Logo
image

জালুকৰো আছে অসাধাৰণ গুণ

থলুৱাভাৱে উৎপাদিত সাধাৰণ জালুকৰো আছে বহু অসাধাৰণ গুণ৷ জালুকক বহুতে  গোলমৰিচ বা ক’লামৰিচ বুলিও কয়৷ এইবিধ মচলা জাতীয় খাদ্য সামগ্ৰীৰ গুণাগুণ জানিলে আপুনি আচৰিত হ’ব৷ জালুকে শৰীৰৰ বিষ কমায়৷ তদুপৰি জালুকে মেদ কমোৱাত বিশেষভাৱে সহায় কৰে৷ শীতকালি জালুক খোৱাটো স্বাস্থ্যকৰ৷ কাহ, চৰ্দিৰ ক্ষেত্ৰত জালুকে মহৌষধ হিচাপে কাম কৰে৷
- সচৰাচৰ সঠিক পদ্ধতিত শৰীৰৰ ওজন কমাবলৈ বহু সময়ৰ আৱশ্যক হয়৷ ডায়েটকে ধৰি বিভিন্ন পদ্ধতিৰে কম সময়ৰ ভিতৰতে ওজন কমাবলৈ হ’লে শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ এটা কথা সঠিক যে হজম শক্তিয়ে ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ এই ক্ষেত্ৰত খাদ্য বিশেষজ্ঞসকলে প্ৰমাণ কৰিছে যে কিছু খাদ্য সামগ্ৰী খাদ্যৰ তালিকাত ৰাখিলে ওজন দ্ৰুতভাৱে কমি যায়৷ এই খাদ্য তালিকাত প্ৰথমেই নাম ল’ব লাগিব জালুকৰ নাম৷ ৰান্ধনিশালত জালুক বহুলভাৱে ব্যৱহৃত হয়৷ জালুকে হজমৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ 
- ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জালুকৰ ভূমিকা অপৰিসীম৷ জালুকে হজমৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে শৰীৰৰ পৰা টক্সিন আঁতৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি হাওঁফাওঁ আৰু ব্ৰংকিয়ালৰ সংক্ৰমণ ৰোধ কৰে৷
- জালুকত আছে পিপাৰিন, যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷ বিশেষকৈ হাৰ্টৰ সমস্যা, কেন্সাৰ, হাপানি, ডায়েবেটিছসহ একাধিক ৰোগৰ প্ৰতিকাৰ হিচাপে কাম কৰে জালুকে৷ জালুকত থকা পিপাৰিনে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে৷ স্তন কেন্সাৰ, প্ৰ’ষ্টেট কেন্সাৰ ৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে এইবিধ মচলা জাতীয় খাদ্য সামগ্ৰীয়ে৷
- জালুকৰ থাৰ্ম’জেনিক ক্ৰিয়াৰ কাৰণে সঠিক মাত্ৰাত শৰীৰৰ কেলৰি ক্ষয় হয়৷ জালুক গোটা বা গুড়ি দুয়োটা ৰূপতে ব্যৱহাৰ হয়৷ অৱশ্যে জালুকৰ গুড়ি বেছিদিন ৰাখিলে ইয়াৰ গুণাগুণ নষ্ট হয়৷ জালুকৰ পৰা অধিক উপকাৰ পাবলৈ হ’লে মৌৰ সৈতে জালুকৰ গুড়ি মিশ্ৰণ কৰি খাব লাগে৷ ছুপ বা নুডল্‌ছ খোৱাৰ সময়ত সামান্য জালুকৰ গুড়ি ছটিয়াই ল’লে এক অনন্য স্বাদ পোৱা যায়৷