Logo
image

বিজেপিৰ ৰামৰাজ্য ঘোষণা

নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰীঃ কাৰ্যতঃ ‘মোদী বন্দনা’ৰে সামৰণি পৰে দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ৷ উল্লেখ্য যে শনিবাৰৰ পৰা দিল্লীৰ ‘ভাৰত মণ্ডপম’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় অধিৱেশন৷ বিজেপিৰ সকলো ৰাজ্যৰ নেতৃত্বই অংশগ্ৰহণ কৰা অধিৱেশনত জিলা পৰ্যায়ৰ নেতৃত্বৰ উপৰি উপস্থিত থাকে সকলো ৰাজ্যৰ বিজেপি সাংসদ আৰু বিধায়কসকল৷ অধিৱেশনত দলৰ সভাপতি জেপি নড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি প্ৰতিজন বক্তাই বিগত সময়ছোৱাত হোৱা দেশৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব দিয়ে৷ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতিটো কামকাজৰ শলাগ লয় বক্তাসকলে৷ কৃষকৰ পৰা আৰম্ভ কৰি, বেটী বচাও, বেটী পঢ়াও, লাখপতি বাইদেউ, আদিকে ধৰি প্ৰতিটো আঁচনিৰ বিষয়ে উল্লেখ কৰে বক্তাসকলে৷ অযোধ্যাৰ ‘ৰাম মন্দিৰ’ প্ৰসংগও অধিৱেশনত ঠাই পায়৷ ৰাম মন্দিৰ সন্দৰ্ভত আনকি এপ প্ৰস্তাৱো গৃহীত হয়৷ উক্ত প্ৰস্তাৱটোত অহা এহাজাৰ বছৰৰ বাবে ভাৰতত ‘ৰামৰাজ্য’ স্থাপন হোৱা বুলি উল্লেখ কৰা হয়৷ প্ৰস্তাৱটোত লগতে কোৱা হয় যে– ‘বিজেপিৰ সংবিধান গণতান্ত্ৰিক মূল্যবোধ আৰু ন্যায়বিচাৰৰ বাবে উৎসৰ্গিত৷ ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ জৰিয়তে মন্দিৰটো জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছে৷ ‘বিকশিত ভাৰত নিৰ্মাণ’ৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ পূৰণৰ ক্ষেত্ৰত ৰাম মন্দিৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলিও প্ৰস্তাৱটোত উল্লেখ কৰা হয়৷ তদুপৰি অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰটো ভাৰতৰ দৃষ্টি, দৰ্শন আৰু পথ প্ৰদৰ্শক বুলিও প্ৰস্তাৱটোত উল্লেখ কৰা হয়৷ ৰাম মন্দিৰটো জাতীয় চেতনাৰ মন্দিৰলৈ পৰিণত হোৱা বুলি প্ৰস্তাৱটোত কোৱা হৈছে৷ ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হোৱাৰ বাবে দলে গ্ৰহণ কৰা প্ৰস্তাৱটোত নৰেন্দ্ৰ মোদীয়ে দেশত সু-শাসন প্ৰতিষ্ঠা কৰি প্ৰকৃত ৰাম ৰাজ্যৰ চেতনা বাস্তবায়িত কৰা বুলিও দাবী কৰা হয়৷ তদুপৰি ‘সবকা সাথ সবকা বিকাশ’ আৰু ‘সৱকা বিশ্বাস, সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰতত ৰাম ৰাজ্যৰ দৃষ্টিভংগী প্ৰকাশ পোৱা বুলি উল্লেখ কৰা হৈছে৷
ইপিনে দেওবাৰে অধিৱেশনৰ সামৰণি পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ জৰিয়তে৷ মোদীয়ে নিজৰ ভাষণত বিগত ১০ টা বছৰত তেওঁৰ চৰকাৰে কি কি কাম কৰিলে তাৰ বিৱৰণী দাঙি ধৰে৷ ভাষণৰ শেষত সমাগত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই যাতে ৪০০ ৰো অধিক আসন লাভ কৰিব পাৰে তাৰ বাবে দলৰ প্ৰতিজন নেতা-কৰ্মীক সংকল্প ল’বলৈ আহ৩ান জনায়৷ তদুপৰি বিজেপিৰ লক্ষ্য ৩৭০খন আসন হ’ব বুলি কয়৷ নিজৰ ভাষণত মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ নামত শ¡’গান আওৰোঁৱাৰ লগতে অহা নিৰ্বাচনৰ দলীয় শ্ল’গান কি হ’ব সেয়াও উল্লেখ কৰে৷ তেওঁ কয়– এইবাৰৰ শ্ল’গান হ’ব– ‘আৱ কি বাৰ, চাৰশ’ পাৰ৷’ 
তদুপৰি ভাষণতে তেওঁ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে দলৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি পাঁচটা ‘মন্ত্ৰ’ (নিৰ্দেশ) দিয়ে৷ সেই অনুসৰি কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভ কৰা প্ৰতিজন হিতাধিকাৰীৰ ওচৰলৈ গৈ দলীয় কৰ্মীসকলে জনাব লাগিব যে ‘প্ৰধান সেৱক নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক প্ৰণাম যাচিছে৷’ দ্বিতীয় নিৰ্দেশ– প্ৰতিজন নতুন ভোটাৰৰ ওচৰলৈ গৈ বিগত ১০ টা বছৰত বিজেপিৰ চৰকাৰে কি কি কাম কৰিলে, তাৰ বিৱৰণ দিব৷ তৃতীয় নিৰ্দেশ– নিৰ্বাচনৰ দিনা সকলোকে ভোটকেন্দ্ৰলৈ আনি বিজেপি বা এন ডি এ মিত্ৰজোঁটৰ প্ৰতীকত ভোটদান কৰাটো নিশ্চিত কৰিব লাগিব৷ চতুৰ্থ নিৰ্দেশ– কোনো কাৰণত এতিয়াও যদি কোনোবা বিজেপিৰ পৰা আঁতৰত আছে, তেনে লোকৰ কাষলৈ যাব লাগিব৷ পঞ্চম নিৰ্দেশ– এই সকলোবোৰ কৰাৰ বাবে ‘নমো এপ’ৰ সহায় ল’ব৷ যিমান সোনকালে পৰা যায়, অধিক লোকক ‘নমো এপ’ৰ জৰিয়তে বিকশিত ভাৰতৰ এম্বেছাদৰ বনাব লাগিব৷ ভাষণত মোদীয়ে মহিলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ লগতে তিনি তালাক নিষিদ্ধ কৰা তথা কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলোপ কৰা আদিৰ বিষয়েও উল্লেখ কৰে৷ লগতে শাসনলৈ উভতি অহা পাঁচ বছৰত তেওঁৰ চৰকাৰে কি কি কৰিব সেয়াও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷