Logo
image

এপিএছচিৰ বিসংগতিপূৰ্ণ তালিকাৰে সু-প্ৰশাসন সম্ভৱনে?

২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি আৰু সহযোগী দলসমূহৰ দ্বাৰা চৰকাৰ গঠন হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল সু-প্ৰশাসন অৰ্থাৎ গুড গভৰ্নেন্সৰ ওপৰত৷ সেই মৰ্মে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সমূহকো আহ৩ান জনাইছিল চৰকাৰৰ ন্যূনতম, প্ৰশাসনিক কাম-কাজত অধিক গুৰুত্ব আৰোপ– ম’ৰ গভৰ্নেন্স, লেছ গৱৰ্ণমেণ্ট৷ উক্ত সময়ৰ পৰা প্ৰশাসনৰ কাম-কাজ সততা, দক্ষতা, দায়ৱদ্ধতা আৰু খৰতকীয়াকৈ সম্পাদন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ডিজিটেলাইজেশ্যনক প্ৰতিটো বিভাগতে ব্যাপক ৰূপত ব্যৱহাৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিলে৷ দেশত তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনি গঢ়ি তুলি ডিজিটেল ইণ্ডিয়াক সাকাৰ কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহে পূৰ্বৰ তুলনাত স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য, বন-পৰিৱেশ, যাতায়াত-পৰিবহণ, অৰ্থনৈতিক লেনদেন আদি প্ৰায়বোৰ চৰকাৰী বিভাগৰ কাম-কাজসমূহ সুচল কৰি তুলিলে৷ উল্লেখ্য ৰাইজৰ অভাৱ-অভিযোগ, প্ৰয়োজনীয় কাম-কাজৰ এই ব্যৱস্থাই তৰান্বিত কৰাৰ লগতে পূৰ্বে অব্যাহত থকা দুৰ্নীতি-অনিয়মকো কিছু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হ’ল৷ ২০১৪ চনত বিজেপি নেতৃত্বত চৰকাৰ হোৱাৰ পূৰ্বে ড॰ মনমোহন সিঙৰ নেতৃত্বত হোৱা দ্বিতীয়খন কংগ্ৰেছ চৰকাৰৰ আমোলত দেশত হোৱা বৃহৎ দুৰ্নীতি, অনিয়ম, কেলেংকাৰীসমূহে সমগ্ৰ দেশক জোকাৰি গৈছিল৷ পঞ্চায়ত, ব্লক পৰ্যায়ৰ শীৰ্ষ মহললৈকে জনসাধাৰণৰ বাবে আবণ্টিত কোটি কোটি টকা সংশ্লিষ্ট মহলে লুণ্ঠন কৰাৰ বাবে ৰাইজো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল, দেশত উন্নয়নো স্থবিৰ হৈছিল৷ উক্ত সময়ছোৱাত গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে কৰ্মৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্য-প্ৰযুক্তিৰ সফলভাৱে ব্যৱহাৰ কৰি এক দক্ষ, গতিশীল, দায়বদ্ধ প্ৰশাসন যন্ত্ৰ গঢ়ি তোলাৰ বাবে উপকৃত হৈছিল গুজৰাটৰ ৰাইজ৷ দেশত বৰ্তমান ব্যাপক ৰূপত হিতাধিকাৰীৰ সংখ্যাক লৈ বিভিন্ন মহলত নেতিবাচক প্ৰতিক্ৰিয়া অব্যাহত আছে৷ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত বৰ্তমানৰ দৰে নহ’লেও হিতাধিকাৰীৰ ব্যৱস্থা আছিল৷ কিন্তু সেই সময়ত সাধাৰণ শ্ৰেণীৰ বাবে আবণ্টিত ধনৰ একাংশও হৰলুকি হৈছিল কিছুমান মধ্যভোগী দালাল শ্ৰেণীৰ নেতা-পালিনেতা, বিষয়া-কৰ্মচাৰীৰ বাবে৷ সেই সময়ত তথ্য-প্ৰযুক্তি বিশেষজ্ঞ ড॰ চেম প্ৰীতোডাই চৰকাৰক নিজৰ প্ৰতিবেদনৰ যোগেদি নিকা-স্বচ্ছ, দক্ষ প্ৰশাসন সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যদিও সেই সময়ৰ চৰকাৰে এই দিশলৈ কৰ্ণপাতেই নকৰিলে৷ সাম্প্ৰতিক সময়ত বিজেপি চৰকাৰৰ আমোলত দৰিদ্ৰতা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, মুষ্টিমেয় পুঁজিপতিৰ প্ৰতি চৰকাৰৰ দৰদ আদিক লৈ বহু লোক অসন্তুষ্ট যদিও প্ৰশাসনিক ব্যৱস্থাসমূহত অনা পৰিৱৰ্তনসমূহে ৰাইজৰ বাবে প্ৰযোজ্য আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যোগাত্মক ভূমিকা গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে সু-প্ৰশাসনক বাস্তৱত পৰিণত কৰাৰ বাবে নিযুক্তি ব্যৱস্থাসমূহ স্বচ্ছ, নিকা হোৱাটো প্ৰয়োজন বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ উপৰি ৰাজ্য চৰকাৰসমূহকো এই ক্ষেত্ৰত নিৰ্দেশ দি আহিছে৷
মোদীৰ পদাংক অনুসৰণ কৰি অসমত এক দক্ষ প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰা বৰ্তমানৰ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেই অনুসৰি বৰ্তমান অসমত ডিজিটেল আন্তঃগাঁথনি তৈয়াৰ কৰি সকলো বিভাগতে প্ৰশাসনিক কাম-কাজ পূৰ্বৰ তুলনাত সূচল কৰা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি সু-প্ৰশাসন সৃষ্টি কৰিবলৈ হ’লে ইয়াত জড়িত বিষয়া-কৰ্মচাৰী দক্ষ হোৱাৰ লগতে নিকা নিযুক্তি ব্যৱস্থাৰে নিৰ্বাচিত হ’ব লাগিব৷ এই প্ৰক্ৰিয়াও কিছুপৰিমাণে অসমত আৰম্ভ হৈছিল যদিও সদ্যঘোষিত ২০২২ চনৰ এপিএছচি সংযুক্ত প্ৰতিযোগিতা পৰীক্ষাৰ ফলাফলে এইক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ প্ৰতি বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ একাংশ প্ৰাৰ্থীয়ে সাধাৰণ জ্ঞানৰ পাঁচখন প্ৰশ্নকাকতত ৩০ শতাংশ বা তাতকৈ কম নম্বৰ লাভ কৰাৰ বিপৰীতে ৰচনা কাকতত ৯৫-৯৮ শতাংশ নম্বৰ পাই বাছনিভুক্ত হৈছে৷ বহু প্ৰাৰ্থীয়ে সকলো বিষয়তে অতি সন্তোষজনক নম্বৰ পাই ৰচনা কাকতত পাইছে ২০-২৫ শতাংশ৷ এচাম প্ৰাৰ্থীয়ে প্ৰতিখন কাকততে ভাল নম্বৰ লাভ কৰাৰ পিছত কোনো কাকতত উপস্থিত থকাৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো অনুপস্থিত দেখুওৱা হৈছে৷ জালিয়াতি কৰি জে’লৰ ভাত খোৱা প্ৰাৰ্থীয়ে এ চি এছত ৩০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ সাক্ষাৎকাৰ পৰীক্ষা শেষ হোৱাৰ দুই-এদিনতে ৰিজাল্ট দিয়াৰ পৰিৱৰ্তে দুই সপ্তাহ পিছত ৰিজাল্ট ঘোষণাই কি সূচায়? অসমীয়া ভাষা নজনা বহিঃৰাজ্যৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে এ চি এছৰ পদত৷ সকলো পৰীক্ষাৰে কাট অৱ মাৰ্ক ঘোষণা কৰাটো কতৃৰ্পক্ষৰ দায়িত্ব যদিও এপিএছচি ব্যৰ্থ ইয়াক কাৰ্যকৰী কৰাত৷ কুখ্যাত ৰাকেশ পালৰ আমোলত থকা মুখ্য পৰীক্ষা নিয়ন্ত্ৰকজনক পুনৰ ৰঙা দলিচা পাৰি এপিএছচিৰ চেয়াৰমেন কৰা হ’ল– যাৰ আমোলত সংঘটিত হ’ল এনে অবিশ্বাস্য-অনিয়ম৷ আশ্চৰ্যজনকভাৱে ইমান অনিয়ম সংঘটিত হোৱাৰ পাছতো চৰকাৰে এইক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে৷ ৰাজ্যৰ প্ৰশাসন যন্ত্ৰৰ নিয়ন্ত্ৰকসকলক নিৰ্বাচিত কৰা ব্যৱস্থাসমূহ যদি এনে আসোঁৱাহপূৰ্ণ হয় তেন্তে দ্য আছাম পাব্লিক এগজামিনেশ্যন বিল-২০২৪ কাৰ্যকৰী কিমান হ’ব সেই ক্ষেত্ৰত ব্যাখ্যাৰ প্ৰয়োজন নাই৷ চৰকাৰে খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে– মনোভাৱ পোষণ কৰিলে সু-প্ৰশাসন কিমান সম্ভৱ সেয়া সহজে অনুমেয়৷