Logo
image

১,৩৬,২৭৬ কোটি টকা ধাৰ, বিতং হিচাপ নিদিলে চৰকাৰে

‘আমৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ অসম আজিৰ তাৰিখত ধাৰৰ বোজাত ভাৰাক্ৰান্ত৷ বিজেপি চৰকাৰৰ কাৰ্যকালত ২০২২-২৩ বৰ্ষৰ ৩১ মাৰ্চলৈকে গধুৰ ধাৰৰ পৰিমান ১ লাখ ৯ হাজাৰ ২২ কোটি ৩৪ লাখ টকা৷ অকল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত অৰ্থাৎ ২০২১ চনৰ পৰা ২০২৩ চনলৈকে ধাৰ লৈছে ৪৩০৫.৫৭ কোটি টকা৷ এই ভাষ্য বিধায়ক অখিল গগৈৰ৷ তেওঁ মঙলবাৰে বিধানসভাৰ মজিয়াত ৰাজ্য চৰকাৰৰ ঋণক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাজ্য চৰকাৰক মূলধন ব্যয় ৰাজহ ব্যয়ৰ অনুপাত বিধানসভাত মজিয়াত দাখিল কৰিবলৈ বিত্তমন্ত্ৰীক আহ্বান জনাই কয়– বিজেপি নেতৃত্বাধীন চৰকাৰে কয় আমি ঋণ ল’ব পাৰো কাৰণে ঋণ লৈছো৷ দেশত সৰ্বাধিক ঋণ লোৱা ৰাজ্য তামিলনাডু, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ৷ এই ৰাজ্যৰ লগত যদি অসমৰ ধাৰ তুলনা কৰো অসমতকৈ তামিলনাডুৰ ঋণ ৬ গুণ বেছি৷ কিন্তু তামিলনাডুৰ মূলধন ব্যয় অসমতকৈ প্ৰায় চাৰিগুণ বেছি৷          

অসমত জিডিপিৰ বৃদ্ধিৰ হাৰতকৈ ঋণৰ বৃদ্ধিৰ হাৰ অধিক৷ বিজেপি চৰকাৰৰ দুটা কাৰ্যকালৰ ধাৰ অসমৰ অৰ্থনৈতিক স্বাস্থ্যৰ বাবে যে সঠিক নহয়, অসমৰ অৰ্থনীতিৰ বাবে ভয়াৱহ বিত্তমন্ত্ৰীয়ে মানি ল’বনে? এনেকৈ ধাৰ লৈ থাকিলে অসম চৰকাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ লৈ মহিলাসকলে পৰিশোধ কৰিব নোৱাৰাৰ দৰে অৱস্থা হ’ব অসম চৰকাৰৰ৷ অসম চৰকাৰে লোৱা ঋণ পৰিশোধ কৰিব লাগিব ৫০ বছৰ পাছত৷ বিত্তমন্ত্ৰীয়ে বিধানসভাত মূলধন ব্যয়, ৰাজহ ব্যয়ৰ ক্ষেত্ৰত ভুল তথ্য দিয়া বুলি কয় বিধায়ক অখিল গগৈয়ে৷ ইয়াৰ পাছত কংগ্ৰেছ বিধায়ক ভৰত নৰহে বিত্তমন্ত্ৰীক ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ মূলধন ব্যয়, ৰাজহ ব্যয়ৰ অনুপাত ৰাজহুৱা কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– বিত্ত বিভাগৰ সুদ আদায়ৰ পৰিমাণ  সংগৃহীত ৰাজহতকৈ বেছি হ’ব নোৱাৰে৷ চৰকাৰখনৰ বিগত কাৰ্যকালত প্ৰকৃত মূলধনী ব্যয় আৰু ৰাজহ ব্যয় কিমানসকলক জনাব লাগে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে নৰহৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ নৰহে অধ্যক্ষৰ জৰিয়তে বাৰম্বাৰ প্ৰশ্ন কৰাত উত্তৰ পাছত দিম বুলি কয় মন্ত্ৰী অজন্তা নেওগে৷ ঋণক লৈ বিধায়ক অখিল গগৈ আক্ৰণনাত্মক হৈ পৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই অখিল গগৈক কটাক্ষ কৰি কয়– অখিল গগৈয়ে তেওঁ সমষ্টিত ঋণৰ টকা নালাগে বুলি কওক৷ ইফালে, অসমৰ ঋণৰ বোজাক লৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– স্বাধীনতা লাভৰ পাছৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰলৈ অৰ্থাৎ ১৯৪৭-২০১৬  চনলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ ৪১,৯৬৪ কোটি টকা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ২০১৬-২০২১ চনলৈ প্ত বছৰত মুঠ ঋণৰ পৰিমাণ ৪৮,৮০১ কোটি টকা৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৰ্থাৎ ২০২১ চনৰ ৩১ মাৰ্চৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈ ২ বছৰত মুঠ ঋণ ৩১,৫৬৭ কোটি টকা৷ ৬৯ বছৰৰ অসমৰ ঋণ ৪১,৯৬৪ কোটি টকা৷ আনহাতে জ্জ বছৰৰ বিজেপি চৰকাৰৰ কাৰ্যকালত অসমৰ ঋণ  ৮০,৩৬৮ কোটি টকা৷ প্ৰথম ২ বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত অসমৰ ঋণ ৩১,৫৬৭ কোটি টকা (৩১ মাৰ্চ, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২৩ লৈ)৷ ২০২৩-২৪ বৰ্ষত ল’বলগীয়া ঘোষিত ঋণৰ পৰিমাণ ২৫,০৫২ কোটি টকা৷ ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ ৰ জানুৱাৰীলৈ লোৱা ঋণৰ পৰিমাণ প্ৰায় ১৫, ০০০ কোটি টকা৷ এই বছৰৰ ৩১ জানুৱাৰীলৈকে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ’ব ১,৩৬,২৭৬ কোটি টকা৷