Logo
image

কাৰাগাৰত মানসিক চিকিৎসা চলিছে ডাঃ সংগীতা, মৃগেনৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা দালাল পশু চিকিৎসক মৃগেন শইকীয়া সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি৷ একেদৰে তোলনীয়া দুই সন্তানক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তয়ো এতিয়া গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিন ধৰি বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে৷ কাৰামুক্তিৰ আশাৰে জামিন বিচাৰি বাৰে বাৰে ব্যৰ্থ হোৱা অভিযুক্তদ্বয়ে কেন্দ্ৰীয় কাৰাগাৰত দিন গণি গণি ভাৰাক্ৰান্ত হৈ পৰছে৷ কিন্তু কাৰাগাৰৰ বন্ধ কুঠৰিত যেন কৃতকৰ্মৰ বাবে অনুতপ্ত দুয়োজন অভিযুক্তই মানসিকভাৱে হতাশাত ভুগিছে৷ যাৰ বাবে দুয়োজন অভিযুক্তই এতিয়া ডিপ্ৰেছনৰ বাবে মানসিক চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া হৈছে৷ কাৰাগাৰ কতৃৰ্পক্ষই সদৰী কৰা অনুসৰি সোণাপুৰস্থিত জিলা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ চিকিৎসকৰ নিৰীক্ষণত আছে দুয়োজন হাইপ্ৰ’ফাইল অভিযুক্ত কাৰাবন্দী৷ উল্লেখ্য, কুখ্যাত ৰাকেশ পালৰ অনুমোদিত দালাল হিচাপে পৰিচিত পশু চিকিৎসক মৃগেন শইকীয়াৰ নামত এপিএছচি নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰাত প্ৰায় ৫ বছৰ ধৰি আত্মগোপন কৰি আছিল৷ শেহতীয়াকৈ ৰাজসাক্ষী হোৱাৰ প্ৰস্তাৱ দি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বিশেষ ন্যায়াধীশৰ আদালতে দালাল মৃগেন শইকীয়াৰ ৰাজসাক্ষীৰ আবেদন অগ্ৰাহ্য কৰিছিল৷ পৰৱৰ্তী সময়ত আদালতে অভিযুক্ত মৃগেন শইকীয়াৰ জামিন আবেদন নাকচ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ অৱশ্যে মৃগেন শইকীয়াই চেন্নাইত মানসিক ৰোগৰ চিকিৎসা চলাই থকাৰ অজুহাতেৰে জামিনৰ আৰ্জি দিছিল যদিও বিশেষ ন্যায়াধীশৰ আদালতে কাৰাগাৰ কতৃৰ্পক্ষক ডাঃ মৃগেন শইকীয়াৰ মানসিক ৰোগৰ চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল৷ বিশেষ ন্যায়াধীশৰ আদালতৰ এই নিৰ্দেশৰ পাছতেই অভিযুক্ত পশু চিকিৎসকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় কাৰাগাৰ কতৃৰ্পক্ষই৷ ইফালে, অবৈধভাৱে তুলি লোৱা দুটিকৈ দেৱশিশুক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত প্ৰায় ৯ মাহ পূৰ্বে গুৱাহাটী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল চেলিব্ৰেটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম৷ গ্ৰেপ্তাৰৰ সময়ত মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তই নিয়মীয়াকৈ এণ্টী ডিপ্ৰেছন টেবলেট সেৱন কৰি থকাৰ কথা ব্যক্ত কৰাও দেখা গৈছিল৷ অৱশ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ আগলৈকে নিজেই মানসিক ৰোগী হৈয়ো নিয়মীয়াকৈ মনোৰোগ বিশেষজ্ঞ হিচাপে আন ৰোগীক চিকিৎসা কৰি থকাৰ বিষয়টোক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ অৱশ্যে পকছ’ আইনৰ ধাৰাত গ্ৰেপ্তাৰ হৈ কাৰাগাৰৰ বন্ধ কুঠৰীত সুদীৰ্ঘ ৯ মাহ বন্দী হৈ থকা মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তয়ো এতিয়া নিয়মীয়াকৈ মানসিক চিকিৎসকৰ নিদান গ্ৰহণ কৰা বুলি কাৰাগাৰ কতৃৰ্পক্ষই জানিবলৈ দিছে৷