Logo
image

এইবোৰ সমস্যা থাকিলে অমিতা নাখাব

শৰীৰৰ যতন লোৱাৰ ক্ষেত্ৰত অমিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিভিন্ন অসুস্থতাত চিকিৎসকসকলে অমিতা খাবলৈ পৰামৰ্শ দিয়ে৷ অমিতা শৰীৰৰ লগতে ছালৰ যতন লোৱাৰ ক্ষেত্ৰতো উপকাৰী৷ কিন্তু সকলোৰে ক্ষেত্ৰত অমিতা খোৱাটো নিৰাপদ নহ’বও পাৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ ক্ষেত্ৰত অমিতা শৰীৰৰ বাবে ক্ষতিকাৰক –
(১) শ্বাস কষ্টৰ সমস্যা থাকিলেঃ বহুতৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা থাকে৷ এনে লোকৰ ক্ষেত্ৰত অমিতা ক্ষতিকাৰক৷ শ্বাস কষ্টত ভোগা লোকে অমিতা খালে এলাৰ্জি হ’ব পাৰে৷
(২) ডায়েবেটিছ থাকিলেঃ যিসকলৰ তেজত শৰ্কৰাৰ মাত্ৰা বেছি, তেওঁলোকৰ বাবে অমিতা ক্ষতিকাৰক৷ অমিতাই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷
(৩) কোষ্ঠকাঠিন্যৰ সমস্যাঃ কোষ্ঠকাঠিন্যৰ সমস্যাত বহুতে অমিতা উপকাৰী বুলি ভাবে৷ কিন্তু এই ধাৰণা ভুল৷ অমিতাই পেটত পানীৰ পৰিমাণ কমাই আনে৷ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি হয়৷