৰে৷ 
- এল’ভেৰাই যিকোনো বিষ কমায়৷ জিভা পুৰিলে এল’ভেৰাৰ ৰস পোৰা অংশত ২০-২৫ মিনিট সময় লগাই ৰাখক৷ দিনত অন্ততঃ দুবাৰ এল’ভেৰাৰ ৰস লগালে জিভা পোৰাৰ যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷