Logo
image

আহি আছে যতীন বৰাৰ ‘চেলেঞ্জ’

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ হোটেল তাজ ভিভান্তাত এখন নতুন অসমীয়া চিনেমাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ ছবিখনৰ নাম ‘চেলেঞ্জ’৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰাই৷ উল্লেখ্য মুম্বাই চিনে মেল’ডিয়ে এম মাচমী আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্ছিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে৷ বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিভান্তাত ছবিখনিৰ ছবিখনৰ পোষ্টাৰ মুকলি কৰে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্ত, প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস, নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, তাৰকা অভিনেতা যতীন বৰা, অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে৷ 

নতুন ছবিখন মূলতঃ অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে৷ চলচ্ছিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ ছুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁৰ সৈতে এগৰাকী বলীউডৰ অভিনেত্ৰীয়ে অভিনয় কৰিব৷ ছবিখনত অসম, বলীউডৰ আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি প্ৰকাশ৷ ‘চেলেঞ্জ’ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ৷ সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ৷ ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলীউডৰ বহু নামজ্বলা কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰাছে৷  ছবিখনত দৃশ্যগ্ৰহণ কৰিব হূদয় গগৈয়ে৷ অসমৰ উপৰিও দিল্লী, লক্ষ্ণৌ আৰু হায়দৰাবাদস্থিত ৰামুজী ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ হ’বলগীয়া ছবিখনৰ সহঃপ্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম৷ মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব বুলি মাচমী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে সদৰি কৰিছে৷