Logo
image

ৰিংকিক সিহঁতে মাৰি পেলালে

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৮ ফেব্ৰুৱাৰীঃ ৰিংকি নামৰ এজনী কুকুৰৰ মৃত্যুক লৈ পিপ’লছ ফৰ এনিমেলছ নামৰ জীৱ-জন্তুৰ কল্যাণৰ হকে মাত মাতি অহা সংগঠনটোৰ বিৰূদ্ধে সৰৱ হৈ উঠিছে গুৱাহাটীৰ অধিবক্তা অনিতা দাসে৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত জীৱ-জন্তুৰ কল্যাণৰ হকে মাত মাতি অহা আন এটা স্বেচ্ছাসেৱী সংগঠন ‘পুৰ প’জ’ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত পিপ’লছ ফৰ এনিমেলছৰ বিৰূদ্ধে ক্ষোভ উজাৰে মহিলা অধিবক্তা অনিতা দাসে৷ সংবাদ মেলত পোহনীয়া কুকুৰ ৰিংকিৰ নিষ্ঠুৰ মৃত্যুৰ উচিত ন্যায়ৰ দাবী জনাই তেওঁ কয়– মই গুৱাহাটীৰ লাচিতনগৰস্থিত পিপিএএমএছ হাউছিং কলনীত মাতৃৰ সৈতে বসবাস কৰোঁ৷ পিপিএএমএছ হাউছিং কলনীৰ ছ’চাইটিয়ে যোগাযোগ কৰাত পিপ’লছ ফৰ এনিমেলছ (পিএফএ) নামৰ বেচৰকাৰী সংস্থাটোৱে মোৰ ‘ৰিংকি’ক জোৰ-জুলুম কৰি লৈ যায়৷ এই হাউছিং কমপ্লেক্সত ছ’চাইটিয়ে মোৰ ঘৰৰ সন্মুখত ট্ৰেন্সফৰ্মাৰ লগোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল যদিও মই এই কাৰ্যৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিলোঁ যাৰ ফলত নিৰীহ কুকুৰটো বলি হৈছিল৷ হাউছিং ছ’চাইটিৰ পৰা কৰা অভিযোগৰ বাবেই পিএফএয়ে মোৰ অনুপস্থিতিত জোৰকৈ মোৰ ঘৰত সোমাই ৰিংকি, যাক মই নিজ কন্যাৰ দৰে মৰম কৰোঁ তাইক জালেৰে মেৰিয়াই বান্ধি লৈ যায়৷ এই বিষয়ে মোৰ আগতীয়াকৈ কোনো খবৰ দিয়া হোৱা নাছিল৷ এছপিচিএ কামৰূপ দলে মোক সাক্ষাৎ কৰা নাছিল৷  অভিজ্ঞতাৰ অভাৱত এছ পিচিএ কামৰূপৰ দলটোৱে পৰৱৰ্তী সময়ত অপৰ্যাপ্ত প্ৰতিবেদন প্ৰস্তুত কৰে৷ কোনো দণ্ডাধীশৰ কোনো লিখিত অনুমোদিত অনুমতি নোপোৱাকৈয়ে এছপিচিএ কামৰূপে প্ৰস্তুত কৰা অপৰ্যাপ্ত প্ৰতিবেদনৰ সহায়ত পল্টন বজাৰ আৰক্ষীৰ সহযোগত পিএফএ গুৱাহাটীৰ অধ্যক্ষ ইন্দিৰা আম্মাই কুকুৰটো জব্দ কৰি লৈ যায়৷ ইয়াৰ পাছতে মই নন্দিনী বৰুৱা (প্ৰতিষ্ঠাপক, পুৰ প’জ ফাউণ্ডেশ্যন) আৰু মল্লিকা শৰ্মা (পশু পক্ষী সুৰক্ষা সমিতিৰ সমন্বয়ক)ৰ সৈতে যোগাযোগ কৰোঁ৷ তেওঁলোকে  পল্টন বজাৰ থানাত উপস্থিত হয় যদিও আৰক্ষীয়ে এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে এছপিচিএ কামৰূপৰ বিষয়াসকলৰ ওচৰতো কুকুৰটো উদ্ধাৰৰ ক্ষেত্ৰত সহায়ৰ বাবে আবেদন জনাই যদিও কোনো সুফল নাপালে৷  এছপিচিএয়ে নন্দিনী বৰুৱা আৰু মিলিন দত্ত (প্ৰতিষ্ঠাপক, এনাজৰী)ৰ কয় যে, তেওঁলোক সঠিকভাৱে উপস্থিত নাছিল৷ ৰিংকিক নিয়াৰ সময়ত তেওঁলোকৰ জড়িত আছিল কেৱল প্ৰতিবেদন প্ৰস্তুত কৰালৈকে৷ এছপিচিএ কামৰূপেও উল্লেখ কৰে যে তেওঁলোকে পিএফএক কুকুৰটো জব্দ কৰিবলৈ কোৱা নাছিল৷ মই ৰিংকিক বিচাৰি কাকূতি মিনতি কৰি মাণেকা গান্ধীৰ কাৰ্যালয়লৈ ই-মেইল প্ৰেৰণ কৰিছিলোঁ৷  ব্যক্তিগতভাৱে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ গৈছিলোঁ যদিও তেওঁলোকে কোনোধৰণৰ ইতিবাচক সঁহাৰি নজনালে৷ তদুপৰি মই পিএফএ গুৱাহাটীৰ অধ্যক্ষ ইন্দিৰা আম্মাক কুকুৰজনী ঘূৰাই দিবলৈ অনুৰোধ জনাইছিলোঁ যদিও তেওঁলোকে মোৰ অনুৰোধৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি আগ নবঢ়ালে৷ দুখৰ বিষয় যে পিএফএৰ গাফিলতিৰ বাবে ৰিংকিয়ে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ পিএফএৰ গুৱাহাটীৰ কাৰ্যালয়ত এক অস্বাস্থ্যকৰ পৰিৱেশত ৰিংকিক ৰখা হৈছিল৷ ৰিংকি স্নায়ুজনিত সমস্যাৰ লগতে হাড়ৰ সমস্যাত ভুগি আছিল যাৰ বাবে আমি বিশেষ যত্নত তাইক ৰাখিছিলোঁ৷ কিন্তু তাইক সিহঁতে সঠিক যত্ন নল’লে তাইক সিহঁতে আন ৰুগীয়া কুকুৰৰ লগত ৰাখি মাৰি পেলালে৷ তেওঁলোকে মোৰ ৰিংকিৰ চিকিৎসাৰ বাবে ভিক্ষাৰ পাত্ৰ দি সাহায্য বিচাৰিল৷ মোৰ পৰাও ২০ হাজাৰ টকা দাবী কৰিছিল৷ ৬ জানুৱাৰীত মোৰ পৰা জোৰ-জুলুমকলৈ লৈ যোৱা ৰিংকিৰ ৪ ফেব্ৰুৱাৰীত পিএফএৰ আশ্ৰয়গৃহত মৃত্যু হয়৷ মই খবৰ পোৱা অনুসৰি তাত এতিয়ালৈকে ১৬টা সুস্থ কুকুৰক মাৰি পেলোৱা হৈছে৷ মই এতিয়া ন্যায় বিচাৰিছোঁ৷ ৰিংকিক মাৰি পেলোৱাসকলক উচিত শস্তি দিবলৈ চৰকাৰক অনুৰোধ জনালোঁ৷’ সংবাদ মেলত, পুৰ প’জ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নন্দিনী বৰুৱাই কয়– আমি ৰিংকিৰ ন্যায়ৰ দাবীত একত্ৰিত হৈছোঁ আৰু ভৱিষ্যতে বিশেষকৈ ৰাজপথ আৰু পোহনীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত একেধৰণৰ কাণ্ড সংঘটিত হোৱাটো ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ৷ আমি এই বিষয়ত তদন্ত কৰি অনিতা দাস (ৰিংকিৰ মালিক) থকা পিএফএ, এছপিচিএ কামৰূপ আৰু পিপিএএমএছ হাউছিং ছ’চাইটীৰ দৰে সংগঠনক জবাবদিহি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ৷  ইয়াৰ উপৰি তেওঁলোকে পিএফএক ৰিংকিৰ সন্দৰ্ভত খবৰ দিয়াৰ ক্ষেত্ৰত স্থানীয় সমাজৰ সভাপতি-সচিবক জড়িত কৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছোঁ৷ লগতে পিএফএ বন্ধ কৰাৰ দাবী জনাইছোঁ কাৰণ তেওঁলোকৰ কোনো চৰকাৰী পঞ্জীয়ন নাই৷ ৰাজ্যত চৰকাৰীভাৱে এছপিচিএ আশ্ৰয়গৃহ খুলিব লাগে৷ লগতে জীৱ-জন্তুৰ সুৰক্ষাৰ বিষয়ত আইন কঠোৰ হ’ব লাগে৷ ‘সংবাদ মেলত মল্লিকা শৰ্মা (সমন্বয়ক, পশু পক্ষী সুৰক্ষা সমিতি), মিলিন দত্ত (প্ৰতিষ্ঠাপক, এনাজৰী ফাউণ্ডেশ্যন), ৰুহি বৰুৱা (সচিব, ষ্ট্ৰীট এনিমেল ৱেলফেয়াৰ)ৰ উপৰি বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি  উপস্থিত থাকে৷ তেওঁলোকে অনিতা দাসৰ পোহনীয়া কন্যা ৰিংকিৰ নিষ্ঠুৰ মৃত্যুৰ ন্যায়ৰ বাবে ন্যায়িক ব্যৱস্থাৰ পৰা সহায় বিচাৰে৷