Logo
image

কংগ্ৰেছত জোকাৰণি! দায়িত্ব এৰিলে ৰাণা গোস্বামীয়ে

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ ‘বিৰোধী শূন্য’ কৰাৰ সংকল্প লোৱা বিজেপি দলত ইজনৰ পাছত সিজনকৈ কংগ্ৰেছ নেতা লীন যোৱাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাকে ধৰি উজনি অসমৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰিছে৷ লোকসভা নিৰ্বাচনলৈ প্ৰায় দুমাহ বাকী থকা অৱস্থাত ৰাণা গোস্বামীৰ এই পদত্যাগৰ পাছতে তেওঁৰ দলত্যাগ কৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে৷ 
আনকি কেইদিনমানৰ ভিতৰতে তেওঁ বিজেপিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰিছে৷ অৱশ্যে, ৰাণা গোস্বামীয়ে দলত্যাগ কৰাৰ বিষয়টো অস্বীকাৰ কৰিলেও বিজেপি আৰু অগপই তেওঁক টনা-আঁজোৰা কৰি থকাৰ ইংগিত দিছে৷ দেওবাৰে যোৰহাট মহাবিদ্যালয়ৰ কহিনুৰ জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ  পাছতে গোস্বামীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “মোৰ সোঁহাতত টানিছে এটা বেলেগ পাৰ্টীয়ে, বাওঁহাতত টানিছে এটা বেলেগ পাৰ্টীয়ে৷ মোৰ ভাল লাগিছে যে ৰাজনৈতিকভাৱে মোৰ যথেষ্ট ‘ৱেইট’ আছে৷ সেইকাৰণে মই সন্তুষ্ট৷ মই সাধাৰণতে ৰাতি ভাত নাখাওঁ৷ কিন্তু যোৱা ৰাতি মই ভাত খালোঁ৷” ৰাণা গোস্বামীৰ এই উক্তিয়ে তাৎপৰ্য বহন কৰিছে৷ দলত্যাগৰ বিষয়ে কাৰোবাৰ সৈতে কিবা যোগাযোগৰ প্ৰমাণ দিব পাৰিলে পৈতৃক সম্পত্তিৰ পৰা ৫ কঠা মাটি দিব বুলি ঘোষণা কৰা গোস্বামীয়ে আজি প্ৰথমবাৰৰ বাবে তেওঁক দুটা দলে টনা-আঁজোৰা কৰাৰ বিষয়টো ৰাজহুৱা কৰে৷ অৱশ্যে, পিছমুহূৰ্ততে তেওঁ দলত্যাগ সম্পৰ্কীয় কোনো কথা হোৱা নাই বুলি গোস্বামীয়ে দাবী কৰে৷ উল্লেখ্য, শনিবাৰে তেওঁ দলৰ একাংশ নেতা-কৰ্মীৰ সৈতে নিজা বাসগৃহত এক বৈঠকত মিলিত হয়৷ এই বৈঠকক কেন্দ্ৰ কৰি সৰৱ চৰ্চা চলিছে৷ একাংশই দাবী কৰা মতে ৰাণা গোস্বামীয়ে অচিৰেই বহুসংখ্যক কৰ্মীসহ দলত্যাগ কৰিব৷ কিন্তু ৰাণা গোস্বামীয়ে ইয়াৰ সত্যতা পোনছাটেই অস্বীকাৰ কৰিছে৷ তেওঁ সদৰী কৰা মতে, আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত দলৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়টো একাংশ দলীয় কৰ্মকৰ্তাই তেওঁৰ পৰা জানিব বিচাৰিছিল৷ সেইবাবেহে তেওঁলোক গোস্বামীৰ বাসগৃহত মিলিত হৈছিল৷ গোস্বামীয়ে লগতে কয় যে লোকসভা সমষ্টি দুটাত প্ৰাৰ্থী কোন হ’ব সেই বিষয়ে এতিয়াই কোৱাৰ প্ৰয়োজন নাই৷ অৱশ্যে, এই সন্দৰ্ভত দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৯ তাৰিখে বাছনি সমিতিৰ সভা অনুষ্ঠিত হৈ গৈছে৷ সময়ত সেই বিষয়ে দলীয় কৰ্মকৰ্তাসকলে জানিব পাৰিব৷ প্ৰাৰ্থী যোনেই নহওক, সকলোৱেই ঐক্যৱদ্ধভাৱে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ কাম কৰিব লাগিব বুলিও তেওঁ দলীয় কৰ্মকৰ্তাসকলক বুজনি দিয়া বুলিও দাবী কৰে৷ গোস্বামীয়ে নিজে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে ঐক্যৱদ্ধভাৱে কাম কৰি থকা বুলি উল্লেখ কৰি কয় যে প্ৰতিদিনে তেওঁ দলীয় কাম কাজত ব্যস্ত হৈ আছে৷ সোমবাৰে গোলাঘাটত আৰু পাছদিনা গুৱাহাটীত দলীয় সভাত যোগদান কৰিবলৈ যাব বুলিও তেওঁ প্ৰকাশ কৰে৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে শীৰ্ষ নেতৃত্বৰ সৈতে ঐক্যৱদ্ধভাৱে কাম কৰি থকা বুলি দাবী কৰিলেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কেতবোৰ কামকাজত তেওঁ সন্তুষ্ট নহয় বুলি এক ঘনিষ্ঠ সূত্ৰই সদৰী কৰিছে৷ কালি আলোচনাত এই বিষয়টোৱে স্থান পোৱা বুলি ‘আমাৰ অসম’ক জানিবলৈ দি সূত্ৰটোৱে কয় যে এই পৰ্যন্ত যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব–সেই বিষয়টো দলৰ শীৰ্ষ নেতৃত্বই ৰাজহুৱা নকৰাত গোস্বামী ক্ষুন্ন হৈ আছে৷ যিহেতু উজনি অসমত ৰাণা গোস্বামী সাংগঠনিক দায়িত্বত আছে, প্ৰাৰ্থী নিৰ্দিষ্ট নোহোৱাত সাংগঠনিক কাম-কাজত সমস্যাৰ সৃষ্টি হৈছে আৰু উপযুক্ত প্ৰাৰ্থী প্ৰদান নকৰিলে দলীয় প্ৰাৰ্থী পৰাজয়ৰ সন্মুখীন হ’ব লাগিব বুলি গোস্বামী শংকিত হৈছে৷ তেওঁ উজনি অসমৰ সাংগঠনিক দায়িত্বত দায়িত্বত থকা বাবে এই পৰাজয়ৰ গ্লানি তেৱেঁই মূৰ পাতি ল’ব লাগিব বুলিও গোস্বামী শংকিত হৈছে৷ এই গ্লানিৰ পৰা হাত সৰাৰ উদ্দেশ্যেই তেওঁ উজনিৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিছে৷ কিন্তু ৰাণা গোস্বামীয়ে তেনে কোনো পদত্যাগৰ বিষয়ে ৰাজহুৱা কৰা নাই৷ বৰঞ্চ তেওঁ পদত্যাগ কৰা নাই বুলিহে সদৰী কৰিছে৷ ইফালে ৰাণা গোস্বামীয়ে উজনিৰ জিলাকেইখনৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰা বিষয়টোৱে দলৰ অন্তৰ্কন্দল স্পষ্ট কৰি তোলা বুলি ৰাজনৈতকি বিশে¡ষকসকলে ক’ব খোজে৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলটোৱে সাংগঠনিক স্থিতি মজবুত কৰাৰ পৰিৱৰ্তে অন্তৰ্কন্দলত জৰ্জৰিত হৈ পৰিছে বুলি বিভিন্ন কথাত ইংগিত পোৱা গৈছে৷ উল্লেখ্য, ইতিমধ্যে দলৰ একাধিক গুৰুত্বপূৰ্ণ নেতা তথা বিধায়কে পদত্যাগ কৰিছে৷ আনকি কংগ্ৰেছী বিধায়কে দলত থাকিয়েই বিজেপিৰ কাম-কাজক সমৰ্থন কৰিব বুলি ৰাজহুৱা কৰিছে৷ দলৰ এনে স্থিতিৰ বাবে একাংশই বিজেপিক জগৰীয়া কৰিব খুজিছে৷ দলৰ শীৰ্ষস্তৰত অন্তৰ্কন্দলৰ বাবেই আগন্তুক লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্দিষ্ট কৰিব পৰা নাই বুলি পৰ্যবেক্ষকসকলে ক’ব খোজে৷ ইফালে কংগ্ৰেছ নেতৃত্বৰ পাৰস্পৰিক বুজাপৰা বিঘ্নিত কৰাৰ লগতে বিভিন্ন প্ৰলোভন, ভাবুকি আদিৰে একাংশ কংগ্ৰেছ নেতাক গেৰুৱা বসন পিন্ধাই কংগ্ৰেছৰ শক্তি হ্ৰাস কৰিবলৈ বিজেপিয়ে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে অনুভৱ কৰিছে৷ আনকি  ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিব বুলি বিজেপিয়েই উৰা বাতৰি উলিওৱা বুলি তেওঁলোকে ক’ব খোজে৷ কিন্তু তেওঁক দুটা দলে টনা-আঁজোৰা কৰি থকা বুলি ৰাজহুৱা কৰি ৰাণা গোস্বামীয়ে আঁৰ কাপোৰ আঁতৰাবলৈ আৰম্ভ কৰিছে৷ কিবা সিদ্ধান্ত থাকিলে সেই বিষয়ে প্ৰথমে সংবাদ মাধ্যমকে জনাব বুলিও তেওঁ আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷

ৰাণা গোস্বামীয়ে দল এৰি নাযায় বুলি এতিয়াও ভাবি আছে ভূপেন বৰাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী দলৰ পৰা পদত্যাগ নকৰে বা দল এৰি নাযায় বুলি এতিয়াও ভাবি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ সংবাদ মাধ্যমৰ আগত এই দাবী কৰি কয়–ৰাণা গোস্বামীয়ে দলত্যাগ কৰিব বুলি মোৰ বিশ্বাস নহয়৷ তেওঁৰ সৈতে সুদীৰ্ঘ ৩০ বছৰ একেলগে ৰাজনীতি কৰিছো৷ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ চলি আছে তেওঁক লৈ৷ কালিও তেওঁৰ লগত কথা পাতিছো৷ তেওঁ কংগ্ৰেছ দলক প্ৰায় তিনি দশক দিছে৷  এতিয়া আমি আহি এটা বয়সত উপনীত হৈছো৷ কংগ্ৰেছ দলে তেওঁক যথেষ্ট সন্মান দিছে৷ দলৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল তেওঁ৷ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলি আছে৷ সংবাদ মাধ্যমক ব্যস্ত ৰখাৰ বাবে৷ বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে এই কাম কৰি আছে যাতে মূল সমস্যা বিলাক তল পৰি থাকে৷ সংবাদ মাধ্যম কংগ্ৰেছক লৈ ব্যস্ত থকাৰ ষড়যন্ত্ৰ এয়া৷