Logo
image

এপেক্স বেংকত জমাধন কমিছে, ব্যৱসায়ীলৈ দৰদ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ ফেব্ৰুৱাৰীঃ বহুবিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজে জালিয়াতিৰে ২০ কোটি ৩০ লাখ টকা সৰকাই নিয়াৰ পাছতেই আৰ্থিক লোকচানৰ দিশে আগবাঢ়িছে অসম কো-অপাৰেটিভ এপেক্স বেংক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঞ্চালক আৰু সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকন অধ্যক্ষৰ দায়িত্বত থকা অসম কো-অপাৰেটিভ এপেক্স বেংকে সাৰদা কেলেংকাৰিত নাম সাঙোৰ খোৱা বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজক ৰিজাৰ্ভ বেংকৰ গাইডলাইন উলংঘনেৰে ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জৰিয়তে  ২০.৩০ কোটি টকা মোকলাই দিয়াৰ পাছতো আজিলৈকে সেই ধন জব্দ কৰিবলৈ সক্ষম হোৱা নাই৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে এপেক্স বেংকৰ এই কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ দিলেও আশ্চৰ্যজনকভাৱে দিছপুৰে বিগত ৬ মাহে তদন্তকাৰী সংস্থা বিআইইঅ’ক প্ৰভাৱশালী ব্যৱসায়ী ৰাজেশ বাজাজৰ বিৰুদ্ধে তদন্তত বাধা দি ৰখাৰহে অভিযোগ উঠিছে৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়তে তদন্তত সেউজ সংকেত নিদিয়াৰ অভিযোগ কৰিছে এপেক্স বেংকৰ কৰ্মচাৰীৰ লগতে শ্বেয়াৰ হ’ল্ডাৰ আৰু গ্ৰাহকসকলে৷ এপেক্স বেংকৰ প্ৰতি এতিয়া যেন গ্ৰাহকৰ বিশ্বাস আৰু আস্থা ক্ৰমাৎ হেৰুওৱাৰ উপক্ৰম ঘটিছে৷ যাৰ বাবে অসমৰ সৰ্ববৃহৎ সমবায় বেংকটোৰ মূলধন তথা গ্ৰাহকৰ জমা ধনৰ পৰিমাণ অভাৱনীয় হাৰত  হ্ৰাস পাব আৰম্ভ কৰিছে৷ শুনিলে আচৰিত যেন লাগিলেও ৰাজেশ বাজাজৰ জালিয়াতি উন্মোচন হোৱাৰ পাছৰে পৰা  বেংকটোত গ্ৰাহকৰ লেনদেন বহু পৰিমাণে হ্ৰাস পাইছে৷ বিগত ৮ মাহত ৭৭.১৫ কোটি টকা গ্ৰাহকৰ জমা ধন হ্ৰাস পাইছে৷ তথ্য অনুসৰি বিগত বৰ্ষত ৩১ মাৰ্চত এপেক্স বেংকৰ মুঠ জমা ধনৰ পৰিমাণ ৩৫৭১.০৯ কোটি টকা আছিল যদিও চলিত বৰ্ষৰ ৩১ জানুৱাৰীত বেংকটোৰ জমা ধন ৩৪৯৩.৯৪ কোটি টকালৈ হ্ৰাস পাইছে৷ ইয়াৰ ফলত বেংকটোৰ নিজা মূলধন ৰৈছেগৈ ১২৬ কোটি টকা৷ কিন্তু ৰাজেশ বাজাজৰ কেলেংকাৰিৰ তদন্তৰ লগতে জালিয়াতিৰে উলিয়াই নিয়া ২০.৩০ কোটি টকা ঘূৰাই অনাৰ বাবে চৰকাৰে ইচ্ছাকৃতভাৱে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাত এতিয়া একাংশ শ্বেয়াৰ হ’ল্ডাৰে ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডক লিখিত অভিযোগ দাখিল কৰিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০১৫ চনতে নিষিদ্ধ ঘোষণা কৰা ডিমাণ্ড বিল পাৰ্ছেছ ব্যৱস্থাৰে নীতি বহিৰ্ভূতভাৱে এপেক্স বেংকে গ্ৰাহক ৰাজেশ বাজাজক ২০.৩৩ কোটি টকা মোকলাই দিয়া কাৰ্যৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৰিজাৰ্ভ বেংকে৷ এই সন্দৰ্ভত ৰিৰ্জাভ বেংকে এপেক্স বেংকলৈ জাননী প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে৷ আনহাতে, বেংকটোৰ কেইবাজনো শ্বেয়াৰ হ’ল্ডাৰে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো অনিয়মৰ বিস্ফোৰক তথ্য৷ ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা হৈছে যে অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বৰ্তমানৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক অবৈধভাৱে নিযুক্তি দিয়া হৈছিল৷ বেংকটোৰ পৰিচালন সঞ্চালক হোৱাৰ পূৰ্বে ডম্বৰু শইকীয়া কৰ্মৰত আছিল মেঘালয় কো অপাৰেটিভ বেংকৰ সহকাৰী প্ৰবন্ধক পদত৷ সেই পদটো অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ শাখা প্ৰবন্ধকৰ পদ মৰ্যাদাৰ৷ কিন্তু সকলো নীতি নিয়ম ভৰিৰে মোহাৰি ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ ডম্বৰু শইকীয়াক মেঘালয়ৰ পৰা আনি এপেক্স বেংকৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হয়৷ অভিযোগ মতে, ইয়াৰ বাবে বেংকৰ সঞ্চালক মণ্ডলীৰ কোনো অনুমোদনে লোৱা হোৱা নাছিল৷ অভিযোগ মতে, বোৰ্ডৰ অনুমোদন নোহোৱাকৈয়ে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল তেতিয়াৰ কৰ্মৰত পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্ৰীক৷ ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্বজিত ফুকনে অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাছত প্ৰথমখন বৈঠকতে পুৰণি গাড়ীখন সলাই ৩২ লাখ টকাৰে এখন নতুন গাড়ী কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰতিষ্ঠা দিৱস পালনৰ নামত ৭২ লাখ টকা ব্যয় কৰা হৈছিল৷ অভিযোগ মতে, অধ্যক্ষ বিশ্বজিত ফুকনে পত্নীৰ কলেজক দিছে ২ লাখ ২০ হাজাৰ টকাৰ অনুদান– যিটো বেংকৰ সকলো নিয়মৰ পৰিপন্থী৷ এতিয়া একাংশ শ্বেয়াৰ হ’ল্ডাৰে ৰিজাৰ্ভ বেংকক লিখিত অভিযোগ দাখিল কৰাৰ পাছতেই কেন্দ্ৰীয় বেংকটোৰ ৰোষত পৰাৰ ভয়ত শেহতীয়াকৈ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজে ৰ লাখ টকাৰ এখন চেক এপেক্স বেংকক জমা দিছে যদিও আজিপৰ্যন্ত সেই চেকৰ ধন জমা নোহোৱাৰো অভিযোগ উঠিছে৷