Logo
image

দীপৰ বিলত খাদ্যত বিহ দি পক্ষী নিধন কৰা চাহাব আলীক আটক

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত আৰু আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা দীপৰ বিলত খাদ্যত বিহ দি পৰিভ্ৰমী চৰাই নিধন কৰি অহা এজন দুৰ্বৃত্তক সোমবাৰে বিয়লি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিত দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। বন বিভাগৰ হাতত আটক হোৱা চৰাই নিধনকাৰী দুৰ্বৃত্তক কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত চিমিনাৰ চাহাব আলী (৪৫)  বুলি চিনাক্ত কৰা হৈছে। 

পেশাত ই -ৰিক্সা চালক চাহাব আলীয়ে দীপৰ বিলৰ কাষৰীয়া আজাৰা হাটখোৱাপাৰাত ভাৰাতীয়া হিচাপে থাকি কিছু নিলগৰ ধাৰাপুৰ চাৰিআলিত ই-ৰিক্সা চলাই অহাৰ সমান্তৰালভাবে দীপৰ বিলত খাদ্যত বিহ দি পৰিভ্ৰমী চৰাই নিধন কৰি আহিছিল। অৱশেষত দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া ধনেশ্বৰ দলেৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে অভিযান চলাই ধাৰাপুৰ চাৰিআলিত চাহাব আলীক আটক কৰিবলৈ সক্ষম হয়। বনকৰ্মীৰ জেৰাত চাহাব আলীয়ে বহুদিনৰ পৰা খাদ্যত বিহ দি পৰিভ্ৰমী চৰাই নিধন কৰি অহাটো স্বীকাৰ কৰিছে।

উল্লেখ্য যে  দীপৰ বিলৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত অইন স্থানৰ পৰা আহি ভাৰাতীয়া হিচাপে থাকি একাংশ লোকে দিনৰ ভাগত ই-ৰিক্সা চলাই যদিও ইয়াৰ সমান্তৰালকৈ এই ই-ৰিক্সাচালকৰূপী দুৰ্বৃত্তই পুৱাৰ ভাগত কিম্বা বিয়লিৰ ভাগত বিলৰ পানীত বিষযুক্ত খাদ্য সামগ্ৰী পেলাই দিয়ে। এই বিষযুক্ত খাদ্য ভক্ষণ কৰি পৰিভ্ৰমী চৰাইসমূহ তৎক্ষণাত মৃত্যুমুখত পৰে। এই সম্পৰ্কত চৰাই নিধনকাৰী দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দীপৰ বিল সুৰক্ষা মঞ্চ আৰু দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ ফালৰ পৰা বন বিভাগক আহ্বান জনোৱা হৈছিল।