Logo
image

কাইলৈ কৃষক সন্মান নিধিৰ ষষ্ঠদশ কিস্তি ভাৰ্চুৱেলী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিয়লি ৪ বজাত মহাৰাষ্ট্ৰৰ যৱতমলৰ পৰা পিএম কিষাণ উৎসৱ দিৱস কাৰ্যসূচীৰে আয়োজিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ষষ্ঠদশ কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যৰ কৃষি কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। 

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) ৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ ২০০০ টকাকৈ তিনিটা কিস্তিত বছৰি ৬০০০ টকা আগবঢ়োৱা হয়। পিএম-কিষাণ আঁচনিৰ অধীনত ১৫ নং কিস্তিত ৰাজ্যখনৰ ১২.১৬ লাখ যোগ্য কৃষক পৰিয়ল লাভান্বিত হৈছ। উল্লেখ্য যে পিএম কিষাণ আঁচনিৰ ১৬ নং কিস্তিৰ অধীনত প্ৰায় ১৫ লাখৰো অধিক যোগ্য কৃষক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব।
 
কৃষকৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ তথা কৃষিখণ্ডৰ সামগ্ৰিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত নীতিগত পদক্ষেপেৰে ভাৰত চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। উল্লেখ্য যে বৰ্তমানলৈকে এই আঁচনিৰ জৰিয়তে প্ৰাপ্ত কিস্তিৰে যোগ্য কৃষকসকলে কৃষিখণ্ডত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হৈছে।