Logo
image

ৰাজনীতিয়ে আমুৱাইছেঃ নগাঁৱৰ পৰা চাৰিবাৰকৈ সাংসদ হোৱা ৰাজেন গোহাঁয়ে ক'লে, "নিৰ্বাচন খেলি এই বয়সত হাৰিবলৈ মন নাই"

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ বৃহৎ সংখ্যক মুছলমান ভোটাৰ থকা স্বত্বেও একেৰাহে চাৰিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ এতিয়া আস্থা নাই সমষ্টিটোৰ ওপৰত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ বাবে হামৰাও কঢ়া ৰাজেন গোঁহাই এইবাৰ উদাস সমষ্টিটোক লৈ।

ৰাজ্যত কংগ্ৰেছৰ জয় জয় ময় ময় থকাৰ সময়তো নগাঁও লোকসভা সমষ্টিত একেৰাহে বিশ বছৰ আধিপত্য অব্যাহত ৰাখিছিল বিজেপি সাংসদ ৰাজেন গোহাঁইয়ে। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক কূটকৌশলত গোহাঁই নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয়। তাৰফলত উক্ত নিৰ্বাচনত বিজেপিয়ে নগাঁও লোকসভা সমষ্টি ২০ বছৰৰ পিছত হেৰুৱাব লগীয়া হয়।  নগাঁও লোকসভা সমষ্টিত এতিয়া বিজেপিৰ অৱস্থা 'একালৰ বৃন্দাবন একালত পৰে চন'ৰ দৰে। নগাঁও লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে কোনো আগবাঢ়ি অহা নাই। লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে নাই কোনো প্ৰাৰ্থীৰ কুচকাৱাজ, নাই তৎপৰতা । কাৰণ নগাঁও লোকসভা সমষ্টিত বিজেপিৰ বিজয়ৰ বাবে কোনো ধৰণৰ সমীকৰণ নাই। 

সমষ্টি পুনৰ গঠনত নগাঁও লোকসভা সমষ্টিত প্ৰভুত্ব হেৰুৱাই পেলালে হিন্দু ভোটাৰে। এতিয়া বিজেপিৰ পুৰণা চাম নিশ্চিত যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কোনো কাৰণতে নগাঁও সমষ্টি উদ্ধাৰ কৰিব নোৱাৰে। সোমবাৰে নগাঁৱত সাংবাদিকে প্ৰাক্তন সাংসদজনক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বকলৈ সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "নিৰ্বাচন খেলি এই বয়সত মোৰ হাৰিবলৈ মন নাই৷" নগাঁও লোকসভা সমষ্টিত দলীয় টিকট বিচাৰিব নেকি বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে নগাঁৱত নিৰ্বাচন নেখেলো বুলি কয়৷ অৱশ্যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতা নাথাকিলে নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ কিছু সম্ভাৱনা থকা বুলিও কয় ৰাজেন 
গোহাঁয়ে ৷ 

উল্লেখযোগ্য যে  সমষ্টি পুনৰনিৰ্ধাৰণ তালিকা প্ৰকাশৰ সময়তে নগাঁও লোকসভা সমষ্টিটোক সংখ্যাধিক্য মুছলমান ভোটাৰৰ সমষ্টি কৰাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছিল ৰাজেন গোহাঁই। এনে কাৰ্যৰ প্ৰতিবাদো কৰিছিল। আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰিছিল। সেই ক্ষোভতে ৰাজ্য চৰকাৰে কেবিনেট মৰ্যাদাৰে প্ৰদান কৰা এটা নিগমৰ চেয়াৰমেনৰ পদো ত্যাগ কৰিছিল গোহাঁয়ে। পিছত অৱশ্যে মুখ্যমন্ত্ৰী আৰু  বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বুজনিত ক্ষোভ নিৰাময় হয় যদিও ৰাজেন গোহাঁইক মৰ্যাদাৰে দলত সংস্থাপনৰ দিশত একো পদক্ষেপ লোৱা দৃষ্টিগোচৰ নহ'ল। এইবাৰৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত কোনো প্ৰাৰ্থিত্বৰ দাবীদাৰ নথকা বাবে প্ৰাক্তন সাংসদজনক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। দলে প্ৰাৰ্থিত্ব আগবঢ়ালেও বলিৰ পাঠা হ'বলৈ যে ৰাজেন গোহাঁই আগবাঢ়ি নাহে সেই কথা তেওঁৰ মন্তব্যত স্পষ্ট হৈ পৰিছে ।