Logo
image

মানুহৰ বন্ধু কেঁটেলা পহুক ৰক্ষা কৰোঁ আহক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ অসমীয়া নাৰীয়ে নোৱৰা যে একো কাম নাই তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে গুৱাহাটীৰ সমীপৱৰ্তী এটা অঞ্চলৰ একাংশ মহিলাই৷ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত মহানগৰীৰ নাতিদূৰত অৱস্থিত ডিমৰীয়াৰ তেতেলীগুৰি গাঁৱৰ মহিলাসকল এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ঘৰৰ কামৰ সমান্তৰালভাৱে গাঁওখনৰ মহিলাসকলে দুষ্প্ৰাপ্য কেঁটেলা পহু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি বিভিন্নজনৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ গুৱাহাটী  মহানগৰীৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ আঁতৰৰ ডিমৰীয়াৰ তেতেলীয়াৰ তেতেলীগুৰি গাঁৱৰ লগতে কাষৰীয়া অঞ্চলৰ মহিলাসকলে দুষ্প্ৰাপ্য পহুবিধৰ সংৰক্ষণৰ বাবে ঘৰে ঘৰে জনসজাগতা সৃষ্টিৰে প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে৷ উল্লেখ্য, কেঁটেলা পহুক বিশ্বৰ দুষ্প্ৰাপ্য প্ৰাণীৰ তালিকাভুক্ত কৰা হৈছে৷ আমচাং আৰু পবিতৰাৰ গাতে লাগি থকা তেতেলীগুৰি গাঁও তথা সমগ্ৰ অঞ্চলটো পূৰ্বে কেঁটেলা পহুৰ অন্যতম বিচৰণভূমি আছিল৷ এক কথাত নিশাচৰ কেঁটেলা পহুৰ প্ৰিয় খাদ্য হৈছে কচু৷ অঞ্চলটোত প্ৰচুৰ কচুগছ থকাত খাদ্যৰ সন্ধানত প্ৰায়ে পাহাৰৰ পৰা নামি আহিছিল দুষ্প্ৰাপ্য পহুবিধ৷ কিন্তু সজাগতাৰ অভাৱত স্থানীয়া একাংশ লোকে কেঁটেলা পহুৰ মাংসত ঔষধি গুণ থকা বুলি প্ৰচাৰ কৰি উক্ত পহুসমূহক হত্যা কৰি ভক্ষণ কৰিছিল৷ বৰ্তমান গাঁওখনলৈ কেঁটেলা পহুৰ আগমণ প্ৰায় কমি আহিছে যদিও গাঁওখনৰ বহু লোকৰ ঘৰে ঘৰে আছে কেঁটেলা পহুৰ কাঁইট৷ অৱশ্যে শেহতীয়াকৈ হ’লেও অঞ্চলটো দুষ্প্ৰাপ্য কেঁটেলা পহুৰ বিচৰণভূমি বুলি অৱগত হোৱাত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰকৃতি প্ৰেমী নয়নমণি হাজৰিকাই স্থানীয় মহিলাসকলক কেঁটেলা পহু সন্দৰ্ভত সজাগ কৰে৷ অধিবক্তা হাজৰিকাৰ প্ৰচেষ্টাতে তেতেলীগুৰি গাঁৱৰ মহিলাসকলে কেঁটেলা পহু সংৰক্ষণৰ ক্ষেত্ৰত এতিয়া হাতে-কামে নামি পৰিছে৷ মহিলাসকলে ঘৰে ঘৰে গৈ কেঁটেলা পহু কিয় সংৰক্ষণ কৰিব লাগে, দুষ্প্ৰাপ্য পহুবিধক হত্যা কৰিলে আইন অনুসৰি কি শাস্তিৰ বিধান আছে সেই সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা চলোৱা দেখা গৈছে৷ এই উদ্দেশ্যেৰে দেওবাৰে কেঁটেলা পহু সংৰক্ষণ সন্দৰ্ভত তেতেলীগুৰি লোমসোম পথাৰ গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত স্থানীয় মহিলাসকলে এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ অঞ্চলটোৰ শতাধিক মহিলা উপস্থিত থকা সজাগতা সভাত সৰবৰহী মহিলা মামণি দাসে কয়– ‘কিছুদিন আগলৈকে আমাৰ ইয়াত উপলব্ধ বৰকচু খাবলৈ প্ৰায়ে আহিছিল কেঁটেলা পহু৷ শব্দ শুনিলেই কেঁটেলা পহু অহাৰ উমান পায় ৰাইজে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে একাংশ লোকে কেঁটেলা পহু হত্যা কৰি ভক্ষণ কৰাও দেখা গৈছিল৷ গাঁওসমূহত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত কচুখেতিৰ অনিষ্ট সাধন কৰা কেঁটেলা পহুৰ আগমণ হ্ৰাস পাইছে যদিও পাহাৰত আজিও পহুবিধৰ উপস্থিতি দেখা পোৱা যায়৷ সেয়েহে কেঁটেলা পহু সংৰক্ষণৰ বাবে অঞ্চলটোৰ মহিলাসকলে ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে৷’ সভাত কেঁটেলা পহুক দুষ্প্ৰাপ্য বন্যপ্ৰাণী প্ৰজাতিৰ তালিকাত স্থান দিয়াৰ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী আইনজ্ঞ নয়নমণি হাজৰিকাই কয়– ‘জৈৱ বৈচিত্ৰৰে ভৰপূৰ তেতেলীয়াগুৰি গোহাঁইগাঁও হৈছে হিমালয়ান কেঁটেলা পহুৰ অন্যতম বিচৰণ ভূমি৷ পৰিতাপৰ বিষয় দুষ্প্ৰাপ্য পহুবিধ মাংস বা ঔষধৰ বাবে হত্যা কৰাৰ অভিযোগ আছে৷ কিন্তু ভাৰতৰ বন্যপ্ৰাণী আইনৰ ২০২২ চনৰ সংশোধনী অনুসৰি কেঁটেলা পহুক দুষ্প্ৰাপ্য পহুৰ প্ৰথম শ্ৰেণীৰ তালিকাত স্থান দিছে৷ আইন অনুসৰি কেঁটেলা পহু হত্যা কৰিলে ৩ বছৰৰ পৰা জ্জ বছৰ কাৰাবাসৰ বিধান আছে৷ গতিকে ৰাইজক পহুবিধ সংৰক্ষণৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ৷ যাতে দুষ্প্ৰাপ্য পশুবিধে মানুহৰ সৈতে সহৱস্থান কৰিব পাৰে৷’ লক্ষণীয়বাৱে দুষ্প্ৰাপ্য কেঁটেলা পহুৰ বসতিস্থল হিচাপে বিবেচিত গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলটো আজিও যেন উন্নয়নে ধুকি পাবলৈ বহু দূৰ বাকী৷ বিধায়ক অতুল বৰাৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ লোকসকলে বন্যহস্তীয়ে প্ৰায়ে সন্ত্ৰাসৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যপ্ৰাণীয়ে ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে৷ হাতীৰ আক্ৰমণত অঞ্চলটোৰ তিনিজন লোকৰ মৃত্যু হৈছে৷ হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা তেতেলীয়াগুৰিৰ গোৱালা উপাধিৰ এজন ব্যক্তিৰ দুদিন পূৰ্বে মৃত্যু হয়৷ স্থানীয় সৰবৰহী মহিলা মঞ্জু ডেকাই বন্যহস্তীৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে৷ স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক অনিল দাস আৰু হাতীৰ আক্ৰমণত ভুক্তভোগী হেমা হাজৰিকাই বন্যহস্তীয়ে ঘৰ-ভেঁটি লণ্ড-ভণ্ড কৰা লোকক ক্ষতিপূৰণ দিয়াৰ বাবেও বন বিভাগক আহ্বান জনায়৷