Logo
image

গুৱাহাটীত পুনৰ হিট এণ্ড ৰানৰ ঘটনাঃ তীব্ৰবেগী বাহনৰ খুন্দাত মহিলাৰ মৃত্যু, এসপ্তাহত ৩টাকৈ হিট এণ্ড ৰানৰ ঘটনা

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক ২৬ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটাৰ পিছত আনটো হিট এণ্ড ৰানৰ ঘটনা। যেন হিট এণ্ড ৰানৰ ঘটনা সাধাৰণ ঘটনাত পৰিণত হৈছে। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিট এণ্ড ৰানৰ ঘটনাক লৈ অসহায় অৱস্থাৰ কথা ঘোষণা কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত আহোম গাঁৱত দেওবাৰে নিশা অজ্ঞাত গাড়ীৰ খুন্দাত এগৰাকী অচিনাক্ত মহিলাৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত আহোম গাঁৱত দেওবাৰে নিশা ৯:৩৫ বজাত এগৰাকী মহিলাই খোজ কাঢ়ি গৈ আছিল। এনেতে জালুকবাৰী ফালৰ পৰা বশিষ্ঠ অভিমুখে গৈ থকা এখন ডাম্পাৰ গাড়ীৰে মহিলাগৰাকীক প্ৰচণ্ড খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে গড়চুক থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা  কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ প্ৰেৰণ কৰে। মৃত মহিলাগৰাকীৰ বয়স ২৮ বছৰ হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। ইপিনে , যোৱা ২৩ ফেব্ৰুৱাৰীত বন্ধুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈ আহি গুৱাহাটীত দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল লক্ষীমপুৰৰ যুৱশিল্পী। নিহত শিল্পীজন হৈছে লক্ষীমপুৰৰ কমল বৰুৱা। 

উল্লেখযোগ্য যে বিগত ৭বছৰ ধৰি ২৫ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে 'আৱেগ' শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লক্ষীমপুৰৰ পৰা আহিছিল কমল বৰুৱা নামৰ শিল্পীগৰাকী। স্মক বেণ্ড  নামৰ সংগীত পৰিৱেশন কৰা দলটোৰ এগৰাকী ড্ৰাম বাদক হিচাপে আছিল কমল বৰুৱা। জানিব পৰা মতে শনিবাৰে নিশা কমলে এ এছ ০৭- ইউ - ৩৬৭০ নম্বৰৰ মটৰচাইকেলৰে ভৰলুমুখ অভিমুখে আহি থকা অৱস্থাত ভৰলু পইন্টত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। এখন অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল সম্ভাৱনাময় যুৱক কমল বৰুৱা। দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখন পলায়ন কৰা বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্য ভৰলু আৰক্ষীয়ে উদ্ধাৰ কৰিছে কমলৰ মৃতদেহ আৰু জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাইকখন। শিল্পী কমল বৰুৱাৰ মৃত্যুৰ পিছত কটন বিশ্ববিদ্যালয়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। দুৰ্ঘটনাত নিহত কমলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত অনা হয়। ইতিমধ্যে তেওঁৰ পৰিয়াল আৰু কটনৰ ছাত্ৰ-ছাত্ৰীসকল জি এম চি এইচত উপস্থিত অৱস্থাৰ বুজ লয়। পৰিয়ালৰ লোকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে কমলৰ মৃতদেহ লৈ যোৱা হয় লক্ষীমপুৰৰ বাসগৃহলৈ। 

আনহাতে বাদ্যশিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে কটনৰ অনুষ্ঠান বাতিল কৰিছে উদ্যোক্তাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভৰলুমুখ থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও আজিও আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে অলপতে মহানগৰীৰ বেতকুছিৰ ডিটিঅ' কাৰ্যালয়ৰ সমীপত অলপতে অজ্ঞাত গাড়ীৰ খুন্দাত সুমিত বড়ো নামৰ লোকজনৰ মৃত্যু হৈছিল। কিন্তু আজিকোপাতি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হোৱা নাই।