Logo
image

প্ৰদেশ কংগ্ৰেছৰ অভিযোগঃ খানাপাৰাত অসমৰ ৰাইজক আভুৱা ভাৰিলে মোদীয়ে

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত ভুৱা গেৰাণ্টীৰে অসমৰ ৰাইজক আভুৱা ভাৰিছে। প্রধানমন্ত্রীয়ে দিয়া গেৰাণ্টী এতিয়ালৈকে পূৰণ হোৱা নাই। সোমবাৰে অসম প্রদেশ কংগ্রেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত এই অভিযোগ কৰি দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত নৰহে কটাক্ষ কৰি কয় যে নিযুক্তিৰ ক্ষেত্ৰতেই হওক, চাহ শ্রমিকৰ মজুৰি প্রদানৰ ক্ষেত্ৰতেই হওক, ৬ জনগোষ্ঠীৰ জনজাতিকৰণেই হওক কিম্বা অসম চুক্তিৰ ৬নং দফা পালনৰ গেৰাণ্টী মোদী চৰকাৰে পালন কৰাত ব্যৰ্থ হৈছে। বছৰি ২ কোটি নিবনুৱাক সংস্থাপন দিয়া, কলা ধন ঘূৰাই আনি প্রত্যেকৰ বেংক একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিয়া, অসমক বাংলাদেশীমুক্ত কৰা আদি গেৰাণ্টী প্রধানমন্ত্রীয়ে পাহৰিলে৷ প্রধানমন্ত্রীয়ে পূর্বে ঘোষণা কৰা আঁচনিসমূহকে নতুন আঁচনি বুলি আওৰাইছে। বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰমণে প্রকাশ কৰা প্রতিশ্রুতিসমূহকে অসমৰ ৰাইজৰ আগত নিজৰ ভাষণত মোদীয়ে নতুন ৰং সানি মোহাচ্ছন্ন কৰিছে।

সংবাদমেলত ভাগ লৈ দলটোৰ সংবাদ মাধ্যম বিভাগৰ সম-অধ্যক্ষ বেদব্রত বৰাই কয় যে ১১,৬০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস চৰকাৰৰ বিজ্ঞাপনৰ তথ্যৰ লগত বিসংগতিপূর্ণ। কেন্দ্ৰীয় চৰকাৰে নিজৰ পুঁজিৰে দুলাবাৰীৰ পৰা গহপুৰলৈকে চাৰিলেনযুক্ত পথত ব্যয় কৰিছে ২০০১ কোটি টকা। ইফালে, মা কামাখ্যা প্ৰৱেশ কৰিডৰৰ নামত ৪৯৮ কোটি টকা ধৰিলে মাত্র ২৫৪৯ কোটি টকাহে কেন্দ্ৰীয় চৰকাৰৰ নিজা ব্যয়। ইফালে, আদানিক লীজত দি থোৱা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথৰ বহলকৰণৰ নামত ৩৫৮ কোটি টকাৰ যি প্রকল্প সেয়া অসম চৰকাৰৰ লগত কেন্দ্রীয় চৰকাৰৰ যুটীয়া আঁচনি । সেই আঁচিনৰ ৩৫৮ কোটি টকা যোগ কৰিলেও সর্বমুঠ ২৯০৭ কোটিহে কেন্দ্ৰীয় চৰকাৰৰ। ইয়াৰ বাকী ৮৭০১ কোটি টকা ৰাজ্য চৰকাৰৰ নিজা আঁচনি। ৰাজ্য চৰকাৰে এই আঁচনিসমূহ সফল কৰিবলৈ বিভিন্ন শিতানৰ পৰা ঋণ ল'বলগীয়া হৈছে। এই ঋণৰ পৰিমাণ বর্তমান ১.৫০ লাখ কোটি টকা হৈছেগৈ। ঋাণৰ সুতৰ বাবদ ৰাজ্য চৰকাৰে বছৰি  ৮,০০০ কোটি টকা প্রদান কৰিব লাগে। কেন্দ্রীয় চৰকাৰৰ যদি সদিচ্ছা আছে অসমক ১.৫০ লাখ কোটিৰ ঋণ নিজে পৰিশোধ কৰক। অসমৰ লাভজনক কাগজ কল দুটা মোদী চৰকাৰৰ গেৰাণ্টীত কিয় নপৰিল বুলিও প্রশ্ন কৰে বেদব্ৰত বৰাই। 

আনহাতে সংবাদ মেলত ভাগ লৈ আন এজন সম-অধ্যক্ষ মেহদী আলম বৰাই দেওবাৰৰ ভাষণক লৈ কেবাটাও প্রশ্ন উত্থাপন কৰে। সংবাদ মেলত মেহদী আলম বৰাই কয় -  আমি নৰেন্দ্ৰ মোদীক প্রশ্ন কৰিব খুজিছোঁ যে আপুনি মণিপুৰৰ ইমান ওচৰলৈ আহিছে, অথচ সেই বিষয়ে কিয় টু শব্দ এটাও নক'লে। মোদীৰ গেৰাণ্টী হেনো গেৰাণ্টী সম্পূৰ্ণ কৰাৰ গেৰাণ্টী। গতিকে আমি সুধিব খুজিছোঁ যে ২০১৪ চনৰ ১৬ মে'ত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কোৱা সেই গেৰাণ্টী যোৱা ১০ বছৰেও কিয় পালন কৰিব নোৱাৰিলে।  ক'লা ধন ঘূৰাই আনি সকলোৰে একাউণ্টত ১৫ লাখকৈ দিম বুলি কোৱা গেৰাণ্টীৰ কি হ'ল? মোদীয়ে কৈছে যে অসম তথা উত্তৰ-পূবৰ ৰাস্তা-ঘাট উন্নত হৈছে। আমি প্রধানমন্ত্রী ডাঙৰীয়াক গাড়ীৰে উজনি অসম ভ্ৰমণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছো। মোদীয়ে সকলোৰে জীৱন সহজ আৰু সৰল কৰাৰ কথা কৈছে। আজি যিকোনো এজন সাধাৰণ মানুহক সুধিলে গম পাব যে জীৱন সৰল হৈছে নে কঠিন হৈছে৷ জীৱন যদি সহজ আৰু সৰল হৈছে তেন্তে সেয়া আদানিৰ হৈছে। বিনামূলীয়া আঁচনিক মোদীয়ে ইমানদিনে ফ্রি কা ৰেৱড়ি বুলি কৈ আহিছিল। কিন্তু এতিয়া নির্বাচন আহিছে বাবে কথাৰ সুৰ সলনি হৈছে। সেয়ে খানাপাৰাত  মোদীয়ে বিনামূলীয়া বিজুলী দিয়াৰ কথা কৈছে। কিন্তু সেই ছ'লাৰ ৰুফ আঁচনিৰে পাছত আদানিৰহে লাভ হ'ব বুলি মেহদী আলম বৰাই সংবাদ মেলত সদৰি কৰে।