Logo
image

বিধায়ক ফনীধৰৰ বিস্ফোৰণঃ অতি সোনকালে বিজেপিত যোগ দিব ভূপেন বৰাই!

'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদক,২০ ফেব্ৰুৱাৰীঃ "অসমত কংগ্ৰেছত যি হাৰত খহনীয়া আৰম্ভ হৈছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই খহনীয়া দেখি পলায়ন কৰিছে। আগন্তুক ত্ৰিশ বছৰ পিছতহে ভূপেন বৰা ওলাই আহিব। তাৰ আগতে কংগ্ৰেছ শেষেই হ'ব। ভূপেন বৰা অতি সোনকালেই বিজেপিলৈ আহি আছে, কিন্তু আমিহে ল'বলৈ ইচ্ছা কৰা নাই।"- এই বিস্ফোৰক মন্তব্য ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ৷

মঙলবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰুপেটাত সংবাদ মাধ্যমৰ প্ৰশ্নোত্তৰত বিধায়ক ফনীধৰ তালুকদাৰে কংগ্ৰেছৰক চোকা সমালোচনা কৰি কয় যে কংগ্ৰেছৰ প্ৰাৰ্থিত্বকলৈ এতিয়া কোনো সংঘাত নহয়। কংগ্ৰেছে এতিয়া যিজনকে প্ৰাৰ্থিত্ব দিবলৈ যো-জা কৰে, তেৱেই পলায়ন কৰে। প্ৰাৰ্থিত্ব দিবলৈ বিচৰাজন বিজেপি বা অগপ দললৈ পলাই যায়। আগতে কংগ্ৰেছত বহু টকা দি প্ৰাৰ্থিত্ব ল'বলগীয়া হৈছিল। এতিয়া কংগ্ৰেছে টকা দিলেও কোনেও প্ৰাৰ্থিত্ব নলয়।তেনদৰে অসমত এক সপ্তাহৰ ভিতৰতে কংগ্ৰেছৰ বিৰোধী দলপতিও আঁতৰ হ'ব। কাৰণ কংগ্ৰেছৰ বিধায়কৰ সংখ্যা বহু হ্ৰাস হ'ব। এতিয়া বিজেপিৰ বিৰোধী এআইইউডিএফহে। অসমত এতিয়া বিৰোধী দলপতি এআইইউডিএফৰহে হ'ব।

উল্লেখ্য যে বিধায়ক ফনীধৰ তালুকদাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰুপেটাত নতুনকৈ স্থাপিত ভাৰতীয় ষ্টেট বেংকৰ শাখা এটা মুকলি কৰা অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰদান কৰে। সৰুপেটাত ভাৰতীয় ষ্টেট বেংকৰ শাখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে কেবাগৰাকীও ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।