Logo
image

যান-বাহন নিয়ন্ত্ৰণ আইন সকলোৰে বাবে একে নহয় কিয়

অসমত যান-বাহন নিয়ন্ত্ৰণ আইন যথেষ্ট কঠোৰভাৱে কাৰ্যকৰী কৰা বুলি চৰকাৰে দাবী কৰি আহিলেও এই দাবীৰ প্ৰতি সৰ্বসাধাৰণ আশ্বস্ত হ’ব পৰা নাই৷ ৰাজধানী গুৱাহাটীত শেহতীয়াকৈ নিয়ন্ত্ৰণহীন ডাম্পাৰৰ দৌৰাত্ম্যই সাধাৰণ নাগৰিকক সন্ত্ৰস্ত কৰি তোলাৰ বিপৰীতে উদণ্ড ডাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰাত আৰক্ষী প্ৰশাসনৰ লগতে পৰিবহণ বিভাগ সফল হোৱা বুলি ক’ব নোৱাৰি৷ বিগত কেইদিনমানত তীব্ৰবেগী ডাম্পাৰে গুৱাহাটীত কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে৷ কেৱল ডাম্পাৰেই নহয়, নিশাৰ গুৱাহাটীত যান-বাহন আইন উলংঘা কৰি এচাম চালকে ৰাজপথত যি সন্ত্ৰাসৰ সৃষ্টি কৰে, তাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ নাগৰিকে৷ গুৱাহাটীত ডাম্পাৰৰ চালকৰ অতপালিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে বাহনৰ গতি হ্ৰাস কৰাৰ বাবে পৰিবহণমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চালকলৈ কৰযোৰে অনুৰোধ জনাবলগীয়া হোৱাটো হাস্যকৰ হিচাপে বিবেচিত হৈছে৷ প্ৰশ্ন হয়, পৰিবহণমন্ত্ৰীৰ এই অনুৰোধৰ প্ৰতি কেইখন ডাম্পাৰৰ চালকে সঁহাৰি জনাব? সঘনে ৰাজপথত ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো আৰক্ষী তথা প্ৰশাসনে কিয় তীব্ৰ বেগত চলাচল কৰা এই বাহনবোৰক নিয়ন্ত্ৰণৰ পৰা বিৰত থাকে, সেয়া ৰহস্যৰ বিষয়৷ নম্বৰ প্লেট অবিহনে চলাচল কৰা ডাম্পাৰ দেখিও নেদেখাৰ ভাও ধৰে আৰক্ষী আৰু পৰিবহণ বিভাগে৷ বহু সময়ত ডাম্পাৰৰ মালিক আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, ৰাজনৈতিক নেতা আৰু প্ৰভাৱশালী ব্যৱসায়ী হোৱাত প্ৰশাসনে ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ থমকিবলগীয়া  হয়৷ গুৱাহাটীৰ ট্ৰেফিক ছিগনেল পইণ্টবোৰত চিচি কেমেৰা স্থাপন কৰাৰ পাছতো এনেবোৰ ঘটনা কেনেদৰে সংঘটিত হয়? নে কেমেৰাৰ ফুটেজ নিয়মিত পৰীক্ষা কৰা নহয়? যদি নহয়, তেন্তে কেমেৰা লগোৱাৰ অৰ্থই ক’ত? 
কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা হিট এণ্ড ৰান গোচৰৰ ক্ষেত্ৰত চালকক সৰ্বোচ্ছ ১০ বছৰ কাৰাদণ্ড আৰু ৭ লাখ টকা জৰিমনা আদায় লোৱা হ’ব বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল৷ কিন্তু শেহতীয়াকৈ গুৱাহাটীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত দুৰ্ঘটনা সংঘটিত কৰা চালকৰ বিৰুদ্ধে উল্লেখিত আইন অনুসৰি ব্যৱস্থা লোৱা হৈছেনে? গুৱাহাটীৰ ৰাজপথত সময়ে সময়ে যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলোৱা দেখা যায়৷ এই অভিযান সকলোৰে ক্ষেত্ৰত চলোৱা নহয় কিয়? –এই প্ৰশ্ন সৰ্বসাধাৰণৰ৷  বিগত বছৰটোত যান-বাহন আইন উলংঘা কৰা লোকৰ পৰা অভিলেখসংখ্যক জৰিমনা সংগ্ৰহ কৰা বুলি চৰকাৰৰ তথ্যতে প্ৰকাশ পাইছে৷ এনেধৰণৰ জৰিমনা তীব্ৰবেগী ডাম্পাৰবোৰৰ চালকেও ভৰিবলগীয়া হয়নে? যদি নহয়, তেন্তে স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় হ’ব যে চৰকাৰৰ যান-বাহন নিয়ন্ত্ৰণ আইন সকলোৰে ক্ষেত্ৰত একে নহয় নেকি? তীব্ৰবেগী ডাম্পাৰৰ সমস্যা কেৱল গুৱাহাটীৰে নহয়,  ৰাজ্যৰ আন ঠাইতো ডাম্পাৰ চালকৰ অতপালিৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা যায়৷ কিন্তু ৰাজপথত অতপলি চলোৱা এইসকল চালক শাস্তিৰ পৰা সাৰি যোৱাটো দুৰ্ভাগ্যৰ বিষয়৷ গুৱাহাটীত উদণ্ড দুচকীয়া বাহনৰ চালকক নাকী লগোৱাত যান-বাহন নিয়ন্ত্ৰণ শাখা কিছু সফল হোৱা বুলি ক’ব পাৰি যদিও ডাম্পাৰ চালকৰ অতপালি এতিয়াও নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাই৷ গুৱাহাটীত চলি থকা বহু ডাম্পাৰ চালকে অনুজ্ঞাপত্ৰ অবিহনেই বাহন চলাই থকাৰো অভিযোগ শুনা যায়৷ দুৰ্ঘটনা সংঘটিত কৰা চালকক জৰিমনা আৰু কাৰাদণ্ড বিহাৰ লগতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত একাধিকবাৰ দুৰ্ঘটনা সংঘটিত কৰা চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰা হ’লেও চালকসকল কিছু সতৰ্ক হ’ব বুলি ভাবিব পাৰি৷ কিন্তু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকী যদি কোনো প্ৰভাৱশালী ব্যক্তি হয়, তেন্তে সেই বাহনৰ চালকে শাস্তিৰ পৰা ৰেহাই পোৱাটো সাধাৰণ কথা৷ এনে চালকবোৰৰ কাকো পৰোৱা নকৰা মনোভাবৰ বাবে ৰাজপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থাকে৷ যান-বাহন আইন সকলোৰে বাবে একে হোৱা উচিত৷ আইন উলংঘা কৰাজন যিয়েই নহওক কিয়, তেওঁৰ বিৰুদ্ধেও আনসকলৰ দৰে ব্যৱস্থা লোৱা উচিত৷  এনে কৰিলেহে যান-বাহন নিয়ন্ত্ৰণ আইন সফল হোৱা বুলি ক’ব পৰা যাব৷