Logo
image

এইকেইটা ৰোগত তুলসীপাতে ‘যাদু’ৰ দৰে কাম কৰে

আমাৰ অসম বিশেষঃ আধুনিক চিকিৎসাৰ সহায় লৈও কেতিয়াবা ৰোগ নিৰাময় সম্ভৱ হৈ নুঠে৷ তাৰ পৰিৱৰ্তে শ্বাহজনিত ৰোগ, মূৰৰ বিষ, জ্বৰ, সংক্ৰমণ, কিডনীৰ পাথৰ, মুখৰ দুৰ্গন্ধ আদিৰ দৰে শাৰীৰিক বিকাৰৰ ক্ষেত্ৰত বিভিন্ন বনৌষধিয়ে সুফল দিয়ে৷ এই ক্ষেত্ৰত তুলসীপাতে ৰোগ নিৰাময় আৰু প্ৰতিৰোধত যাদুৰ দৰে কাম কৰে৷ 

তুলসীপাতৰ কেইটামান বিশেষ গুণঃ 

মূৰৰ বিষত তুলসীপাত অতি উপযোগী৷ মূৰৰ বিষৰ লগতে মাইগ্ৰেন, ছাইনাচ, দুঃচিন্তা আদি নিৰাময় কৰিবৰ বাবে প্ৰতিদিনে নিয়মীয়াকৈ তুলসীপাত খাওক৷ 

◾জ্বৰৰ চিকিৎসাঃ যদি আপোনাৰ জ্বৰ উঠি থকা অৱস্থাত ঔষধ সেৱন কৰাৰ পাছতো সুফল নাপায় তেতিয়া প্ৰাকৃতিকভাৱে চিকিৎাসা কৰিব পাৰে৷ এই ক্ষেত্ৰত প্ৰতিদিনে তিনিবাৰকৈ তুলসীপাত পিচি খালে জ্বৰ লাহে লাহে কমি আহিব৷ 

◾সংক্ৰমণৰ চিকিৎসাঃ বিভিন্ন কাৰণত মানুহৰ শৰীৰত সংক্ৰমণে দেখা দিব পাৰে৷ এই সংক্ৰমণ দূৰ কৰাৰ বাবে তুলসীপাত অতি উপযোগী৷ তুলসীপাতত থকা এণ্টিবেক্টেৰিয়েল উপাদানে সংক্ৰমণ হোৱাত বাধা দিয়ে৷ 

◾বৃক্কৰ পাথৰঃ বৃক্কত পাথৰৰ দৰে সমস্যাৰ সৃষ্টি হ’লে প্ৰাৰম্ভিক অৱস্থাত তুলসীপাতৰ ৰস খালী পেটতে খালে সুফল পাব৷

◾কাহ-কফজনিত ৰোগতঃ কাহ-কফজনিত ৰোগত ভুগিলে তুলসীপাত মহৌষধ৷ পানীৰ সৈতে তুলসীপাত পিচি খালে কম সময়ৰ ভিতৰতে কাহ-কফজনিত ৰোগৰ পৰা উপশম পাব পাৰি৷ তুলসীপাতত থকা এণ্টি-টুচিভ উপাদানৰ বাবে কফ দূৰ কৰাত সহায় কৰে৷ আনহাতে তুলসীপাতত থকা এক্সপেক্টৰেণ্ট নামৰ উপাদান থকাৰ বাবে বুকুৰ বিষজনিত সমস্যাত ভুগিলে উপশম পাব পাৰি৷ 

◾হাওঁফাওঁজনিত সমস্যাঃ তুলসীপাত নিয়মীয়াকৈ খালে হাওঁফাও সুস্থ হৈ থাকে৷

◾মুখৰ দুৰ্গন্ধঃ তুলসীপাতেৰে দাঁত চাফা কৰিলে দাঁতৰ পৰা হোৱা দুৰ্গন্ধ আঁতৰ হয়৷ আনহাতে খালী পেটতে তুলসীপাত খালে মুখৰ দুৰ্গন্ধ দূৰ হয়৷ 

◾ৰোগ প্ৰতিৰোধ ক্ষমতাঃ তুলসীপাতত থকা কেইবাটাও  উপাদানৰ বাবে নিয়মীয়াকৈ তুলসীপাত বা ইয়াৰ ৰস সেৱন কৰিলে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷