Logo
image

খেলি ভাল পাইছিলোঁ, ইমান পঢ়িব নোৱাৰি! মানসিক চাপত চিপ ল’লে মেধাৱী ছাত্ৰই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ এটি ১৭ বছৰীয়া কিশোৰ৷ খেলি আৰু ফুৰি ভাল পোৱা ল’ৰাজনৰ লগৰীয়া বন্ধু বুলিবলৈ বিশেষ কোনো নাছিল৷ দিনটো কেৱল কিতাপৰ মাজতেই ব্যস্ত থকা ল’ৰাজনে কংক্ৰিটৰ গুৱাহাটী মহানগৰীত এটা ফ্লেটৰ চাৰিবেৰৰ মাজতেই এক প্ৰকাৰ নিসংগ জীৱন অতিবাহিত কৰিছিল৷ বিদ্যালয় আৰু ফ্লেটৰ মাজতে শৈশৱ পাৰ কৰা ল’ৰাজনে ২০২২ বৰ্ষৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৬ শতাংশ নম্বৰেৰে সফলতাৰ শীৰ্ষ স্পৰ্শ কৰিছিল৷ নগাঁৱৰ ময়ূৰ কৃষ্ণ গোস্বামী নামৰ অতি মেধাৱী ছাত্ৰজনে দশম শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিছিল৷ বিশ্বনাথৰ ইষ্ট ইণ্ডিয়া স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ময়ূৰে ফলাফলৰ পাছতেই পিতৃৰ আগত কম্পিউটাৰ বিজ্ঞানী হোৱাৰ সপোন দেখাৰ কথা ব্যক্ত কৰিছিল৷ পুত্ৰৰ সেই সপোন পূৰণ কৰাৰ বাবে বিশ্বনাথৰ নৱপুৰৰ ধূলা চাহ বাগানৰ মহা প্ৰৱন্ধক হিচাপে কৰ্মৰত পিতৃয়ে ময়ূৰক গুৱাহাটী অভিজাত দিল্লী পাব্লিক স্কুলত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি দিছিল৷ গুৱাহাটীৰ এটা ফ্লেটত কেয়াৰটেকাৰৰ সৈতে আছিল ১৭ বছৰীয়া মেধাৱী ময়ূৰ৷ কিন্তু অত্যধিক মানসিক চাপ আৰু নিসংগতাই কোঙা কৰি পেলোৱা ১৭ বছৰীয়া ছাত্ৰজনে জীৱন যুঁজত হাৰ মানি চৰম পন্থা বাছি ল’লে৷ বৃহস্পতিবাৰে পুৱাই কেতিয়াও কল্পনা নকৰা সৰগ ভাগি পৰা যেন এক  খবৰ লাভ কৰিলে ময়ূৰৰ দুৰ্ভগীয়া পিতৃয়ে৷  Miss You Papa বুলি ছুইচাইড নোট লিখি গুৱাহাটীৰ বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ উবৰ্শী এপাৰ্টমেণ্টৰ ফ্লেটৰ দুৱাৰ বন্ধ কৰি চিলিং ফেনত চিপ লৈ বুধবাৰে নিশা আত্মহত্যা কৰে অতি মেধাৱী ময়ূৰ কৃষ্ণ গোস্বামীয়ে৷ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰথম দিনটোতেই কেয়াৰ টেকাৰে ফ্লেটৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ময়ূৰৰ মৃতদেহ৷ পিতৃ প্ৰণৱ গোস্বামী কৰ্মসূত্ৰে কনিষ্ঠ পুত্ৰৰ সৈতে বিশ্বনাথৰ নৱপুৰত বাস কৰাত গুৱাহাটীৰ বেলতলাৰ ঊৰ্বশী এপাৰ্টমেণ্টৰ নিজৰ ফ্লেটত অধ্যয়নৰ বাবে ৰাখিছিল জ্যেষ্ঠ পুত্ৰ ময়ূৰ কৃষ্ণ গোস্বামীক৷ উৱৰ্শী এপাৰ্টমেণ্টৰ ১০২ নম্বৰ কোঠাত বাপন সোণাৰ নামৰ এজন কেয়াৰটেকাৰৰ সৈতে বাস কৰিছিল ময়ূৰে৷ প্ৰায় জ্জ বছৰ পূৰ্বে মূয়ৰে ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়তে মাতৃ অধিবক্তা কাকলি গোস্বামীৰ মৃত্যু হৈছিল৷ মাতৃহাৰা ময়ূৰে দশম শ্ৰেণীৰ পৰীক্ষাত ঈৰ্ষণীয় সফলতা লাভ কৰিলেও দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই যেন হাৰ মানি দিলে৷ কেয়াৰটেকাৰ বাপনে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল বাবেই বুধবাৰে কোঠাৰ দুৱাৰ বন্ধ কৰি সন্ধিয়া পৰ্যন্ত পঢ়ি আছিল ময়ূৰে৷ নিশা কেয়াৰটেকাৰজনে ভাত খাবলৈ মাতিছিল যদিও ময়ূৰে কোনো সঁহাৰি দিয়া নাছিল৷ পঢ়ি থকাৰ বাবে মাত দিয়া নাই বুলি ভাবিয়েই ডাইনিং টেবুলত ভাতৰ কাঁহী সজাই থৈ শুই গৈছিল কেয়াৰটেকাৰজন৷ কিন্তু ইংৰাজী পৰীক্ষা থকাত পুৱা কেয়াৰটেকাৰজনে ময়ূৰৰ কোঠাৰ দুৱাৰত বহু সময় ধৰি টোকৰ দিয়াৰ পাছতো দুৱাৰ নোখোলাত সুৰক্ষাকৰ্মীক মাতি আনে কেয়াৰটেকাৰজনে৷ ইয়াৰ পাছতেই দুয়োজনে দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰাত মেধাৱী ছাত্ৰজনক চিলিং ফেনত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছতেই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ময়ূৰৰ মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে তদন্তকাৰী আৰক্ষীয়ে ময়ূৰ কৃষ্ণ গোস্বামীৰ কোঠাৰ পৰা পিতৃ আৰু ভ্ৰাতৃলৈ লিখা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে৷ ইংৰাজীতে লিখা আত্মহত্যাৰ টোকাটোত প্ৰথমেই ময়ূৰে Miss You Papa বুলি দেউতাকক সম্বোধন কৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত অত্যধিক মানসিক চাপ আৰু নিসংগতাৰ বাবেই মেধাৱী ময়ূৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে৷ আৰক্ষীৰ সূত্ৰটোৱে লগতে প্ৰকাশ কৰা মতে আত্মহত্যাৰ টোকাত ময়ূৰে মানসিক চাপৰ কথা ব্যক্ত কৰিছে৷ এইবাৰৰ পৰীক্ষাত আশা কৰাৰ দৰে ৰেংক লাভ নকৰাৰ শংকাও ব্যক্ত কৰিছে৷ খেলি আৰু ফুৰি ভালপোৱা বুলি উল্লেখ কৰাৰ লগতে কোনো বন্ধু-বান্ধৱী নথকা নিসংগ জীৱনৰ কথাও সদৰী কৰিছে আত্মহত্যাৰ টোকাটোত৷ তদুপৰি মাতৃক হেৰুওৱাৰ পাছত এতিয়া পিতৃৰ পৰাও আঁতৰি থাকি এনেদৰে পঢ়া সম্ভৱ নহয় বুলিও ইংগিত দিছে মেধাৱী ছাত্ৰজনে৷ এক কথাত আত্মহত্যাৰ টোকাটোত ময়ূৰ যে দীৰ্ঘদিন ধৰি হতাশাত ভাগৰি পৰি অন্তৰ্দন্দত ভুগি আছিল, সেয়া স্পষ্ট হৈ পৰা বুলিও তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰিছে৷

ময়ূৰকৃষ্ণৰ অকাল বিয়োগত শোকস্তব্ধ হাজাৰজন

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ মেধাৱী ছাত্ৰ ময়ূৰকৃষ্ণ গোস্বামীৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পৰিচিত-গুণমুগ্ধসকলৰ মাজত শোকৰ বন্যা বয়৷ বিশ্বনাথৰ ইষ্ট ইণ্ডিয়ান স্কুলত দশম শ্ৰেণীপৰ্যন্ত অধ্যয়ন কৰা ময়ূৰ অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ বাবে আদৰ্শস্বৰূপ৷ সকলোৰে প্ৰিয় এই মেধাৱী ছাত্ৰজনৰ পিতৃ প্ৰণৱ গোস্বামী চাহ খেতিৰ সৈতে জড়িত৷ বিশ্বনাথ জিলাত চাহ বাগিচাৰ পৰিচালক ৰূপেও কাৰ্যনিৰ্বাহ কৰা প্ৰণৱ গোস্বামী শেহতীয়াকৈ ব্যৱসায়ৰ সৈতে জড়িত৷ মাতৃহাৰা ময়ূৰকৃষ্ণ গোস্বামী পিতৃ-ভাতৃৰ সৈতে বিশ্বনাথৰ নৱপুৰত আছিল৷ গুৱাহাটীত অধ্যয়ন কৰাৰ সূত্ৰে পাছত তেওঁক গুৱাহাটীতে ৰখাৰ দিহা কৰিছিল পিতৃয়ে৷ ময়ূৰৰ বাবে গৃহ পৰিচাৰিকাও নিয়োগ কৰিছিল পিতৃয়ে৷